নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূব গোৱালপাৰাত পথাৰত ছিঁৰাল ফাট : পানী বিচাৰি ইৰি খেতিয়কৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল : এফালে বাঢ়িছে বৰষুণৰ প্ৰকোপ সমান্তৰালকৈ পানীৰ অভাৱত ছিঁৰাল ফাট মেলিছে খেতিপথাৰ, জলসিঞ্চনৰ অভাৱত দুখীয়া ধান খেতিয়কৰ হাহাকাৰ।পথাৰত নাই জলসিঞ্চনৰ সুবিধা, পূব গোৱালপাৰাৰ সুতাৰপাৰা বালাপাৰা অঞ্চলত পানীৰ অভাৱত নষ্ট হ’ব ধৰিছে বিঘাই বিঘাই ইৰী ধানৰ পথাৰ। পানীৰ অভাৱত ধান খেতি ফাটিবলৈ লোৱাত বিমোৰত পৰিছে দুখীয়া কৃষকসকল। পথাৰত পানী সিঁচা পাম্পৰ সুবিধা নাই, নাই চৰকাৰীভাৱে যোগান ধৰা জলসিঞ্চনৰ সুবিধা, পৰম্পৰাগত পদ্ধতিৰেই দুখীয়া কৃষকসকলে উন্নত ধান ৰুই পানীৰ অভাৱত হাহাকাৰ কৰিব লগীয়া হৈছে। পথাৰৰ ফাট মেলা ধানখেতি দেখি মূৰে-কপালে হাত দিবলগীয়া হৈছে দুখীয়া কৃষকসকলে। আগলৈ জলসিঞ্চনৰ সুবিধা কৰি দিয়াৰ আহ্বান ভুক্তভোগী কৃষকৰ।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like