নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যিকোনো মূল্যৰ বিনিময়ত ডিব্ৰুগড় চহৰক খহনীয়াৰ পৰা বচাবলৈ আমি বদ্ধ পৰিকৰঃ মন্ত্ৰী পীযুষ হাজৰিকা

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ: কিছুদিন পূৰ্বে ডিব্ৰুগড়ৰ চহৰৰ কয়লাঘাটত প্ৰায় ২২০ মিটাৰ দৈৰ্ঘ্যৰ গড়াখহনীয়াৰ সৃষ্টি হৈছিল। সেই সময়ত ক্ষীপ্ৰতাৰে জিঅবেগ আৰু পাৰ্কুপাইন ইত্যাদিৰ ব্যৱহাৰেৰে এই খহনীয়া প্ৰতিৰোধৰ কাম কৰা হৈছিল। বৰ্তমানেও পূৰ্ণ গতিত এই কাম চলি আছে।আজি এই স্থানত ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ সাম্প্ৰতিক পৰিস্থিতি পৰ্যবেক্ষন কৰাৰ লগতে প্ৰতিৰোধ তথা অনাগত বাৰিষাৰ সময়ত যাতে কোনোধৰণৰ খহনীয়া আদিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই স্থানত প্ৰায় আধা কিলোমিটাৰ অংশত পাৰ্কুপাইন বান্ধ আদি প্ৰয়োগ কৰি ভালকৈ প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসন আৰু ডিব্ৰুগড়ৰ জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে। যিকোনো মূল্যৰ বিনিময়ত ডিব্ৰুগড় চহৰখনক খহনীয়াৰ প্ৰকোপৰ পৰা বচাবলৈ আমি বদ্ধ পৰিকৰ বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
আজিৰ এই পৰিদৰ্শন কালত বিধায়ক প্ৰশান্ত ফুকন, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপি,জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজখোৱাকে প্ৰমুখ্যে জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like