নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ যুৱ সমাজ কৰ্মী জনাৰ্দন বড়োৰ তত্বাৱধানত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ – বৌদ্ধিক সমাজত শিল্পী আৰু সাংস্কৃতিক কৰ্মী উদ্ভাৱনৰ ৰক্ষ্যৰে কামৰূপ জিলাৰ বকোত জনাৰ্দন বড়োই আয়োজন কৰিছে মানৱ সম্পদ গঢ়া এক বিশেষ আন্দোলন। সেই লক্ষ্যৰে বিগত বছৰবোৰৰ দৰে এই বৰ্ষও আজি আয়োজন কৰে চিত্ৰাংকন প্ৰতিযোগিতাৰ। আজি দিনৰ এঘাৰ বজাত বকো মজলীয়া বিদ্যালয় প্ৰাংগনত মুঠ দুইশ পঞ্চাশ গৰাকী ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা চিত্ৰাংকন প্ৰতিযোগিতা খন আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে জনাৰ্দন বড়োই। বকোৰ চিত্ৰশিল্পী তথা আৰ্ট শিক্ষক ৰূপেন ৰাভা ; পূৰ্ণিমা পাল ; পুলক দাস ; কৌশিক কলিতা ; মনোজ ৰাভা ; ফনিন্দ্ৰ ৰাভাকে ধৰি বহু কেইজন শিক্ষকে সহযোগ আগবঢ়োৱা চিত্ৰাংকন প্ৰতিযোগিতাত এক বৌদ্ধিক আন্দোলনৰ সৃষ্টি হয়। ইফালে জনাৰ্দন বড়োই জনোৱা মতে ; অহা ১৫ এপ্ৰিল অৰ্থাৎ ১ ব’হাগৰ দিনা অনুষ্ঠিত বিশ্ব সুকুমাৰ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হ’ব ক’লা বীথিকা আৰু কাব্যকানন প্ৰাচীৰ পত্ৰিকা উন্মোচনী অনুষ্ঠান। উক্ত দিনাই আজিৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল আৰু বঁটা বিতৰণ কৰা হ’ব।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like