নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত আৰক্ষীৰ জিম্মাৰ পৰা দুই অভিযুক্তৰ পলায়ন

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিল : নলবাৰী সদৰ থানাৰ আৰক্ষীৰ জিম্মাৰ পৰা আজি দুই অভিযুক্ত পলায়ন কৰা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ মতে আজি নলবাৰী আৰক্ষীয়ে চুৰিকাণ্ড আৰু ড্ৰাগছৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰা দুই অভিযুক্তক স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে নলবাৰী অসামৰিক চিকিৎসালয়লৈ লৈ গৈছিল। অভিযোগ অনুসৰি তেনে সময়তে কৰ্তব্যৰত আৰক্ষীয়ে ফাৰ্মাচীত ঔষধ কিনিবলৈ লওঁতে দুই অভিযুক্তই পলাই দৌৰিবলৈ আৰম্ভ কৰে। স্থানীয় ৰাইজৰ অভিযোগ মৰ্মে এডাল হেণ্ডকাফতে হাত কেৰেয়া লগাই অনা দুই অভিযুক্তই দেৱাল পাৰ হৈ পলায়ন কৰে। ইপিনে পলায়ন কৰা দুই অভিযুক্তৰ এজনক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও বাতৰি লিখা পৰলৈকে এজন অপৰাধীক এতিয়াও কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like