দৰঙৰ লোজোৰা বৰবৰুৱা বাসুদেৱ সত্রৰ অনুষ্ঠানত আদর্শ মাতৃ মৃণালিনী দেৱী
- মানৱতাবাদ সনাতন ধর্মৰ মূল আধাৰ
নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ: ‘ভাৰতীয় সভ্যতা–সংস্কৃতি আৰু আধ্যাত্মিক শিক্ষা প্রদানৰ আধাৰত বর্তমান বৈজ্ঞানিক মনস্কতাৰে নতুন প্রজন্মক শিক্ষা–দীক্ষা দিব পাৰিলেহে ভৱিষ্যতে সেইসকল দেশৰ সুনাগৰিক আৰু প্রকৃতার্থত মানুহ হ’ব পাৰিব৷’ – এই অভিমত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰাজ্যিক সভাপতি, অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি তথা আদর্শ মাতৃ মৃণালিনী দেৱীৰ৷ দৰং জিলাৰ লোজোৰা বৰবৰুৱা বাসুদেৱ সত্রত দুদিনীয়াকৈ অনুষ্ঠিত ভাগৱত পাঠ অনুষ্ঠানত দিয়া ভাষণত তেওঁ ব্যাসদেৱ ৰচিত অন্তিম পুৰাণ শাস্ত্র ভাগৱত পুৰাণৰ ব্যাখ্যা কৰে৷ আদর্শ মাতৃগৰাকীয়ে ভাৰতীয় সভ্যতা, পৰম্পৰা, ঐতিহ্য আৰু সনাতন মার্গৰ পুৰুষোত্তম অৱতাৰী পুৰুষ শ্রীকৃষৰ মুখনিসৃত গীতা শাস্ত্রৰ শ্লোকসমূহৰ বাণী ভক্তৰ মাজত বিলাই সভাগৃহটোত ভক্তিৰসৰ নিজৰা বোৱাই দিয়ে৷ তেওঁ পুৰাতন চাৰি যুগ সত্য, দ্বাপৰ, ত্রেতা আৰু কলি যুগৰ মাহাত্ম্য বর্ণনা কৰি ভক্তিবাদ, শ্রৱণ, কীর্তন, দাস্য, সখিত্ব, ভজন বন্দনৰ জৰিয়তে মানৱীয় জ্ঞান, বুদ্ধি, বিবেচনা, সত্য, ৰজ, তম গুণৰ অধিকাৰী হ’ব পাৰে বুলি কয়৷ তেওঁ মানৱতাবাদক সনাতন ধর্মৰ মূল আধাৰ বুলি উল্লেখ কৰে৷