নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাল্য বিবাহৰ ক্ষেত্ৰত আৰক্ষী অলপ কঠোৰ হবলৈ বাধ্যঃ জি পি সিং

  • অসমত বাল্য বিবাহ আইন অনুযায়ী ৰোধ কৰা হব!
  • বাল্য বিবাহৰ ক্ষেত্ৰত আৰক্ষী অলপ কঠোৰ হবলৈ বাধ্যঃজি পি সিং

 

নিয়মীয়া বাৰ্তা, ১৬মাৰ্চঃ অসমত বাল্য বিবাহ ৰোধ কৰা হব।আইন অনুযায়ী বাল্য বিবাহৰ ক্ষেত্ৰত আৰক্ষী অলপ কঠোৰ হব।ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ মাজত বিয়পি পৰা এই বাল্য বিবাহ ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে দায়িত্বসহকাৰে কাম কৰি যাব বুলি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আজি ডিব্ৰুগড়ত আয়োজিত এক সংবাদমেলত উল্লেখ কৰে।
বাল্যবিবাহৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে ইতিমধ্যে প্ৰায় চাৰি লাখ গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ইয়াৰে ৮০০০ গোচৰৰ সন্দৰ্ভত ন্যায়ালয়ত অভিযোগ নামা দিবলৈ সক্ষম হৈছে।লগতে সমাগত এপ্ৰিল মাহৰ ভিতৰত পঞ্জীয়ন হৈ থকা সকলো খিনি গোচৰ তদন্ত কৰিবলৈকো প্ৰতিখন আৰক্ষী থানাক নিৰ্দেশ দিয়া বুলিও সঞ্চালক গৰাকীয়ে কয়।আনহাতে অহা ২৩, ২৪, ২৫ মাৰ্চত জি-২০ ডিব্ৰুগড়ত অনুষ্ঠিত হব।ইয়াৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জনে জিলা উপায়ুক্ত সহ অনান্য বিষয়া সকলৰ পৰা প্ৰস্তুতিৰ সন্দৰ্ভত বিতংভাবে বুজ লয়।সমাগত ডিব্ৰুগড়ৰ জি-২০
খুবেই সুন্দৰকৈ অনুষ্ঠিত হব বুলি আশা প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে। লগতে তেওঁ কয় যে এই আন্তঃজাৰ্তিক পৰ্যায়ৰ অনুষ্ঠানে ডিব্ৰুগড়বাসীৰ বাবে এইয়া এক সুবিধালাভৰে এক গৌৰৱময় মুহুৰ্তৰ সাক্ষী হৈ ৰব।আনহাতে আলফাৰ সৈনিক দিৱসৰ বিষয়ে উল্লেখ কৰি বৰ্তমানলৈকে কতো কোনো কূটাঘাত মুলক ঘটনা সংঘটিত নাই বুলি সদৰী কৰি উজনি অসমৰ আৰক্ষী অধীক্ষক সকলক উগ্ৰপন্থীৰ কাৰ্যকলাপৰ লগতে ধন দাবীৰ ওপৰত চোকা নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়াত উগ্ৰপন্থী সংগঠন সমুহৰ ধনদাবীৰ দৰে কাৰ্যকলাপ যথেষ্ট হ্ৰাস পাইছে বুলি কৈ অসম আৰু নাগালেণ্ডৰ আৰক্ষী সৈতে সহযোগিতাৰে আৰু সেনাপতি চি আৰ পি এফৰ সহযোগত আৰক্ষীয়ে উগ্ৰপন্থী বিৰুদ্ধে যুঁজ দিবলৈ সাজু বুলিও উল্লেখ কৰে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like