নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটী মহাবিদ্যালয়

শিক্ষকৰ দৃষ্টিৰে

 

উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্র স্থাপিত হয় ২০১১ চনত৷ সুদীর্ঘ ৯ বছৰ কাল মহাবিদ্যালয়খনে এই অধ্যয়ন কেন্দ্রৰ জৰিয়তে বহুতো বঞ্চিত শিক্ষার্থীক বিভিন্ন বিষয়ত শিক্ষা আহৰণৰ সুযোগ প্রদান কৰি আহিছে৷ অধ্যয়ন কেন্দ্রত প্রচলিত পাঠ্যক্রমসমূহৰ ভিতৰত স্নাতক পর্যায়ত ইংৰাজী, অসমীয়া, ৰাজনীতি বিজ্ঞান, শিক্ষা বিষয় উল্লেখনীয়৷ বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষাৰ তত্ত্বাৱধানত সূচিত হোৱা ডিএলএড D.El.Ed.) পাঠ্যক্রমত বহুসংখ্যক চৰকাৰী বিদ্যালয়ৰ অপ্রশিক্ষণপ্রাপ্ত শিক্ষকে প্রশিক্ষণ লাভ কৰে৷ উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ এই অধ্যয়ন কেন্দ্রৰ তত্ত্বাৱধানৰ দায়িত্বত আছে মহাবিদ্যালয়ৰ বর্তমানৰ অধ্যক্ষ ড০ দিলীপ দাস আৰু সমন্বয়ৰক্ষীৰ দায়িত্বত আছে গণিত বিভাগৰ মুৰব্বী অধ্যাপক ড০ অচ্যুতানন্দ বৰুৱা৷ এওঁলোকৰ সবল নেতৃত্বত মহাবিদ্যালয়ৰ এই অধ্যয়ন কেন্দ্র সফল ৰূপত পৰিচালিত হৈ আছে৷ প্রত্যেক সপ্তাহৰ প্রত্যেকটো ৰবিবাৰে নির্দেশনামূলক শ্রেণীসমূহ অনুষ্ঠিত হয়৷ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপকসকলে নিয়াৰিকৈ শ্রেণীসমূহত পাঠদান কৰি দূৰ শিক্ষার্থীসকলৰ উদ্দেশ্য আহৰণত সহায় কৰে৷ উল্লেখনীয় যে এই অধ্যয়ন কেন্দ্রত শিক্ষা আহৰণ কৰা বহুতো শিক্ষার্থী বর্তমান অসমৰ বিভিন্ন স্থানৰ বিভিন্ন অনুষ্ঠানত কর্মৰত৷ সু–পৰিচালিত অধ্যয়ন কেন্দ্রৰ ব্যৱস্থাপনাই অঞ্চলটোৰ লগতে অসমৰ বিভিন্ন প্রান্তত থকা শিক্ষার্থীক শিক্ষাগ্রহণত উৎসাহ যোগায়৷ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনৰ আগন্তুক নামভর্তিকৰণ সমন্বয়ৰক্ষী বিষয়াৰ সৈতে যোগাযোগ স্থাপনৰ জৰিয়তে সুনিশ্চিত কৰিব পাৰিব৷
হূদয়ানন্দ বৰা, সহকাৰী অধ্যাপক

১৯৬২ খ্রীষ্টাব্দৰ ৪ ছেপ্ঢেম্বৰত স্থানীয় এচাম উদ্যমী যুৱকৰ নেতৃত্বত আৰু শিক্ষানুৰাগী ৰাইজৰ আন্তৰিক সহযোগত মহান লক্ষ্য, উচ্চ আদর্শ, সীমাহীন ত্যাগ আৰু অক্লান্ত পৰিশ্রমৰ ফলত জন্মলাভ কৰিলে জ্ঞানগর্ভা, ৰত্নপ্রসৱা, চিৰযৌৱনা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ে৷ এই কার্যৰ গুৰি ধৰিছিল প্রধানকৈ মনীন্দ্র কুমাৰ বৰুৱা, ভৱকান্ত শর্মা, ভৈৰৱ চন্দ্র শর্মা, নকুল চন্দ্র বৰুৱা প্রমুখ্যে এচাম উচ্চশিক্ষিত যুৱকে, যিসকলে পৰৱর্তী সময়ত মহাবিদ্যালয়খনত শিক্ষকতাও কৰি ইয়াক পূর্ণ প্রতিষ্ঠিত কৰি তুলিলে৷ এডোখৰ নিজা ভূমি আৰু স্থায়ী গৃহৰ অভাৱত প্রথমাৱস্থাত উত্তৰ গুৱাহাটীৰ প্রাগজ্যোতিষ কলা পৰিষদত কার্যালয় আৰু আউনীআটী কমলদেৱ উচ্চ মাধ্যমিক (বর্তমান উচ্চতৰ মাধ্যমিক) বিদ্যালয়ত শ্রেণীকোঠাৰ বন্দৱস্ত কৰিয়েই চলিছিল উত্তৰ গুৱাহাটী মহাবিদ্যালয়৷ ১৯৬৩ খ্রীষ্টাব্দৰ ২৪ নৱেম্বৰত প্রয়াত বলীন্দ্র কুমাৰ বৰুৱাদেৱে দান ৰূপে আগবঢ়োৱা ৮ বিঘা ভূমিত তদানীন্তন অসমৰ শিক্ষামন্ত্রী দেৱকান্ত বৰুৱাই উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে৷ পৰৱর্তী সময়ত মহাবিদ্যালয়ৰ নিজা ভূমিৰ পৰিমাণ ৩৫ বিঘা হয়গৈ আৰু ১৯৬৬ চনৰ ডিচেম্বৰ মাহৰ পৰা কাঠ–বাঁহ–খেৰেৰে সজা নিজ গৃহতে মহাবিদ্যালয়খনৰ বিদ্যায়তনিক যাত্রা আৰম্ভ হয়৷ উল্লেখ্য যে প্রয়াত কোকিল কুমাৰ বেজবৰুৱাই ভাৰপ্রাপ্ত অধ্যক্ষ ৰূপে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ নেতৃত্ব দিছিল৷ কিন্তু বেজবৰুৱাদেৱে সেই দায়িত্ব এৰিবলগীয়া হোৱাত মনীন্দ্র কুমাৰ বৰুৱাই ‘অসম অভিযান্ত্রিক প্রতিষ্ঠান’ৰ চৰকাৰী স্থায়ী চাকৰি ইস্তফা দি আহি ১৯৬৫ চনৰ পৰা স্থায়ী অধ্যক্ষ ৰূপে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ গুৰি ব’ঠা ধৰে৷ তেখেতৰ প্রচেষ্টা আৰু সবল নেতৃত্বতে মহাবিদ্যালয়খনে পূর্ণ প্রতিষ্ঠা লাভ কৰাৰ লগতে ১৯৬৯ খ্রীষ্টাব্দৰ ছেপ্ঢেম্বৰ মাহৰ পৰা চৰকাৰৰ পৰা ঘাটি মঞ্জুৰি লাভ কৰিবলৈ সক্ষম হয়৷ ১৯৭৯ খ্রীষ্টাব্দত মহাবিদ্যালয়ৰ বিজ্ঞান শাখা আৰম্ভ হয় আৰু মনীন্দ্র কুমাৰ বৰুৱাদেৱৰ কার্যকালতে বিজ্ঞান শাখায়ো ঘাটি মঞ্জুৰি লাভ কৰে৷ সময়ৰ গতিৰ লগত ৰূপান্তৰ সাধন আৰু পৰিপুষ্টিৰে বিদ্যা–শিক্ষা, ক্রীড়া–সংস্কৃতি, ভাষা–সাহিত্য সকলো দিশতে উত্তৰ গুৱাহাটী মহাবিদ্যালয় আজি পৰিপূর্ণ আৰু সুুপ্রতিষ্ঠিত বৌদ্ধিক ক্ষেত্র ৰূপে অসমত পৰিচিত৷ ১৯৬২ খ্রীষ্টাব্দত মাথোঁ ২৫গৰাকী ছাত্র–ছাত্রীৰে পাঠদান আৰম্ভ কৰা মহাবিদ্যালয়খনত আজিৰ তাৰিখত ১৫০০তকৈও অধিক ছাত্র–ছাত্রীয়ে অধ্যয়ন কৰি আছে৷ তাহানিৰ কাঠ–বাঁহ–খেৰৰ গৃহৰ ঠাইত শাৰী শাৰী দুই–তিনি মহলীয়া অট্টালিকাত পাঠদান কার্য চলি আছে৷ ৫/৬গৰাকী অবৈতনিক শিক্ষক–শিক্ষয়িত্রীৰে বিদ্যায়তনিক যাত্রা আৰম্ভ কৰা অনুষ্ঠানখনত বর্তমানে আঢ়ৈ কুৰি প্রচুৰ মেধাসম্পন্ন শিক্ষক–শিক্ষয়িত্রী আৰু কুৰিজন কর্মচাৰীয়ে নিজ কর্মদক্ষতাৰে সেৱা আগবঢ়াই আছে৷ উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পৰা শিক্ষা গ্রহণ কৰি ওলোৱা ছাত্র–ছাত্রীয়ে দেশৰ ৰাজনীতি, প্রশাসনিক ক্ষেত্র, চিকিৎসা সেৱা, নির্মাণ ক্ষেত্র, উদ্যোগ, কলা–সংস্কৃতি, সাহিত্য ক্ষেত্র আদিত দক্ষতাসহ প্রতিষ্ঠিত হৈছে৷ মধ্য অসমৰ ব্রহ্মপুত্রৰ উত্তৰ পাৰৰ উচ্চ শিক্ষাৰ কেন্দ্র ৰূপে বিগত প্রায় তিনি কুৰি বছৰে শিৰ উচ্চ কৰি থিয় হৈ আছে৷ ইতিমধ্যে সোণালী জয়ন্তী বর্ষ গৰকি অহা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত যোৱা ২০১৫–১৬ বর্ষৰ পৰা বৃত্তিমুখী শিক্ষাৰ বিকাশৰ উদ্দেশ্যেB.Voc. পাঠ্যক্রম আৰম্ভ কৰা হৈছে৷ একেটা বর্ষৰ পৰাই মহাবিদ্যালয়ত ‘কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়’ৰ অধ্যয়ন কেন্দ্র এটাও প্রতিষ্ঠা কৰা হৈছে৷ বিভিন্ন কাৰণত অধ্যয়ন আধৰুৱাকৈ সামৰিবলগীয়া হোৱা বহুজন ছাত্র–ছাত্রী ইতিমধ্যে এনেবোৰ কার্যসূচীৰ জৰিয়তে উপকৃত হৈছে৷ মুঠতে উত্তৰ কামৰূপৰ শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক ক্ষেত্র ৰূপে উত্তৰ গুৱাহাটী মহাবিদ্যালয় সমুজ্জ্বল হৈ জিলিকি আছে৷
ড০ তাৰিণীকান্ত হালৈ, সহযোগী অধ্যাপক, প্রাক্তন মুৰব্বী, অসমীয়া বিভাগ

১৯৯৫ চনত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত প্রবক্তা হিচাপে যোগদান কৰি সুদীর্ঘ পাঁচ বছৰ কাল চাকৰি কৰাৰ পিছত ২০০০ চনত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত যোগদান কৰোঁ৷ বর্তমান এই মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত সহযোগী অধ্যাপক তথা বিভাগীয় মুৰব্বী হিচাপে কর্মৰত৷ ২০০০ চনৰ পৰা প্রায় ওঠৰ বছৰ কাল এই মহাবিদ্যালয়ত অধ্যাপনা কৰি বহু অনুভৱ মনৰ মাজত গোট খাইছে৷ উত্তৰ গুৱাহাটী মহাবিদ্যালয় মহাবাহু ব্রহ্মপুত্রৰ উত্তৰে অৱস্থিত, সুন্দৰ প্রাকৃতিক পৰিৱেশেৰে পৰিৱেষ্টিত এখন মহাবিদ্যালয়৷ বর্তমান এই মহাবিদ্যালয়ত পোন্ধৰশৰো অধিক ছাত্র–ছাত্রী আছে৷ এই মহাবিদ্যালয়ত শিক্ষক আৰু ছাত্র–ছাত্রীৰ মাজত এক সু–সম্পর্ক পৰিলক্ষিত হয়, যিটো বহু মহাবিদ্যালয়ত দেখা নাযায়৷ এক কথাত ক’বলৈ গ’লে গুৰু–শিষ্যৰ সম্পর্ক৷ এইখন এনে এখন মহাবিদ্যালয়, য’ত ছাত্র–ছাত্রীয়ে মুকলিকৈ তেওঁলোকৰ প্রতিটো সমস্যা শিক্ষক–শিক্ষয়িত্রীৰ আগত ব্যক্ত কৰিব পাৰে আৰু শিক্ষক–শিক্ষয়িত্রীস প্রতিটো ক্ষেত্রত ছাত্র–ছাত্রীসকলক সহায় কৰিবলৈ সাজু থাকে৷ শিক্ষক হিচাপে আমাৰ প্রধান দায়িত্ব হ’ল ছাত্র–ছাত্রীক জ্ঞান দিয়া আৰু সুপথ দেখুৱাই দিয়া৷ আমি প্রদান কৰা যৎসামান্য জ্ঞানেৰে এইসকল ছাত্র–ছাত্রীয়ে পৰৱর্তী জীৱনত সফলতা লাভ কৰিলে আমাতকৈ সুখী নিশ্চয় আন কোনো নহয়৷ বিদ্যায়তনিক দিশৰ বাহিৰেও আমাৰ বহু ছাত্র–ছাত্রী ক্রীড়া, কলা–সংস্কৃতিৰ দিশতো পাৰদর্শী৷ বহুকেইজন ছাত্র–ছাত্রীয়ে ৰাজ্যিক, ৰাষ্ট্রীয় পর্যায়ত সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে৷ বহু ছাত্র–ছাত্রীৰ মাজত লুকাই থকা প্রতিভাসমূহ বিকাশৰ বাবে আমি চেষ্টা নকৰা নহয়৷ মহাবিদ্যালয়ত থকা এনচিচি, এনএছএছ, ৰেড ৰিবন ক্লাব তথা ইক’ ক্লাব আদিৰ মাধ্যমেদি সামাজিক কামত ছাত্র–ছাত্রীসকলে কিছু পৰিমাণে হ’লেও বৰঙণি দিবলৈ চেষ্টা কৰিছে৷ গ্রাম্য জীৱনৰ প্রভাৱ থকা এই মহাবিদ্যালয়ৰ বহু ছাত্র–ছাত্রী পঢ়া–শুনাৰ প্রতি আগ্রহী হ’লেও আর্থিক দৈন্যই মাজে মাজে হেঙাৰ হিচাপে থিয় নিদিয়া নহয়৷ এইক্ষেত্রত আমি কিছু পৰিমাণে আর্থিক সহায় দি, অতিৰিক্ত শ্রেণীৰ ব্যৱস্থা কৰি তথা পাঠ্যপুথিৰ যোগান ধৰি সহায় কৰিবলৈ প্রয়াস কৰোঁ৷ ছাত্র–ছাত্রীৰ মাজত সোমাই অনুভৱ কৰোঁ কিছু ছাত্র–ছাত্রীৰ মাজত ম’বাইলৰ অবাধ ব্যৱহাৰে কিছু নঞার্থক প্রভাৱ পেলাইছে৷ কিছু ছাত্র–ছাত্রীৰ মাজত ধঁপাত জাতীয় বস্তুৰ ব্যৱহাৰে আমাক হতাশ কৰে৷ কিছু ছাত্র–ছাত্রীৰ শ্রেণীকোঠাত পাঠদানৰ প্রতি অনীহা, শ্রেণীকোঠাত প্রায়ে অনুপস্থিতি আদিয়ে মাজে মাজে আমাক হতাশ নকৰা নহয়৷ এই নিৰাশাজনক দিশবোৰ আঁতৰাবলৈ আমি ব্যৱহাৰিক দিশত চেষ্টা নকৰা নহয়৷ যেতিয়া প্রাক্তন ছাত্র বা ছাত্রী এগৰাকী আগবাঢ়ি আহি কেতিয়াবা কয় ‘বাইদেউ আপোনাৰ পাঠদান আমাৰ ভাল লাগিছিল, আপুনি দিয়া উপদেশ–পৰামর্শবোৰ্ আমাৰ জীৱনত কাম কৰিলে’ তেতিয়া অকণমান সময়ৰ বাবে হ’লেও মনটো সন্তুষ্টিৰে ভৰি পৰে৷ মনে মনে গর্ববোধ নকৰাও নহয়৷
শেষত অৱসৰৰ দিনলৈকে মহাবিদ্যালয় তথা ছাত্র–ছাত্রীৰ নিমিত্তে কাম কৰি যাবলৈ দৃঢ় সংকল্পবদ্ধ হৈছোঁ৷ ছাত্র–ছাত্রীক যৎকিঞ্চিত জ্ঞান দি যাতে জীৱনৰ সুপথত আগবাঢ়ি যোৱাৰ বাট দেখুৱাব পাৰোঁ, এই আশাকে বুকুত বান্ধি আগবাঢ়িছোঁ৷
ড০ বণিমা তালুকদাৰ, মুৰব্বী অধ্যাপিকা, ৰাজনীতি বিজ্ঞান বিভাগ

১৯৬২ চনত স্থাপিত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত মই চাকৰিত যোগদান কৰোঁ ২০০০ চনত৷ আৰু ঠিক তেতিয়াৰে পৰা মহাবিদ্যালয়খনৰ গতিময় সপোন আৰু প্রচেষ্টাত ময়ো সাঙোৰ খাই পৰিলোঁ৷ ৩৫ বিঘাৰ এটি মনোমোহা স্থলত অৱস্থিত এই মহাবিদ্যালয়খনে আৰু সেই নান্দনিক পৰিৱেশতে আমি লগ পাওঁ ওচৰৰ অঞ্চলসমূহৰ পৰা ঢ়াপলি মেলা নানা জাতি–ধর্মৰ ছাত্র–ছাত্রীসকলক৷ আজিৰ তথাকথিত জটিলতাৰ পৰিপ্রেক্ষিতত আমি আজিৰ দিনতো সহজ–সৰল, নির্ভেজাল পৰিৱেশ এটাত কর্মত ব্রতী হ’বলৈ সুযোগ পাওঁ৷ অৱশ্যে মহাবিদ্যালয়খনে নানা ধৰণৰ প্রত্যাহ্বান যেনে– নতুন শিক্ষানীতিৰ ভিত্তিত তৈয়াৰ কৰা পাঠ্যক্রম ছাত্র–ছাত্রীক বোধগম্য কৰা, শিক্ষকৰ খালী ঠাই পূৰণ কৰা, যাতায়াতৰ সমস্যা আদিৰ সন্মুখীন হ’ব লগা হয়৷ তাৰ মাজতো আমাৰ ছাত্র–ছাত্রীক সুপ্রতিষ্ঠিত আৰু সৎ, চৰিত্রৱান কৰি এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে আমি কর্মৰত আৰু এয়াই আমাৰ প্রয়াস৷ পিছে এই প্রয়াসক ফলৱতী কৰিবলৈ লাগিব গৱেষণা, প্রচেষ্টা আৰু শ্রমেৰে সিক্ত এখন সুপৰিকল্পিত আঁচনি৷ ৰাইজৰ অনুপ্রেৰণাত আৰু ছাত্র–ছাত্রীৰ সহযোগত এই প্রচেষ্টাতে ব্রতী উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পৰিয়ালবর্গ৷
ড০ মালসী চৌধুৰী, সহযোগী অধ্যাপিকা, ইংৰাজী বিভাগ

You might also like