নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সত্ৰীয়া সঙ্গীত মহাবিদ্যালয়ত ডঃ জগন্নাথ মহন্ত স্মাৰক বক্তৃতা সম্পন্ন

  • ডঃ জগন্নাথ মহন্তই সত্ৰীয়া নৃত্যৰ তাত্বিক দিশৰ অধ্যয়নৰ বাট মুকলি কৰিলে: ডঃ মল্লিকা কন্দলি

নিয়মীয়া বাৰ্তা, ১৭ মার্চ: গুৰুজনাই নিজৰ উদ্ভাৱনী শক্তিৰ বলত সত্ৰীয়া নৃত্যৰ সৃষ্টি কৰিছিল । অসমৰ লোক কলাৰ সমল খিনিক লৈ যি পৰিৱেশ্য কলাৰ সৃষ্টি কৰিলে সেইয়া যুগে যুগে সমাদৃত হৈ থাকিব । অসম সত্ৰীয়া সঙ্গীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা সত্ৰীয়া সঙ্গীতৰ প্ৰথমগৰাকী গৱেষক নৃত্যৰত্ন ডঃ জগন্নাথ মহন্ত স্মাৰক বক্তৃতা প্ৰদান কৰি বিশিষ্ট গৱেষক, সত্ৰীয়া শিল্পী তথা ৰাধগোবিন্দ বৰুৱা মহাবিদ্যালয় ,গুৱাহাটীৰ সহযোগী অধ্যাপিকা ডঃ মল্লিকা কন্দলিয়ে এইদৰে কয় । ডঃ জগন্নাথ মহন্তই সত্ৰীয়া নৃত্যৰ তাত্বিক দিশৰ অধ্যয়নৰ বাট মুকলি কৰি দিয়ে । যি বাটেৰে বাট বুলি নতুন প্ৰজন্মই অধ্যয়ন আৰু অধ্যাপনা কৰিবলৈ সুবিধা পালে । “সত্ৰীয়া নৃত্য সংৰচনাত আংগিক আৰু সাত্বিক অভিনয়” শীৰ্ষক বক্তৃতাৰ প্ৰাৰম্ভতে জগত গুৰুজনাকে সত্ৰীয়া নৃত্যৰ প্ৰথম সংৰচক বুলি উল্লেখ কৰে । তেওঁ কয় যে সংৰচনা মানে উদ্ভাৱনী । এই উদ্ভাৱনী সৃষ্টি কৰিবলৈ প্ৰথমে নিজৰ শৰীৰটোক গঢ়ি তুলিব লাগিব । শৰীৰ, মুখজ , চেষ্টাকৃত, এই কেইটা আংগিক । ডঃ কন্দলিয়ে আংগিক আৰু সাত্বিক অভিনয়ৰ ওপৰত দিয়া পৰিবেশন মূলক বক্তৃতাই অধ্যাপক নিৰ্মল গোস্বামী স্মৃতি প্ৰেক্ষাগৃহত উপস্থিত শ্ৰোতা দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিলে । পুৱা ১০ বজাত নৃত্য বিভাগৰ ছাত্ৰ -ছাত্ৰী সকলে প্ৰস্তুত কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকা নটবৰ উন্মোচন কৰে জৰাবৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জনা মহন্তই । বক্তৃতা অনুষ্ঠানটি উদ্বোধন কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (স্বতন্ত্ৰ ) ৰ অধ্যক্ষ ডঃ উৎপলজ্যোতি মহন্তই । তেখেতে উদ্বোধনী ভাষণত কয় যে যোৰহাটত স্থাপন কৰা এই মহাবিদ্যালয় খনে এচাম গুণী শিল্পী তৈয়াৰ কৰাত নিৰন্তৰ চেষ্টা চলাই আহিছে আৰু সেইদিশত সফল তাও লাভ কৰিছে । নৃত্য ,গীত বাদ্যই মন প্ৰফুল্লিত কৰি তোলে ।

অনুষ্ঠানত মুখ্য অতিথিৰূপে ভাষণ আগবঢ়াই যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্তই কয় যে আমি মানুহক জীয়াই থাকোতেই আদৰ কৰিব নাজানো। সাংস্কৃতিক ৰাজধানী বুলি মুখেৰে কলে নহব , যোৰহাটক আমি মৰম কৰিবলৈ শিকিব লাগিব, ভোগদৈক মৰম কৰিব লাগিব , ভোগদৈক ডাষ্টবিন কৰাৰ পৰা ৰোধ কৰিব লাগিব । লেতেৰা বোৰ ফুটপথলৈ পেলাই নিদি নিজৰ আপোন ঠাই যোৰহাটক আমি এতিয়াৰে পৰা নতুন ৰূপত সজাব লাগিব । যোৰহাট খন উপায়ুক্তৰ নহয় এইখন আপোনালোকৰ । মহাবিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকলে পৰিবেশন কৰা আটকধুনীয়া গায়ন – বায়নত অভিভূত হৈ জিলা উপায়ুক্ত গৰাকীয়ে লগতে কয় যে এই মহাবিদ্যালয়ৰ পৰাই যোৰহাটত এক সাংস্কৃতিক বুনিয়াদ গঢ়ি উঠিব লাগিব যাতে গুৰুদুজনাৰ অপূৰ্ব সৃষ্টিৰাজীৰ যোগেদিও আমি বিশ্ব ৰেকৰ্ড কৰিব পাৰো । প্ৰয়াত ডঃ জগন্নাথ মহন্তৰ সহধৰ্মিনী অঞ্জনা মহন্তই স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানিতত নৃত্য বিভাগৰ ছাত্ৰ -ছাত্ৰী সকলে বাহাৰ নৃত্য পৰিবেশন কৰে । মহাবিদ্যালয়ৰ অধ্যক্ষ শাৰংগপাণি বৰদলৈয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটি আঁত ধৰে অসমীয়া বিভাগৰ প্ৰবক্তা দেৱানন্দ বৰাই । অনুষ্ঠানত অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক দ্বয় ভৱ গোস্বামী , লক্ষ্মী কান্ত মহন্ত , পৰিচালনা সমিতিৰ সভাপতি তথা যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি বিশিষ্ট অধিবক্তা ভৱ গোস্বামী , কৰঙা কাঠবাপু সত্ৰৰ সত্ৰাধিকাৰ প্ৰভাত মহন্ত , বিশিষ্ট বিজ্ঞানী ডঃ পৰাণ বৰুৱা , ডঃ স্মৃতি ৰেখা বৰুৱা বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথ নৰেন বৰগায়ন , আদি কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

 

নবজ্যোতি তামুলী,চিনামৰা

You might also like