নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত পৌৰ কৰ হ্রাসৰ সিদ্ধান্ত

  • ঘৰুৱা ক্ষেত্ৰত ৮৫% লৈকে আৰু ব্যৱসায়িক ক্ষেত্ৰত ৭৫% লৈকে কৰ হ্ৰাসৰ ঘোষণা:

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ: ৰাজ্যত চৰকাৰে শেহতীয়াকৈ পৌৰসভা এলেকাৰ গৃহ আৰু বাণিজ্যিক প্ৰতিষ্ঠান সমূহৰ ওপৰত জাপি দিয়া বৰ্ধিত পৌৰ কৰ প্ৰত্যাহাৰৰ দাবীত বিগত দিনকেইটাত নাহৰকটীয়া চহৰত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কাৰ্যসূচী অব্যাহত থকাৰ সময়তে কালি নাহৰকটীয়াৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত হয় এক বিশেষ সভা।নাহৰকটীয়া পৌৰ সভাৰ সভানেত্রী পম্পী সাহা, নাহৰকটীয়াৰ বিধায়ক তথা পৌৰ সভাৰ পদেন সদস্য তৰংগ গগৈ, পৌৰসভাৰ বিষয়ববীয়া আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধিকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাৰ আলোচনাৰ অন্তত নাহৰকটীয়া পৌৰসভাই বৰ্দ্ধিত পৌৰকৰ ঘৰুৱা ক্ষেত্ৰত ৮৫ শতাংশলৈকে আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ৭৫ শতাংশলৈকে কৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি সংবাদ মাধ্যমক অৱগত কৰে বিধায়ক তৰঙ্গ গগৈয়ে।ইফালে সভাত দল সংগঠনৰ প্ৰতিনিধিসকলে পৌৰকৰৰ ক্ষেত্ৰত ডি এচ আৰ (Delhi schedule of rates) কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰি দিয়ে। আনহাতে পৌৰকৰ হ্ৰাস কৰা সিদ্ধান্তৰ পিছত পূৰ্বতে বৰ্ধিত পৌৰকৰ বাতিলৰ দাবীত আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ২৭ মাৰ্চ অৰ্থাৎ আজি আহ্বান জনোৱা বিক্ষোভ কাৰ্যসূচী বাতিল কৰা হয় বুলি এক বিবৃত্তি যোগে জানিবলৈ দিছে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ত্ৰিদিব শইকীয়া আৰু সাধাৰণ সম্পাদক নিপু ভূঞাই । উল্লেখযোগ্য যে এই সংক্ৰান্তত আজি নাহৰকটীয়া পৌৰসভাৰ কায্যালয়ত এক সংবাদমেলত পৌৰসভাই সবিশেষ দাঙি ধৰে। এই অনুসৰি ভৱনৰ ক্ষেত্ৰফল/নিৰ্মান বছৰ/আবাসীক/ বাণিজ্যিক/গঠনৰ প্ৰকাৰৰ সংশোধনীৰ বাবে দাবী আৰু ওজৰ আপত্তি জনাব পাৰিব। একেদৰে কৰৰ ক্ষেত্ৰত আবাসীক/বাণিজ্যিক ক্ষেত্ৰত ২০২১ বা তাৰ পিছত নিৰ্মাণ কৰিলে নতুন ভৱনৰ ওপৰত ৫০% ৰেহাই, ২০০০ চনৰ পৰা ২০২০ ভিতৰত নিৰ্মাণ কৰা আবাসীক ভৱনৰ ক্ষেত্ৰত ৮৫% ৰেহাই, ২০০০ চনৰ আগত নিৰ্মাণ কৰা ভৱনৰ ক্ষেত্ৰত ২০% ৰেহাই, ২০১৩ ৰ পৰা ২০২০ৰ ভিতৰত নিৰ্মাণ কৰা বাণিজ্যিক ভৱনৰ ক্ষেত্ৰত ৭৫% ৰেহাই, ২০০০ ৰ পৰা ২০১২ৰ ভিতৰত নিৰ্মাণ কৰা বাণিজ্যিক ভৱনৰ ক্ষেত্ৰত ৫০% ৰেহাইৰ কথা উল্লেখ কৰি ২০০০ চনৰ পূৰ্বে নিৰ্মাণ কৰা বাণিজ্যিক ভৱনৰ ক্ষেত্ৰত কোনোধৰণৰ ৰেহাইৰ ব্যৱস্থা নকৰাৰ কথা ঘোষণা কৰে।

You might also like