নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত বিহুনাচ, ঢোলবাদন কৰ্মশালাৰ সামৰণি

নিয়মীয়া বাৰ্তা, ৪এপ্ৰিল: অসমীয়াৰ প্ৰাণৰো প্ৰাণ চেনেহৰ বহা’গৰ বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী আছে ৷ ইতিমধ্যে ৰাজ্যবাসীয়ে চেনেহৰ বহা’গৰ বিহুটি আদৰিবলৈ সাজু হৈছে ৷ সম্পূৰ্ণ কৰিছে প্ৰস্তুতি  ৷ শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি ৷ ককাল ভাঙি নাচিবলৈ সাজু হৈছে নাচনীসকল ৷ দেখিবলৈ পোৱা গৈছে বহু স্থানত বিহুৰ কৰ্মশালাৰ লগত সংগতি ৰাখি আৰম্ভ হৈছে বিহুৰ আদৰণি পৰ্ব বুলি ক’ব পাৰি ৷ তেনেদৰেই সোমবাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত আয়োজন কৰা বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ লগত সংগতি ৰাখি সামৰণি অনুষ্ঠান বিস্তৃতভাৱে আয়োজন কৰে ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত, বৰগুৰি উপ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ বৰগুৰি যুৱ সংঘৰ সহযোগত সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক নীতিৰ আধাৰত সাংস্কৃতিক দিশটোৰ উত্তৰণ তথা অসমীয়া বাপুতি সাহোন বহা’গৰ বিহুটোক নৱপ্ৰজন্মৰ মাজত শিপাই তোলাৰ উদ্দেশ্যে ৰূপায়ণ কৰা দহ দিনীয়া বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সোমবাৰে সফল সামৰণি পৰে ৷ বৰগুৰি যুৱক সংঘৰ প্ৰেক্ষাগৃহ প্ৰাংগণত প্ৰদান কৰা বিহু নাচ কৰ্মশালাৰ নৃত্যৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ২০২২ বৰ্ষৰ DY বিহুৰাণী সংগীতা ৰাভা আৰু ঢোলৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিদ্যুৎ ফুকন আৰু জিন্তু কটকী৷ স্থানীয় শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰে প্ৰদান কৰা কৰ্মাশালাটোৰ সামৰণি অনুষ্ঠানটোত সকলো শিক্ষাৰ্থীয়ে সুন্দৰকৈ বিহুনাচ আৰু ঢোলবাদন প্ৰদৰ্শন কৰে ৷ পৰৱৰ্তী সময়ত প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰে প্ৰশিক্ষকৰ লগতে ছাত্ৰ সন্থাই ৷ উক্ত বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়া স্থানীয় বহুসংখ্যক ৰাইজৰ উপস্থিতিত জনপ্ৰিয় কণ্ঠশিল্পী নিলাক্ষী নেওগ আৰু মৃদ্বীপৰ সংগীতানুষ্ঠানৰ আয়োজন কৰে ৷ দুয়োগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ সংগীতানুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে নাচি বাগি আনন্দ উল্লাস কৰাৰ পৰিলক্ষিত হয় ৷

 উক্ত অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা ধৰণী গোঁহাই, সাধাৰণ সম্পাদক স্বৰূপ গোঁহাই, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহঃকাৰী সাধাৰণ সম্পাদক সত্যজিৎ বৰগোহাঁই, তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক সঞ্জয় গগৈ, বৰগুৰি যুৱ সংঘৰ সভাপতি নন্দন গোঁহাই, যুৱ সংঘৰ উপ সভাপতি বুলবুল গোঁহাইৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ৷

প্ৰেৰক:-বিবেক বড়া

You might also like