বিশেষ বাৰ্তা, ৪ এপ্রিলঃ নৰ ৰক্তৰে ৰঞ্জিত কামাখ্যা ধাম৷ ২০১৯ চনৰ ১৮ জুনৰ মাজনিশা সংঘটিত হৈছিল শিহৰণকাৰী ঘটনাটো৷ এচাম পাষণ্ডৰৰ পৰিণতিত প্রাণ হেৰুৱাবলগীয়া হৈছিল পশ্চিমবংগৰ হুগলীৰ তাঁতিপাৰা গাঁৱৰ ৬৪ বর্ষীয়ান মহিলা শান্তি শ্ব’ই৷ ঘটনাৰ তিনি বছৰ ১০ মাহ পাৰ হৈ যোৱাৰ পিছত ৰহস্য ভেদ কৰিবলৈ সক্ষম হ’ল মহানগৰ আৰক্ষী৷ দেৱী কামাখ্যাক সন্তুষ্ট কৰি নিজ কামনা সিদ্ধিৰ ধর্মান্ধতাই কাল হৈ পৰিল দুর্ভগীয়া শান্তি শ্ব’ৰ বাবে৷ পাহৰণিৰ গর্ভলৈ গতি কৰা ঘটনাটো গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ নেতৃত্বত বিশেষ তদন্তকাৰী গোটে বিগত এমাহ ধৰি চলোৱা অনুসন্ধানৰ পাছতেই পোহৰলৈ আহিল। মৃত ভাতৃৰ আত্মাৰ চিৰশান্তিৰ বাবে নিৰীহ শান্তি শ্ব’ক কামাখ্যা দেৱীৰ আগত বলি দিয়াইছিল উত্তৰ প্রদেশৰ মথুৰাৰ চৰকাৰী বিষয়া প্রদীপ পাঠক ওৰফে দীনেশ ওৰফে ৰাজুই (৫২)৷ পাষণ্ড প্রদীপ পাঠকক সহযোগ কৰা মধ্যপ্রদেশৰ জব্বলপুৰৰ সন্যাসী মাতা প্রসাদ পাণ্ডে ওৰফে মাতেশ্বৰ গিৰি (৫০), ভুটনাথৰ সুৰেশ পাছোৱান (৫৬), কানু আচার্য ওৰফে কানু তান্ত্রিক (৬২) আৰু ভায়াৰাম মাওৰীয়া ওৰফে ৰাজু বাবা (৬০)কো গ্রেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে৷ নৰবলি সুকলমে সম্পন্ন কৰিবলৈ গোটেই পূজা একপ্রকাৰ স্পনছ’ৰ কৰিছিল উত্তৰ প্রদেশৰ চৰকাৰী বিষয়া প্রদীপ পাঠকে৷ পূজা সম্পন্ন কৰাৰ বাবদ প্রত্যেকজনক আদায় দিছিল ১০ হাজাৰকৈ টকা৷ ২০১৯ চনৰ ১৮ জুনৰ মাজনিশা সংঘটিত শিহৰণকাৰী এই কাণ্ড পাছদিনা অর্থাৎ ১৯ জুনৰ পুৱা প্রায় ৫.৩০ বজাত লোকচক্ষুৰ সন্মুখলৈ আহিছিল৷ মুণ্ডহীন অৱস্থাত কম্বলেৰে মেৰিয়াই থোৱা মৃতদেহটো প্রত্যক্ষ কৰি প্রাথমিক তদন্তত আৰক্ষীয়ে তেতিয়াই এয়া নৰবলি কাণ্ড বুলি পূর্বানুমান কৰিছিল৷ কিন্তু মৃতদেহটোৰ প্রকৃত পৰিচয় উদ্ধাৰ কৰিব পৰা নাছিল আৰক্ষীয়ে৷ জালুকবাৰী আৰক্ষী থানাই এই সন্দর্ভত তেতিয়াই ভাৰতীয় দণ্ডবিধিৰ ১২০ বি, ৩০২ আৰু ২০১ নং ধাৰাৰ অধীনত ৯১৯/২০১৯ নম্বৰত এটা গোচৰ নিজাববীয়াকৈ ৰুজু কৰিছিল৷ ঘটনাটোৰ প্রায় এমাহ পিছত ২৮ জুলাইত সংবাদ মাধ্যমত মুণ্ডহীন মৃতদেহ উদ্ধাৰৰ প্রচাৰিত বাতৰি প্রত্যক্ষ কৰি পশ্চিমবংগৰ তাঁতিপাৰা গাঁৱৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছিল সুৰেশ শ্ব’৷ মৃতদেহৰ সৈতে থকা সামগ্রী তথা দেহত থকা চিহ্ণ প্রত্যক্ষ কৰি যুৱকজনে মৃতদেহটো নিজ মাতৃ শান্তি শ্ব’ৰ বুলি আৰক্ষীক অৱগত কৰিছিল৷ এনেদৰে আৰক্ষীৰ বাবে একপ্রকাৰ দুর্ভেদ্য হৈ পৰা মহিলাগৰাকীৰ প্রকৃত পৰিচয় পোহৰলৈ আহিছিল৷ অৱশ্যে হত্যাকাণ্ডটোৰ কোনো ধৰণৰ ক্লু তেতিয়া পোৱা নাছিল আৰক্ষীয়ে৷ যোৱা এমহীয়া আৰক্ষীৰ জোৰদাৰ তদন্তত স্পষ্ট হৈ পৰিল অতদিনে ৰহস্যাবৃত হৈ থকা নৃশংস এই কাণ্ড৷