নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত ৰাইজে সাজিলে বাঁহৰ দলং

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ৰাইজে নখ জোকাৰিলে নৈ বয়, তেনে এক কাম কৰি দেখুবাইলে নগৰবেৰাৰ ৰংঙ্গেশ্বৰীবাসীয়ে। নগৰবেৰাৰ ৰংঙ্গেশ্বৰী-লক্ষণপুৰ সংযোগী জলজলী দেউশিলা নৈৰ ওপৰত ৰাইজে সাজি উলিয়ালে বাঁহৰ দলং, ৰাইজৰ গাঁঠিৰ ধন ব্যয় কৰি নিৰ্মাণ কৰিলে বৃহৎ আকাৰৰ বাহৰ দলংখন। দীৰ্ঘদিনৰ পৰা টুলুঙা নাৱেৰে জলজলী নৈ পাৰাপাৰ হৈ আহিছিল ৰাইজে, পাৰাপাৰৰ ক্ষেত্ৰত যথেষ্ট জটিলতা নামিছিল সকলোৰে। বাৰম্বাৰ স্থানীয় বিধায়িকা কিম্বা চৰকাৰক জলজলী নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰিবলৈ খাটনি ধৰিলে যদিও আজিলৈকে হৈ নুঠিল দলং। যাৰ বাবে ওলাই আহিল ৰাইজ আৰু সাজি উলিয়ালে বাঁহৰ দলংখন। চৰকাৰ জনপ্ৰতিনিধিক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই হাতে-কামে লাগি ৰাইজে গাঁঠিৰ ধন ব্যয় কৰি দুদিনৰ ভিতৰতে নিৰ্মাণ কৰিলে বৃহৎ এখন বাঁহৰ দলং। দেওবাৰে আনুষ্ঠানিকভাৱে মাংঙ্গলিক কাৰ্যসূচীৰে দলং ৰাইজৰ বাবে মুকলি কৰা হয় আৰু দলংখন পাই সকলো আনন্দিত। আগলৈ এই স্থানত পকী দলং এখনৰ দিহা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ দাবী জনাইছে ৰাইজে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like