নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্র ৫ শতাংশ ভাৰতীয় শিক্ষার্থীকহে মার্কিন বিশ্ববিঃত নামভর্তিৰ অনুমতি ট্রাম্পৰ

🔹 ভাৰতীয় শিক্ষার্থীৰ আমেৰিকান ড্রীমছৰ সমাপ্তি !

নিউজ ডেস্ক, ৭ অক্টোবৰ : আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ শুল্ক নীতিয়ে ভাৰতক বিমোৰত পেলোৱাৰ পাছত এইবাৰ ট্রাম্পৰ নতুন শিক্ষা নীতিয়েও শ’লঠেকত পেলাব ভাৰতীয় শিক্ষার্থীক৷ ট্রাম্পৰ নতুন শিক্ষা নীতিয়ে আমেৰিকা যুক্তৰাষ্ট্রত অধ্যয়ন কৰিব বিচৰা ভাৰতীয় শিক্ষার্থীৰ ক্ষেত্রত জটিলতা নমাই আনিব৷ ট্রাম্পৰ নতুন শিক্ষা নীতিত দেশখনৰ বিশ্ববিদ্যালয়সমূহত বিদেশী শিক্ষার্থী অন্তর্ভুক্তৰ ক্ষেত্রত নতুন নির্দেশনাৱলী জাৰি কৰা হৈছে৷ সেইমর্মে আমেৰিকা যুক্তৰাষ্ট্রৰ বিশ্ববিদ্যালয়ত ১৫ শতাংশ বিদেশী শিক্ষার্থী অন্তর্ভুক্ত কৰা হ’ব৷

শিক্ষা নীতিত কোনো এখন বিদেশী ৰাষ্ট্রৰ বাবে মাত্র ৫ শতাংশ নির্ধাৰণ কৰা হৈছে৷ অর্থাৎ আমেৰিকাৰ বিশ্ববিদ্যালয়ত ভাৰতৰ মাত্র ৫ শতাংশ শিক্ষার্থীয়েহে নামভর্তি কৰিব পাৰিব৷ ট্রাম্পৰ এই নতুন নির্দেশনাই ভাৰতীয় শিক্ষার্থীৰ আমেৰিকাত বিশ্ববিদ্যালয়ত অধ্যয়নৰ ক্ষেত্রত প্রত্যাহ্বান নমাই আনিব৷ ট্রাম প্রশাসনে ৯খন বিশ্ববিদ্যালয়ত এই নতুন শিক্ষা নীতি মানি চলিবলৈ নির্দেশ দিছে৷

বিশ্ববিদ্যালয়কেইখনে যদি ফেডাৰেল চৰকাৰৰ পুঁজি লাভ কৰি থাকিব বিচাৰে তেতিয়াহ’লে আন্তর্জাতিক শিক্ষার্থীৰ ক্ষেত্রত ট্রাম্পৰ নতুন শিক্ষা নীতি মানিবই লাগিব৷ ট্রাম্পে নির্ধাৰণ কৰি দিয়া বিশ্ববিদ্যালয়কেইখন হৈছে আৰিজনা বিশ্ববিদ্যালয়, ব্রাউন বিশ্ববিদ্যালয়, ডার্টমাউট বিশ্ববিদ্যালয়, মাছাছুছেট ইনষ্টিটিউট অৱ টেকন’লজী (এমআইটি), পেনছিলভেনিয়া বিশ্ববিদ্যালয়, ছাউদার্ন কেলিফ’র্নিয়া বিশ্ববিদ্যালয়, টেক্সাছ বিশ্ববিদ্যালয়, ভার্জিনিয়া বিশ্ববিদ্যালয় আৰু ভাণ্ডাৰবিল্ট বিশ্ববিদ্যালয়৷

ট্রাম্পৰ নতুন শিক্ষা নীতিয়ে সর্বাধিক ক্ষতিৰ সন্মুখীন কৰিব ভাৰতীয় শিক্ষার্থীক৷ কিয়নো বিদেশী শিক্ষার্থীৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্রত সর্বাধিক ভাৰতীয় শিক্ষার্থীয়ে নামভর্তি কৰে৷ আমেৰিকাৰ বিশ্ববিদ্যালয়ত বিদেশী শিক্ষার্থীৰ ৩৫ শতাংশই ভাৰতীয়৷ এনে ক্ষেত্রত নতুন শিক্ষা নীতিয়ে ভাৰতৰ বাবে মাত্র ৫ শতাংশ নির্ধাৰণ কৰাত বাকী শিক্ষার্থীৰ ক্ষেত্রত বহু জটিলতা নামি আহিব৷ ভাৰতৰ লগতে চীনৰো ৩৫ শতাংশ শিক্ষার্থী আমেৰিকাৰ বিশ্ববিদ্যালয়ত নামভর্তি কৰে৷ ট্রাম্প প্রশাসনে নির্ধাৰণ কৰি দিয়া ৯ বিশ্ববিদ্যালয়ত ভাৰতীয় শিক্ষার্থী বঞ্চিত হ’লে এনে শিক্ষার্থীসকলে অধিক ব্যয়বহুল বিশ্ববিদ্যালয়ত নামভর্তিৰ বাবে চেষ্টা চলাব লাগিব৷ লক্ষণীয় যে উল্লেখিত ৯ বিশ্ববিদ্যালয় ভাৰতীয় শিক্ষার্থীৰ বাবে সুবিধাজনক৷

You might also like