নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ বাতৰিৰ প্ৰভাব! মোহনবাৰী বিমান বন্দৰৰ পৰা নিশা শ্ৰীঘেই চলাচল কৰিব বিমান

 

  • বিমান বন্দৰৰ সবিশেষ প্ৰকাশ পোৱাৰ পাছতেই তৎপৰ হৈ পৰিছে ৰাজ্যৰ সংশ্লিষ্ট বিভাগ!
  • কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক!
  • মোহনবাৰী বিমান বন্দৰৰ পৰা নিশা শ্ৰীঘেই চলাচল কৰিব বিমানঃ ঋতুুপৰ্ণ বৰুৱা

নিয়মীয়া বাৰ্তা,৩এপ্ৰিলঃ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা নিশাৰ ভাগত শ্ৰীঘেই বিমানৰ উৰণ-অৱতৰণ হব।’নিয়মীয়া বাৰ্তা যোৱা ২৮ মাৰ্চত বিগত ১৩ বছৰে বিমান বন্দৰৰ সবিশেষ প্ৰকাশ পোৱাৰ পাছতেই তৎপৰ হৈ পৰিছে ৰাজ্যৰ সংশ্লিষ্ট বিভাগ।অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই আজি নতুন দিল্লীৰ ৰাজীৱ গান্ধী ভৱনত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।বৈঠকত ডিব্ৰুগড় বিমানবন্দৰৰ পৰা নৈশ বিমান সেৱা আৰু যোৰহাট বিমানবন্দৰৰ পৰা নিয়মীয়া বিমান সেৱা সন্দৰ্ভত এক দীঘলীয়া আলোচনা কৰে।বিমান পৰিবহণ মন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত ইতিবাচক মন্তব্য কৰি অতি সোনকালেই ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।এই বৈঠকৰ সময়ত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই,ঋতুপৰ্ণ বৰুৱাক সংগ দিয়ে।অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডকে ধৰি উজনি অসমৰ ৰাইজে দীৰ্ঘ সময়ৰে পৰা ডিব্ৰুগড় আৰু যোৰহাটৰ পৰা নিশাৰ ভাগত বিমান সেৱাৰ দাবী জনাই আহিছে যদিও আজিকোপতি কাৰ্যকৰী হোৱা নাই।অৱশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত বিশেষভাবে উদ্যোগ লোৱাৰ লগতে ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দৃষ্টি ৰখা বুলি অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই ‘নিয়মীয়া বাৰ্তা’ক অৱগত কৰি কয় যে অতি সোনকালেই উজনিৰ ৰাইজৰ প্ৰয়োজন অনুযায়ী ডিব্ৰুগড় আৰু যোৰহাটৰ পৰা নিশাৰ ভাগত বিমান চলাচলৰ ব্যৱস্থা কৰা হ’ব।উল্লেখ্য যে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত ১৩ বছৰৰ পূৰ্বৰে পৰা নিশাৰ ভাগত বিমান উৰণ-অৱতৰণৰ সকলো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সুবিধা উপলব্ধ হোৱাৰ পাছতো কিন্তু আজি পৰ্যন্ত এখনো বিমান নিশাৰ ভাগত উৰণ নহল।স্বাভাৱিকতেই অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই দিল্লীত আজি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে এই সন্দৰ্ভত এক বৈঠকত মিলিত হৈ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাত উজনি অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুনাচল আৰু নাগালেণ্ডৰ জনসাধাৰণে আদৰণি জনাইছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like