অজিত ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰিঃ ক্ষোভত ফাটি পৰিছে ভুক্তভোগী ৰাইজ
নিয়মীয়া বাৰ্তা, ২০মাৰ্চ: হাজো-ৰঙিয়া-বাইহাটা-গড়চুকত আৱণ্টিত হৈছিল অজিত ভূঞাৰ সাংসদ পুঁজিৰ ধন। কিন্তু পথ নিৰ্মাণ হ’ল কেৱল ফটোশ্বপতহে। বাস্তৱত নপৰিল এচপৰাও মাটিও। চিএম ভিজিলেন্সৰ তদন্ত পোহৰলৈ অহা এই ভয়ানক কেলেংকাৰীৰে জড়িত IAS-ACS বিষয়াক ইতিমধ্যে নিলম্বন কৰা হৈছে।
ইয়াৰ পাছতে ক্ষোভত ফাটি পৰিছে সাধাৰণ জনতা। তেওঁলোকৰ এটাই দাবী এইসকল দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে লওক কঠোৰ ব্যৱস্থা। লগতে সঠিক তদন্তৰ বাবে স্থানীয় ভুক্তভোগী ৰাইজে এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে।
অজিত ভূঞাৰ সাংসদ পুঁজিৰ ধনক লৈ বিয়াগোম কেলেংকাৰী। কিন্তু ইমানৰ পাছতো ভূঞাৰ ৰাজনৈতিক দল জাতীয় দল অসমৰে হাত মিলাইছে কংগ্ৰেছে। লগতে অজিত কুমাৰ ভূঞা নিৰ্দোষী বুলি নিজেই বিচাৰ দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এয়া সাংসদজনৰ বিৰুদ্ধে অভিসন্ধি বুলি অভিযোগ তৰিলে।