ৰামটাঙোন : বিদ্যুতৰ মাহিলি ফিক্সড চার্জ ১০ টকা বৃদ্ধি
বিশেষ বাৰ্তা, ৩১ মার্চঃ গ্রাহকৰ মূৰত পুনৰ ৰামটাঙোন৷ অহা পহিলা এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ অতিৰিক্ত হাৰত আদায় দিব লাগিব বিদ্যুতৰ বিল৷ অসম বিদ্যুৎ নিয়ামক আয়োগে ২০২৩–২৪ বিত্তীয় বর্ষৰ বাবে আজি বিদ্যুতৰ নতুন নিৰিখ ধার্য কৰিছে৷ সেই অনুসৰি বিদ্যুতৰ সকলো শ্রেণীৰ সংযোগৰ ক্ষেত্রত মাহিলি ফিক্সড চার্জ প্রতি কিলো–ভ’ল্ট (কে ভি) বা কিলোৱাট (কে ডব্লিউ)ত বৃদ্ধি কৰা হৈছে ১০ টকাকৈ৷ যোৱা ৩০ নৱেম্বৰত এপিডিচিএল, এপিজিচিএল, এইজিচিএল আৰু এছএলডিচিয়ে ২০২২–২৩ বর্ষৰ বার্ষিক কার্যক্ষমতা পর্যালোচনাৰ ভিত্তিত বিদ্যুতৰ নিৰিখ সংশোধন কৰিবলৈ জনোৱা আবেদনসমূহৰ ভিত্তিত এই সংশোধনীত অনুমোদন জনায় অসম বিদ্যুৎ নিয়ামক আয়োগে৷ লক্ষণীয়ভাৱে এপিডিচিএলে মাহেকত ফিক্সড চার্জ প্রতি কে ভি বা কে ডব্লিউ ১৫ টকাৰ পৰা ৭৫ টকা পর্যন্ত বৃদ্ধি কৰাৰ প্রস্তাৱ দিছিল৷ কিন্তু অসম বিদ্যুৎ নিয়ামক আয়োগে সকলো শ্রেণীৰ গ্রাহকৰ বাবে মাহিলি ফিক্সড চার্জ প্রতি কে ভি বা কে ডব্লিউত ১০ টকাকৈ বৃদ্ধিত অনুমোদন দিয়ে৷ ইয়াৰ লগে লগে জীৱনধাৰাৰ গ্রাহকে বর্তমানৰ ফিক্সড চার্জ প্রতি কে ভি বা কে ডব্লিউত ৩০ টকাৰ ঠাইত ৪০ টকা, ৫ কে ডব্লিউৰ তলৰ ঘৰুৱা সংযোগৰ ক্ষেত্রত শূন্যৰ পৰা ১২০ ইউনিটত বর্তমানৰ ৬০ টকাৰ ঠাইত ৭০ টকা, ১২১ৰ পৰা ২৪০ ইউনিটৰ ক্ষেত্রত বর্তমানৰ ৬০ টকাৰ ঠাইত ৭০ টকা আৰু বাকী ইউনিটসমূহৰ বাবেও বর্তমানৰ ৬০ টকাৰ ঠাইত মাহিলি প্রতি কে ভি বা কে ডব্লিউৰ ৭০ টকাকৈ আদায় দিব লাগিব৷ সেইদৰে ৫ কে ডব্লিউৰ পৰা ৩০ কে ডব্লিউ পর্যন্ত ঘৰুৱা সংযোগৰ ক্ষেত্রতো এতিয়াৰ ৬০ টকাৰ ঠাইত প্রতি কে ভি বা কে ডব্লিউত ফিক্সড চার্জ ৭০ টকালৈ বৃদ্ধি পাব৷ ০.৫ কে ডব্লিউৰ পৰা ৩০ কে ডব্লিউ পর্যন্ত বাণিজ্যিক সংযোগ, অ–বাণিজ্যিক তথা ঘৰুৱা কামত ব্যৱহাৰ নোহোৱা বিদ্যুৎ সংযোগ, চৰকাৰী প্রাথমিক–মাধ্যমিক– মাধ্যমিক বিদ্যালয়ত থকা সংযোগ, ৰাজহুৱা পোহৰৰ ব্যৱস্থাৰ সংযোগ, ৩০ কে ডব্লিউ পর্যন্ত কৃষিকর্মৰ সংযোগ, ৩০ কে ডব্লিউ পর্যন্ত গ্রামাঞ্চল–চহৰাঞ্চ ক্ষুদ্র উদ্যোগ, ঘৰুৱা, অ–ঘৰুৱা, অ–কৃষিকার্য, কৃষি কার্যৰ সংযোগ, লঘু ইলেক্ট্রিক যান–বাহনৰ চার্জিং ষ্টেচন, ৩০ কে ডব্লিউৰ ওপৰৰ ঘৰুৱা সংযোগ, ৩০ কে ডব্লিউৰ ওপৰৰ বাণিজ্যিক সংযোগ, ৩০ কে ডব্লিউৰ ওপৰৰ শিক্ষানুষ্ঠান, দাতব্য অনুষ্ঠানত থকা সংযোগ, ৫০ কে ভি পর্যন্ত ক্ষুদ্র উদ্যোগত থকা সংযোগ, ৫০ৰ পৰা ১৫০ কে ভি পর্যন্ত উদ্যোগত থকা সংযোগ, ১৫০ কে ভিৰ ওপৰৰ সংযোগ, চাহ–কফী–ৰাবাৰ উদ্যোগত থকা সংযোগ, তেল–কয়লা উদ্যোগৰ সংযোগ, ৩০ কে ডব্লিউৰ ওপৰৰ জলসিঞ্চন ব্যৱস্থাত থকা সংযোগ, অস্থায়ী এইচ টি সংযোগ, ইলেক্ট্রিক শ্মশান, ৰে’লৱে ট্রেকচন আৰু ইলেক্ট্রিক যান–বাহনৰ চার্জিং ষ্টেচনৰ ক্ষেত্রতো অহা পহিলা এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ কে ভি বা কে ডব্লিউত মাহিলি বিদ্যুতৰ ফিক্সড চার্জ ১০ টকাকৈ বৃদ্ধি পাব৷ অৱশ্যে ফিক্সড চার্জ বৃদ্ধি কৰিলেও অসম বিদ্যুৎ নিয়ামক আয়োগে আজি জাৰি কৰা এই সম্পর্কীয় জাননীত সকলো শ্রেণীৰ সংযোগৰ বিদ্যুৎ মাচুল প্রতি ইউনিটত প্রায় ১.২ শতাংশ হাৰে ১০ৰ পৰা ২০ পইচা হ্রাস কৰিছে৷ সেই অনুসৰি জীৱনধাৰাত পূর্বৰ প্রতি ইউনিটত ৫.১৫ টকাৰ ঠাইত নতুন বিদ্যুৎ মাচুল ধার্য কৰা হৈছে ৫.০৫ টকা৷ একেদৰে ৫ কিলোৱাটৰ ঘৰুৱা সংযোগৰ ক্ষেত্রত শূন্যৰ পৰা ১২০ ইউনিট ব্যৱহাৰ কৰা গ্রাহকসকলে প্রতি ইউনিটৰ বাবদ পূর্বৰ ৫.৮০ টকাৰ ঠাইত ৫.৭০ টকা আৰু ১২১ৰ পৰা ২৪০ ইউনিট ব্যৱহাৰ কৰাসকলে প্রতি ইউনিটত বর্তমানৰ ৭.১০ টকাৰ বিপৰীতে ৭ টকাকৈ আদায় দিব লাগিব৷ ইয়াতকৈ বেছি ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰাসকলক ২০ পইচা সকাহ দিয়া হৈছে৷ অর্থাৎ এনে গ্রাহকসকলে বর্তমানৰ ৮.১০ টকাৰ পৰিৱর্তেপ্রতি ইউনিটত দিব লাগিব ৭.৯০ টকাকৈ৷ ৫ কে ডব্লিউৰ পৰা ৩০ কে ডব্লিউ পর্যন্ত ঘৰুৱা বিদ্যুৎ ব্যৱহাৰকাৰীসকলক্ প্রতি ইউনিটত ২০ পইচা, ০.৫ কে ডব্লিউৰ পৰা ৩০ কে ডব্লিউলৈকে বাণিজ্যিক সংযোগৰ ক্ষেত্রত প্রতি ইউনিটত ২০ পইচা, অ–বাণিজ্যিক আৰু অ–ঘৰুৱা সংযোগৰ প্রতি ইউনিটত ১০ পইচা, চৰকাৰী প্রাথমিক–মাধ্যমিক– মাধ্যমিক বিদ্যালয়ত থকা সংযোগত প্রতি ইউনিটত ১০ পইচা, ৰাজহুৱা পোহৰৰ ব্যৱস্থাৰ সংযোগত প্রতি ইউনিটত ১০ পইচা, ৩০ কে ডব্লিউ পর্যন্ত কৃষিকার্যৰ সংযোগত প্রতি ইউনিটত ১০ পইচা, ৩০ কে ডব্লিউ পর্যন্ত গ্রামাঞ্চল–চহৰাঞ্চ ক্ষুদ্র উদ্যোগৰ সংযোগত প্রতি ইউনিটত ১০ পইচা, অস্থায়ী ঘৰুৱা, অ–কৃষিকার্য, কৃষিকার্যৰ সংযোগত প্রতি ইউনিটত ১০ পইচা আৰু লঘু ইলেক্ট্রিক বাহনৰ চার্জিং ষ্টেচনৰ সংযোগত প্রতি ইউনিটত ১০ পইচা বিদ্যুৎ মাচুল হ্রাস কৰা হৈছে৷ এইচ টি কেটেগৰীৰ সকলোধৰণৰ সংযোগতে বিদ্যুৎ মাচুল প্রতি ইউনিটত অহা পহিলা এপ্রিলৰ পৰা ১০ পইচাকৈ হ্রাস পাব৷ অসম বিদ্যুৎ নিয়ামক আয়োগে সদৰী কৰা অনুসৰি এপিডিচিএলে বিভিন্ন শ্রেণীৰ গ্রাহকসকলৰ বাবে বর্তমানে প্রযোজ্য হৈ থকা এফপিপিএ চার্জকে ধৰি প্রতি ইউনিটত বিদ্যুৎ মাচুল ১ৰ পৰা ৩ টকা পর্যন্ত বঢ়োৱাৰ প্রস্তাৱ দিছিল৷ কিন্তু এই প্রস্তাৱ অংশীদাৰ তথা সঁহাৰি দিওঁতাসকলৰ ওজৰ–আপত্তি, পৰামর্শ আৰু অন্যান্য সংশ্লিষ্ট দিশ পর্যালোচনাৰ ভিত্তিত অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত কার্যতঃ নৰজিল৷ তদুপৰি ২০২৩–২৪ বিত্তীয় বর্ষৰ কাৰণে গড় যোগান মূল্য প্রতি ইউনিটত ৯.৫২ টকালৈ বৃদ্ধি কৰাৰো প্রস্তাৱ দিছিল এপিডিচিএলে৷ পিছে এতিয়া এই গড় যোগান মূল্য প্রতি ইউনিটত ৮.০২ টকাহে হ’ব৷ ইফালে, নিৰিখ চূড়ান্ত কৰাৰ ক্ষেত্রত অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে প্রাকৃতিক গেছৰ মূল্য প্রতি এমএমবিটিইউত ২.৯০ আমেৰিকান ডলাৰ হিচাপে গণ্য কৰিছে৷ উল্লেখ্য যে নিৰিখ নির্ধাৰণৰ প্রচলিত ব্যৱস্থা অনুযায়ী অসম বিদ্যুৎ নিয়ামক আয়োগে সকলো শ্রেণীৰ গ্রাহক আৰু অংশীদাৰসকলৰ পৰা কোম্পানীকেইটাই দাখিল কৰা আবেদনৰ ওপৰত আপত্তি তথা পৰামর্শ আহ্বান কৰিছিল৷ যোৱা ২৮ ফেব্রুৱাৰীত এই সম্পর্কত ৰাজহুৱা শুনানিৰো ব্যৱস্থা কৰে৷ কোম্পানীকেইটাৰ আবেদনসমূহৰ ওপৰত সর্বমুঠ ১৭খন আপত্তি–পৰামর্শ পত্র তথা মতামত আহিছিল৷ অসম বিদ্যুৎ নিয়ামক আয়োগে প্রজ্বালকৰ শেহতীয়া মূল্যৰ ভিত্তিত ২০২৩–২৪ বিত্তীয় বর্ষৰ কাৰণে সামগ্রিক উৎপাদন নিৰিখ প্রতি কে ডব্লিউত ৩.৫৮ টকা অনুমোদন জনাইছে৷ লগতে ট্রেন্সমিছন নিৰিখ প্রতি কে ডব্লিউত ০.৫৭ টকাকৈ আৰু এছ এল ডি চি নিৰিখ দৈনিক প্রতি মেগাৱাটত ১০৬.৮৪ টকা অনুমোদন জনায়৷