পৌৰ কৰ বৃদ্ধিৰ প্ৰস্তাৱ বাতিলৰ দাবীত পাঠশালাত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ যুৱ ছাত্ৰ পৰিষদৰ
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ শেহতীয়াভাবে অসম চৰকাৰে অসমৰ পৌৰ নিগম আৰু পৌৰ সভাৰ অন্তৰ্গত গৃহ কৰকে আদি কৰি অন্যান্য কৰ অভাৱনীয় হাৰত বৃদ্ধি কৰাৰ প্ৰস্তাৱ বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল দাস স্বাক্ষৰিত স্মাৰক পত্ৰখনত অভাৱনীয় হাৰত পৌৰ কৰ বৃদ্ধিৰ বিষয়টোৰ বিৰুদ্ধাচৰণ কৰি এয়া অতি পৰিতাপৰ বিষয় বুলি উল্লেখ কৰি কয় যে পৌৰ কৰ বৃদ্ধিৰ পূৰ্বে বিভাগীয় কর্তৃপক্ষই প্রতিখন পৌৰ নিগম আৰু পৌৰ সভাত স্থানীয়ভাৱে জনশুনানী আৰু ৰাজহুৱা অভিযোগৰ কোনো গুৰুত্ব নিদি পৌৰ কৰ বৃদ্ধিৰ প্রস্তাব গ্রহণ কৰিছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চৰকাৰৰ এনে জনবিৰোধী কাৰ্য্যৰ গৰিহণা জনাই অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে পৌৰকৰ সন্দৰ্ভত যোৱা ১০ মার্চত জাৰি কৰা জাননী বাতিল কৰাৰ লগতে সামগ্রিকভাবে পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱ তৎকালে বাতিল কৰিবলৈ দাবী জনায়৷ আনহাতে অসম পৌৰসভা আইনক (১৯৫৬) সন্মান জনাই নতুন পৌৰকৰ ধাৰ্য্য কৰাৰ পূৰ্বে সংশ্লিষ্ট পৌৰনিগম বা পৌৰসভাৰ বিষয়া- কৰ্মচাৰীৰ দ্বাৰা জৰীপ কৰোৱাই তাৰ ভিত্তিত কৰৰ নিৰিখ ধাৰ্য্য কৰাৰ লগতে সেই নিৰিখ চূড়ান্ত কৰাৰ পূৰ্বে এমাহৰ সময় দি ৰাজহুৱা শুনানী আৰু ওজৰ আপত্তি গ্ৰহণৰ ব্যৱস্থা কৰিবলৈ স্মাৰকপত্ৰখনত উল্লেখ কৰে৷ বজালীৰ অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে আজি স্মাৰকপত্ৰ প্ৰেৰণ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ দাস, সাধাৰণ সম্পাদক প্ৰাঞ্জল দাস, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মৃদুল তালুকদাৰ, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মন্টু কুমাৰ শৰ্মা, বাবুল আলী, দিগ্বীজয় ডেকা, হীৰেন পাটগিৰি, প্ৰনৱ ৰয়, বিদ্যুৎ মালাকৰ, প্ৰনৱ কলিতা আৰু জিতু ৰয় উপস্থিত থাকে৷
প্ৰেৰকঃ কল্যাণ কলিতা