অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ সন্দৰ্ভত বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিল: আজি অৰুণাচল প্ৰদেশৰ ৰয়িঙত অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ অৰ্থে অসমৰ তিনিচুকীয়া আৰু অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাৰ বাবে গঠন কৰি দিয়া আঞ্চলিক সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলৰ উপস্থিতিত জিলা দুখনৰ সীমান্তৱৰ্তী একমাত্ৰ ৰুক্ম অঞ্চলটোৰ সীমা সন্দৰ্ভত এখন বৈঠকত অংশগ্ৰহণ কৰে অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়নমন্ত্ৰী অতুল বৰাই ।
মন্ত্ৰী বৰাই কয় যে ৰুক্ম অঞ্চলটোৰ সীমাৰ সৈতে জড়িত কিছু বিষয়ৰ সমাধানসূত্ৰ সন্দৰ্ভত আজিৰ বৈঠকত আলোচনা কৰা হয়। এই অঞ্চলটোৰ বিভিন্ন এলেকা আজি যুটীয়াভাৱে পৰিদৰ্শনৰ বাবে সূচী নিৰ্ধাৰণ কৰা হৈছিল যদিও প্ৰতিকূল বতৰে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। সেয়েহে অহা ৫ এপ্ৰিলৰপৰা তিনিদিনৰ ভিতৰত দুয়োখন জিলাৰ সংশ্লিষ্ট প্ৰশাসনিক বিষয়াৰ দলে যুটীয়াভাৱে অঞ্চলটো পৰিদৰ্শন কৰি যাৱতীয় প্ৰতিবেদন দাখিল কৰিব। লগতে কয় যে আজিৰ আলোচনাই উক্ত অঞ্চলটোৰ সৈতে সম্পৰ্কিত সীমা সমস্যা মীমাংসাৰ দিশটো যথেষ্ট আগবঢ়াই লৈ গ’ল।
সীমা সমস্যা সন্দৰ্ভত নামচাই ঘোষণাপত্ৰ অনুসৰি দুয়োখন ৰাজ্যই পৃথকে গঠন কৰি দিয়া ১২খনকৈ আঞ্চলিক সমিতিৰ অধিকাংশ সমিতিয়ে নিৰ্দিষ্ট কৰি দিয়া সংশ্লিষ্ট সীমা সন্দৰ্ভত ঐকমত্যত উপনীত হোৱাৰ বিষয়েও সদৰী কৰে মন্ত্ৰী বৰাই।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল ৰাজনৈতিক সদিচ্ছা তথা অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ একান্ত আগ্ৰহৰ বাবেই দুয়োখন ৰাজ্যৰ সীমা সমস্যাই শীঘ্ৰেই সমাধান লাভ কৰিব বুলি উল্লেখ কৰাৰ লগতে শীঘ্ৰেই দুয়োখন ৰাজ্যৰ জনসাধাৰণে এই সন্দৰ্ভত সুখবৰ লাভ কৰিব বুলি মন্ত্ৰী বৰাই কয়।
আজিৰ বৈঠকত অৰুণাচল প্ৰদেশৰ মন্ত্ৰী আল’ লিবাং, শদিয়াৰ বিধায়ক বলীন চেতিয়া, অৰুণাচলৰ বিধায়কদ্বয় গাম টায়েং আৰু মুচু মিথি প্ৰমুখ্যে তিনিচুকীয়া, নামনি দিবাং ভেলী জিলাৰ উপায়ুক্তদ্বয় স্বপ্নিল পাল আৰু সৌম্য সৌৰভ, আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্তসকল তথা দুয়োখন ৰাজ্যৰ অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।