অজিত ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰিঃ বিভাগীয় ব্যৱস্থাহে হৈছে, অপৰাধমূলক ব্যৱস্থা হ’বলৈ বাকী আছে– মুখ্যমন্ত্রী ড০ শর্মা
- অজিত ভূঞাক এতিয়ালৈ আৰক্ষীয়ে সন্দেহৰ আওতাত অনা নাই
- ভূঞাই অভিযুক্ত বিষয়াক ৰক্ষণাবেক্ষণ দি থাকিলে, তেওঁ নিজেই কেলেংকাৰিত জড়িত থকাটো প্রমাণিত হ’ব
- অভিযুক্ত বিষয়াই ভূঞা জড়িত বুলি স্বীকাৰোক্তি দিলে বিষয়টো পৰৱর্তী পর্যায়ত আহিব
নিয়মীয়া বাৰ্তা, ২০মাৰ্চ: ৰাজ্যসভাৰ সদস্য অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰি সন্দর্ভত অভিযুক্ত বিষয়াৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থাহে হৈছে, অপৰাধমূলক ব্যৱস্থা হ’বলৈ এতিয়াও বাকী আছে৷– এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সাংসদ ভূঞাই তেওঁৰ সাংসদ পুঁজিৰ পৰা বাট–পথ নির্মাণৰ বাবে এখন তালিকা দিছিল৷ সেই তালিকা অনুসৰি বাট–পথৰ কাম হোৱা নাই বুলি গাঁৱৰ ৰাইজে অভিযোগ দিছে৷ সাংসদ ভূঞাই যদি ভাবে ইয়াত কিবা ৰাজনীতি হৈছে, তেতিয়াহ’লে ভূঞাই তেওঁলৈ এখন পত্র লিখি তেওঁ তালিকা দিয়া পথকেইটা ক’ত আৰম্ভ হৈছে আৰু ক’ত শেষ হৈছে, সেই বিষয়ে জনালেই হয়৷ সেইদৰে অজিত ভূঞাই সাংবাদিকৰ দল লৈ গৈ তেওঁ নির্মাণ কৰা পথকেইটা দেখুৱাই দিলেই হ’ল৷ তদুপৰি এই সন্দর্ভত চৰকাৰে নিলম্বন কৰা বিষয়াকেইজনেই কৈছে তেওঁলোকৰ পৰা জাল চেক লৈ গৈছে৷ তেওঁলোকৰ নামত অন্য ব্যক্তিয়ে চেকত চহী কৰিছে৷ তেওঁলোকে চেকত চহী কৰা নাই বুলি দিছপুৰ থানাত এজাহাৰো দাখিল কৰিছে৷ সেয়ে সমগ্র ঘটনা অধিক সন্দেহৰ আৱর্তত সোমাই পৰিছে৷
আনহাতে, অজিত ভূঞাই অভিযুক্ত বিষয়াসকলক ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লগাৰ প্রসংগত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এতিয়ালৈ চৰকাৰে অজিত ভূঞাক অপৰাধীৰ শাৰীলৈ অনা নাই৷ এই মুহূর্তলৈ ভূঞাক আৰক্ষীয়ে সোধা–পোছাও কৰা নাই৷ আৰক্ষীয়ে তেওঁক সন্দেহৰ আওতাতো অনা নাই৷ তৎসত্ত্বেও তেওঁ যদি বিষয়াসকলক ৰক্ষণাবেক্ষণ দি থাকে, তেতিয়াহ’লে তেৱোঁ যে ইয়াত জড়িত হৈ আছে সেইটোহে প্রমাণ হ’ব৷ কাৰণ চৰকাৰে এতিয়াও সাংসদগৰাকীয়ে ভুল কৰা বুলি কোৱা নাই৷ চৰকাৰে বিষয়া আৰু ঠিকাদাৰক তদন্তৰ আওতালৈ আনিছে৷ অৱশ্যে বিষয়াই যদি ইয়াত সাংসদ ভূঞা জড়িত আছে বুলি স্বীকাৰোক্তি দিয়ে, তেতিয়া সেয়া পৰৱর্তী পর্যায়ৰ কথা৷
মুখ্যমন্ত্রীৰ স্পষ্ট কথা– তেওঁ জঁপিয়াই থাকিলে তেওঁৰেই দিগদাৰি হ’ব৷ বিষয়াক ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লগা সাংসদ ভূঞাক সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অজিত ভূঞাই নিজেই কয় তেওঁ ইমানদিন সংগ্রাম কৰিছে৷ ইমানদিন সংগ্রাম কৰা মানুহজনে এতিয়া ঠিকাদাৰ আৰু বিষয়াৰ সমর্থনত কিয় কয়? ইমানদিনে মই যিজন অজিত ভূঞাক জানিছিলোঁ তেওঁ ওলোটা হৈ গ’ল৷ ইমানদিনে তেওঁ বিষয়াক গালি পাৰি আছিল৷ বিষয়াসকলে টকা খায়, বেয়া কাম কৰে, তেওঁলোকক শাস্তি দিব লাগে, জে’ল দিব লাগে, ফাঁচি দিব লাগে কৈ আহিছে৷ এতিয়া আকৌ তেওঁ বিষয়াসকলৰ সমর্থনত কৈ আছে৷ বিষয়া আৰু ঠিকাদাৰৰ সমর্থনত যদি তেওঁ থাকে, তেওঁৰেই বদনাম হ’ব৷
মুখ্যমন্ত্রীক ধন্যবাদ কমলপুৰ–হাজোৰ ৰাইজৰ
ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰে নির্মিত অদৃশ্য পথসমূহক লৈ কমলপুৰ–হাজোৰ ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ পাছতেই দুয়োটা বিধানসভা সমষ্টিতে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই পথ নির্মাণৰ স্থানসমূহত চৰজমিন তদন্ত কৰে৷ তদন্তত অস্তিত্বহীন পথসমূহ প্রত্যক্ষ কৰি তদাৰকী দলটোৱে অসম চৰকাৰক এখন প্রতিবেদন দাখিল কৰে৷ সেই প্রতিবেদনৰ ভিত্তিত অসম চৰকাৰে কালি এগৰাকী আইএএছ বিষয়া আৰু চাৰিগৰাকী এচিএছ বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইক্ষেত্রত গ্রহণ কৰা বলিষ্ঠ পদক্ষেপৰ বাবে কমলপুৰ আৰু হাজোৰ ৰাইজে মুখ্যমন্ত্রী ড০ শর্মাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে৷ অদূৰ ভৱিষ্যতে যাতে কোনো সাংসদ–বিধায়কে নিজৰ পুঁজি ব্যৱহাৰ সম্পর্কত অনিয়ম সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে দুয়োটা সমষ্টিৰ সচেতন ৰাইজে চৰকাৰক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে হাজো বিধানসভা সমষ্টিৰ অন্তর্গত বর্ণি গাঁও পঞ্চায়তত ৫টা গ্রাম্য পথ নির্মাণত প্রায় এক কোটি টকা, বঙালপাৰা গাঁও পঞ্চায়তত দুটা গ্রাম্য পথ নির্মাণত ৩১ লাখ টকা আবণ্টন কৰিছিল৷ কিন্তু পথ নির্মাণ নকৰাকৈ নির্মাণৰ লগত জড়িত নির্মাণ কমিটীসমূহে সেই ধন লাভ কৰে৷ কমলপুৰ বিধানসভা সমষ্টিৰ মধুকুছিতো অনুৰূপ ধৰণে পথ নির্মাণৰ নামত ১৬ লাখ টকা আবণ্টন কৰিছিল৷ সেই আবণ্টিত সমুদায় ধনো নির্মাণ সমিতিয়ে কোনো কাম নকৰাকৈ আত্মসাৎ কৰে৷