নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাষা–সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ অংগীকাৰবদ্ধ হ’ব লাগিব প্রতিগৰাকী অসমীয়া

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ: গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ৰসৰাজ বেজবৰুৱা শাখা সাহিত্য সভাৰ সহযোগত দেওবাৰে দিনজোৰা কার্যসূচীৰে গোৱালপাৰা জিলাৰ ধূপধৰাৰ খুঁটাবাৰীত অসম সাহিত্য সভাৰ ‘কেন্দ্রীয় সাহিত্য দিৱস’ উদযাপন কৰা হয়৷ খুঁটাবাৰীৰ শ্রীশ্রী চতুর্ভুজ নামঘৰ প্রাংগণত উদযাপন কৰা কেন্দ্রীয় সাহিত্য দিৱসৰ কার্যসূচী অনুসৰি, দুপৰীয়া ১২ বজাত অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হয় কেন্দ্রীয় সাহিত্য দিৱসৰ মুকলি সভা৷ এই মুকলি সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি মৃণালিনী দেৱীয়ে৷

অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি মৃণালিনী দেৱীয়ে মুকলি সভা উদ্বোধন কৰি কয়– তাহানিৰ ভাষা–সাহিত্যৰ একনিষ্ঠ সাধক, মহান মনীষীসকলে কঠোৰ পৰিশ্রম কৰি আধ্যাত্মিক ধ্যান–ধাৰণাৰ মাজেৰে মানৱীয় প্রমূল্যবোধক ভিত্তি কৰি অসমীয়া ভাষা–সাহিত্য ক্ষেত্রখন টনকিয়াল কৰি থৈ গৈছে৷ আমি আজি সেই মহান মনীষী, ভাষা–সাহিত্যৰ একনিষ্ঠ সাধকসকলৰ আদর্শ, চিন্তাধাৰা মূল্যহীন কৰি পেলোৱা যেন অনুভৱ হৈছে৷ তেওঁলোকে যি ধৰণেৰে অসম সাহিত্য সভাৰ মান, ভাষা–সাহিত্যৰ মর্যাদা সুস্থ–সবল কৰি থৈ গৈছে, আমি কিন্তু সেই ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাই৷ গতিকে আমি অসম সাহিত্য সভাৰ তাহানিৰ আদর্শৱান, একনিষ্ঠ সাধক, অসমীয়া ভাষা–সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ অহোপুৰুষার্থ কৰা মহান মনীষীসকলৰ আদর্শ গ্রহণ কৰিব লাগিব৷ অসমীয়া ভাষা–সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ প্রতিগৰাকী অসমীয়াই অংগীকাৰবদ্ধ হ’ব লাগিব৷ সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্রহণ কৰি নিখিল ৰাভা সাহিত্য সভাৰ প্রধান সম্পাদক ৰাজকুমাৰ ৰাভাই অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলক অসমত বসবাস কৰা প্রতিটো জাতি–জনগোষ্ঠীৰ ভাষাসমূহৰ শব্দকোষসমূহ সংগ্রহ কৰি অসমীয়াক মূল ভাষা হিচাপে লৈ বহুভাষিক অভিধান প্রণয়ন কৰিবৰ বাবে আহ্বান জনায়৷

ভাষণ প্রসংগত তেওঁ উল্লেখ কৰে যে অসমৰ আঠটা জনগোষ্ঠীৰ উদ্যোগত ইতিমধ্যে আঠটা জনগোষ্ঠীয় ভাষাৰ লগতে অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাক লৈ মুঠ এঘাৰটা ভাষাৰে বহুভাষিক অভিধানৰ কাম চলি আছে৷ ইংৰাজীক মূল ভাষা হিচাপে লৈ প্রণয়ন কৰা অভিধানখন শীঘ্রে প্রকাশ পাব বুলি তেওঁ উল্লেখ কৰে৷ নিখিল ৰাভা সাহিত্য সভাৰ প্রধান সম্পাদক ৰাজকুমাৰ ৰাভাৰ অনুৰোধক সমর্থন আৰু সন্মান জনাই সভাপতিৰ আসনৰ পৰা অসম সাহিত্য সভাৰ সভাপতি ড০ হাজৰিকাই কয়– অসম সাহিত্য সভাই ইতিমধ্যে অসমীয়াক মূল ভাষা হিচাপে লৈ অসমৰ জনগোষ্ঠীয় ভাষাৰ শব্দকোষসমূহক লৈ বহুভাষিক অভিধান প্রণয়নৰ পৰিকল্পনা যুগুত কৰিছে, লগতে জনগোষ্ঠীয় ইতিহাস গ্রন্থ ৰচনাৰ পৰিকল্পনা কৰা হৈছে৷ ইয়াৰ কাম শীঘ্রে আৰম্ভ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে৷

ইপিনে, সভাত মুখ্য অতিথি ৰূপে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কুলধৰ শইকীয়াই ভাষণত গোৱালপাৰা তেওঁৰ অতি আপোন বুলি উল্লেখ কৰে৷ তদুপৰি সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্রাক্তন প্রধান সম্পাদক যাদৱ চন্দ্র শর্মা, সন্মানীয় অতিথি হিচাপে আমজোঙাৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয়ৰ অধ্যক্ষ নৱজ্যোতি শর্মাই ভাষণ দিয়ে৷ সভাত যুব বক্তা অসীম কছাৰীয়ে তেওঁৰ ভাষণত লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাসমূহ নতুন প্রজন্মই যাতে সহজতে পাব পাৰে, তাৰ ব্যৱস্থা কৰিবৰ বাবে আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ শব্দ, ব্যাকৰণ, যুক্তাক্ষৰ আদি শুদ্ধ ৰূপত প্রকাশ কৰিবৰ বাবে অসম সাহিত্য সভাক অনুৰোধ জনায়৷ এই সভাতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মাৰক গ্রন্থ ‘ৰসৰাজ’ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাই৷

ইপিনে, সভাত গোৱালপাৰা জিলা সাহিত্য সভাই প্রৱর্তন কৰা ডাঃ ৰূপ কুমাৰ ঘোষ সাহিত্য বঁটা প্রদান কৰা হয় গোৱালপাৰা মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক উত্তম শর্মাক আৰু জ্ঞান শংকৰ খাখলাৰী সাহিত্য বঁটা প্রদান কৰা হয় যুৱ লেখক মাণিক পালক৷ পুৱাৰ ভাগত গোৱালপাৰা জিলাৰ অন্তর্গত অসম সাহিত্য সভাৰ আজীৱন সভ্য, হিতৈষী সভ্য আৰু পৰম হিতৈষী সভ্যৰ মিলন সমাৰোহ অনুষ্ঠিত হয়৷ গোৱালপাৰা জিলা সাহিত্য সভাৰ বিদায়ী উপ–সভাপতি ভাস্কৰ চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত মিলন সমাৰোহখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ–সভাপতি ডাঃ গিৰীশ সন্দিকৈয়ে৷

You might also like