উত্তৰ গুৱাহাটী শিক্ষিত লোকৰ ঠাই, বৌদ্ধিক প্রশস্তি ক্ষেত্র৷ এইখন ঠাইৰ পৰাই অসমৰ প্রথম স্নাতক (কলা), প্রথম অভিযান্ত্রিক স্নাতক, প্রথম চিকিৎসা বিজ্ঞানৰ স্নাতক, প্রথম আইনৰ স্নাতক, প্রথম ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া আৰু ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াৰ সৃষ্টি হৈছে৷ এনে এক ৰত্নপ্রসৱা ঠাইৰ পৰাই অসম সাহিত্য সভাৰ চাৰিগৰাকীকৈ সভাপতিৰো সৃষ্টি হৈছে৷ এই ৰত্নপ্রসৱা উত্তৰ গুৱাহাটীৰ বুকুতে উত্তৰ কামৰূপৰ প্রথমখন উচ্চ শিক্ষানুষ্ঠান উত্তৰ গুৱাহাটী মহাবিদ্যালয় প্রতিষ্ঠিত৷ বিদ্যা শিক্ষাৰ অতি উন্নত পৰিমণ্ডলস্বৰূপ এইখন মহাবিদ্যালয়ে বিগত প্রায় তিনি কুৰি বছৰ কালত কিমানগৰাকী কৃতবিদ্য ছাত্র–ছাত্রীক দেশ–জাতিক বিভিন্ন দিশত নেতৃত্ব দিব পৰাকৈ গঢ়ি তুলি আগবঢ়াই দিলে তাৰ হিচাপ ৰখাই কঠিন৷ এনে এখন আগশাৰীৰ মহাবিদ্যালয়ত যোৱা ২০১২ চনৰ জানুৱাৰী মাহৰ পৰাই আমি অধ্যক্ষ ৰূপে দায়িত্ব পালনৰ মাজেৰে সেৱা আগবঢ়োৱাৰ সুযোগ পোৱাটো অতিশয় সৌভাগ্য৷
উত্তৰ গুৱাহাটী মহাবিদ্যালয় ১৯৬২ চনতে প্রতিষ্ঠা লাভ কৰি প্রায় ৩৫ বিঘা মাটি–সম্পত্তিৰে কলা আৰু বিজ্ঞান শাখাক সামৰি এক বৃহৎ প্রতিষ্ঠান ৰূপে শৈক্ষিক সমাজত সুপৰিচিত৷ অৱশ্যে সময়ৰ পৰিৱর্তনৰ লগত সংগতি ৰাখি শ্রেণীকোঠা, গ্রন্থাগাৰ, গৱেষণাগাৰ, সা–সঁজুলি, চৌহদ আদিৰ উন্নয়নৰ ক্ষেত্রত আমাৰ কার্যকালৰ আৰম্ভণিতে কিছু অসুবিধা নোপোৱা নহয়৷ কিন্তু মহাবিদ্যালয়খনৰ শিক্ষক, কর্মচাৰী তথা ছাত্র–ছাত্রীৰ সহায়–সহযোগিতা, স্থানীয় শুভাকাংক্ষী ৰাইজৰ দিহা–পৰামর্শ আৰু বিশেষকৈ কলেজ পৰিচালনা সমিতিৰ পূর্ণ অভিভাৱকত্বত আমি আজিৰ দিনত প্রায়খিনি অসুবিধা আঁতৰাই এক উন্নত বাতাৱৰণ গঢ়ি তোলাত সফল হৈছোঁ৷ প্রতিবছৰে ছাত্র–ছাত্রীৰ বর্ধিত হাৰ, পৰীক্ষাৰ উন্নত ফলাফল, নতুন সা–সুবিধাযুক্ত শ্রেণীকোঠা, গ্রন্থাগাৰ, গৱেষণাগাৰ, সা–সৰঞ্জাম, আন্তঃ আৰু বহিঃ ক্রীড়াৰ ক্ষেত্র নির্মাণ আদিৰে বর্তমানে উত্তৰ গুৱাহাটী মহাবিদ্যালয় সমৃদ্ধ৷ প্রচলিত শিক্ষা ব্যৱস্থাৰ লগতে সমাজৰ বর্ধিত নিবনুৱা সমস্যাৰ প্রতি লক্ষ্য ৰাখি আৰু তাৰ সমাধানকল্পে আমি বিগত ২০১৫ বর্ষতেBachlor of Vocational Courseৰ অধ্যয়ন কেন্দ্র এটা প্রতিষ্ঠা কৰি তাৰ অধীনতBeautification and Hospitality Management আৰুTourism পাঠ্যক্রমৰ প্রশিক্ষণৰো ব্যৱস্থা কৰিছোঁ৷ ইতিমধ্যে এই পাঠ্যক্রম গ্রহণ কৰা বহুকেইগৰাকী ছাত্র–ছাত্রীয়ে বিভিন্ন ক্ষেত্রত আত্মসংস্থাপনো লাভ কৰিছে৷ সেইদৰে বিভিন্ন সমস্যাৰ কাৰণে উচ্চ শিক্ষা আধাতে এৰিবলগীয়া হোৱা বহুতো ছাত্র–ছাত্রীক পুনৰ শিক্ষাগ্রহণৰ সুবিধা দিয়াৰ উদ্দেশ্যে ২০১৫ চনৰ পৰাই মহাবিদ্যালয়খনত ‘কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়’ৰ অধ্যয়ন কেন্দ্র এটাও প্রতিষ্ঠা কৰা হৈছে৷ আগলৈও ছাত্র–ছাত্রী তথা শিক্ষা ক্ষেত্রৰ বিকাশৰ উদ্দেশ্যে বিভিন্ন আঁচনি আৰু কর্মসূচী লোৱাৰ পৰিকল্পনা আমাৰ আছে৷ মাথোঁ এনে পৰিকল্পনাবোৰ কার্যকৰীকৰণৰ ক্ষেত্রত আমাক লাগিব সকলো পক্ষৰে আন্তৰিক সহযোগিতা আৰু সদুপদেশ৷ জয়তু উত্তৰ গুৱাহাটী মহাবিদ্যালয়৷