মর্নিং কনছাল্টৰ সমীক্ষা: ৭৬ শতাংশ ৰেটিঙেৰে বিশ্বৰ সবাতোকৈ জনপ্রিয় নেতা প্রধানমন্ত্রী নৰেন্দ্র মোদী
- মেস্কিকোৰ ৰাষ্ট্রপতি দ্বিতীয় স্থানত, তৃতীয় স্থানত অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী, ষষ্ঠ স্থানত আমেৰিকাৰ ৰাষ্ট্রপতি
নিয়মীয়া বাৰ্তা, ৪এপ্ৰিল: বিশ্বজুৰি জনপ্রিয়তা অটুট আছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ প্রতিষ্ঠান মর্নিং কনছাল্টে চলোৱা সমীক্ষাত পুনৰ বিশ্বৰ সবাতোকৈ জনপ্রিয় নেতাৰ শীর্ষত আছে প্রধানমন্ত্রী মোদী৷ মর্নিং কনছাল্টে প্রকাশ কৰা সমীক্ষাত ৭৬ শতাংশ ৰেটিঙেৰে প্রধানমন্ত্রী মোদী শীর্ষস্থানত আছে৷ তাৎপর্যপূর্ণ যে বিশ্বৰ সর্বশক্তিমান দেশ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি এই সমীক্ষাত প্রধানমন্ত্রী মোদীতকৈ পাঁচটা স্থান পাছত আছে৷ আন্তর্জাতিক পর্যায়ত প্রধানমন্ত্রী মোদীয়ে গ্রহণ কৰা সিদ্ধান্ত আৰু নীতিৰ বাবেই বিশ্বৰ সবাতোকৈ জনপ্রিয় নেতাৰ ৰেটিঙত বিগত মাহটোৰ দৰে চলিত মাহটোতো শীর্ষস্থান পাইছে মোদীয়ে৷ দ্বিতীয় সর্বাধিক জনপ্রিয় নেতা হিচাপে স্থান লাভ কৰিছে মেক্সিকোৰ ৰাষ্ট্রপতি এন্দ্রেজ মেনুৱেল ল’পেজ অ’ব্রাডৰে৷ মেক্সিকোৰ ৰাষ্ট্রপতিগৰাকীয়ে ৬১ শতাংশ ৰেটিং পাইছে৷ আনপিনে, ৫৫ শতাংশৰে অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী এন্থনী আলবানিজে তৃতীয় স্থান লাভ কৰিছে৷ আমেৰিকাৰ ৰাষ্ট্রপতি বাইডেনে ষষ্ঠ স্থান লাভ কৰাৰ বিপৰীতে গ্রেট ব্রিটেইনৰ প্রধানমন্ত্রী ঋষি সুনাকে ৩৪ শতাংশৰে নৱম স্থান লাভ কৰিছে৷ তালিকাত ১৯ শতাংশৰে ২২ নম্বৰ স্থানত আছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি য়ুন চুক–য়েল৷ উল্লেখ্য যে মর্নিং কনছাল্টে অনলাইনযোগে বিশ্বৰ বিভিন্ন প্রান্তৰ প্রাপ্তবয়স্ক লোকৰ মতামতৰ ভিত্তিত এই জনপ্রিয়তাৰ তালিকা প্রস্তুত কৰিছে৷