নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ক্রিকেট সংস্থাত ২ পদ খালী

অসম ক্রিকেট সংস্থা(Assam Cricket Association)ত খালী হৈছে ২ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিAssam Cricket AssociationৰSecretary–এ এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী হোৱা পদ ২টা হৈছেJunior Engineer (1), Accounts Assistant (1)৷Junior Engineer পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্তTechnical Instituteৰ পৰাCivil Engineeringৰ ডিপ্ল’মাধাৰী আৰুConstruction CompanyতSite Engineer হিচাপে ২ বছৰীয়া কর্ম অভিজ্ঞতা থকাৰ লগতেAuto Cade, Site Layout, Utility Design, Erosion Controlৰ বিষয়ে জ্ঞান থকা হ’ব লাগিব৷Accounts Assistant পদৰ প্রার্থীB.Com. (Accountancy)ৰ ডিপ্ল’মাধাৰী আৰুCA/Audit Firmত কর্ম অভিজ্ঞতা থকাৰ লগতেTally, GST, Income Tax, Accountingৰ বিষয়ে জ্ঞান থকা হ’ব লাগিব৷ বয়স ৩৭ বছৰ৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ বাবে অসম ক্রিকেট সংস্থাৰ ৱেবছাইটhttp://www.assamcricket.com লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন ঠিকন To The Secretary, Assam Cricket Association, ACA Stadium, Barsapara, Guwahati-781018 (Assam)লৈ প্রেৰণ কৰিব লাগিব৷ ই–মেইলrecruitment.assamca @gmail.comযোগেও আবেদন দাখিল কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৪ এপ্রিল, ২০২৩৷

You might also like