চাৰিদুৱাৰৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে অভিভাৱকৰ ভিৰ
বিশেষ বাৰ্তা, ৫ এপ্ৰিলঃ শোণিতপুৰ জিলাৰ এখন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ে ছাত্ৰ ছাত্ৰী- অভিভাৱকৰ লগতে শৈক্ষিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চতিয়া বিধান সভা সমষ্টিৰ চাৰিদুৱাৰস্থিত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্প্ৰতি ষষ্ঠ আৰু নৱম শ্ৰেণীত নাম ভৰ্তিৰ বাবে বাচনি পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া হৈছে। উল্লেখ্য যে যি সময়ত একাংশ অভিভাৱকে নিজ সন্তানক শিক্ষা দিয়াৰ বাবে ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হৈছে তেনে সময়ত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে বাচনি পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হৈছে। যিটো সময়ত প্ৰশ্ন কাকত ফাদিলকে লৈ বিভিন্ন বিতৰ্কই লগ নেৰা হৈছে চৰকাৰী বিদ্যালয় সমূহ তেনেসময়ত কেইবাশতাধিক ছাত্ৰ ছাত্ৰী ভিৰ কৰিছে বিদ্যালয়খনত ষষ্ঠ আৰু নৱম শ্ৰেনীত নামভৰ্তিৰ বাবে। যাক লৈ এতিয়া বিবুদ্ধিত পৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষ ।এটা শ্ৰেনীত নামভৰ্তিৰ বাবে আহিছে প্ৰায় ডেৰ শতাধিক কৈ ছাত্ৰী ছাত্ৰী যাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই অনিচ্ছাস্বত্তেও আজি অনুস্থিত কৰিবলগীয়া হৈছে বাচনি পৰীক্ষা।১৯৫০ চনত স্থাপিত চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খনৰে সৈতে কাষৰ ১৯১৫ চনত স্থাপিত নেভিল মধ্য ইংৰাজী বিদ্যালয়খন সংলগ্ন কৰি দিয়াত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামৰে নামাকৰণ কৰা হয়। প্ৰায় ৯শ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনত ২৯ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে মানৱ সম্পদ গঢ়াত ব্ৰতী হৈ আছে। ডেক্স বেঞ্চ পৰ্যাপ্ত নহয় যদিও শিক্ষাৰ্থীৰ বাবে সেয়া অন্তৰায় নহয়। বৃহত্তৰ চাৰিদুৱাৰ অঞ্চলৰ লগতে প্ৰায় ২৫-৩০ কিঃমিঃ দূৰৈৰ ভালুকপুং অঞ্চলৰ পৰাও শিক্ষা গ্ৰহনৰ বাবে ছাত্ৰ ছাত্ৰী এই বিদ্যালয়লৈ অহা বুলি অধ্যক্ষ ৰাজেশ দত্তই জানিব দিয়ে ।তেওঁ লগতে বিদ্যালয়খন কাৰিকৰী শিক্ষা প্ৰদান কৰা বুলি জানিব দি ইয়ে শিক্ষাৰ্থীক উপকৃত কৰা বুলি জানিব দিয়ে।
প্ৰেৰক হিমাংশু শইকীয়া