নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় সেউজপুৰ নিবাসী পুষ্পধৰ গগৈ তিনিচুকীয়াত সন্ধানহীন

নিয়মীয়া বাৰ্তা, ৪এপ্ৰিল: ডিব্ৰুগড় সেউজপুৰ নিৰ্বাসী পুষ্পধৰ গগৈ নামৰ এজন মুকবধিৰ লোক সন্ধানহীন হৈ আছে বুলি জানিব দিয়ে পৰিয়ালৰ তৰফৰ পৰা। ৭৫ বছৰীয়া বিবাহিত মুকবধিৰ লোকজন যোৱা ২০ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে। পৰিয়ালৰ তৰফৰ ডিব্ৰুগড় আৰক্ষীক লোকজনৰ সন্ধানহীনৰ সন্দৰ্ভত জনাইছে যদিও বৰ্তমানলৈকে নাই কোনো সন্ধান লাভ কৰা নাই পৰিয়ালে । পুষ্পধৰ গগৈৰ ভাতৃয়ে জানিব দিয়া অনুসৰি ২০ মাৰ্চৰ পুৱাৰ ভাগৰ পৰা সন্ধানহীন হৈ থকা লোক জনৰ কোনো সন্ধানহীন হৈ আছে ৷ বহু খৱৰ খাতি কৰি কৰি অৱশেষত জানিব পাৰিলে এখন বাছত তিনিচুকীয়ালৈ আহি তিনিচুকীয়াৰ ৰাজ্যিক বাছ আস্থানত বাছৰ পৰা নামে ৷ তাৰ পাছত আৰু কোনো সন্ধান লাভ কৰি নাই ৷ গতিকে কোনো সদাশয় লোকে যদি উক্ত লোকজনৰ সন্ধান পায় তেন্তে 7021971503 নম্বৰত যোগাযোগৰ বাবে অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

প্ৰেৰক:-বিবেক বড়া

You might also like