নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী পিএনবিত ভুৱা ঋণৰ নামত বিতোপন-ৰুণাৰ ভয়ংকৰ কেলেংকাৰি

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ : মাজুলী কমলাবাৰী পাঞ্জাৱ নেচনেল বেংক আৰু ফুলনি পাঞ্জাৱ নেচনেল বেংকৰ শাখাত বিভিন্ন সময়ত ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈ আহিছে ৷ পুনৰ মাজুলীৰ পাঞ্জাব নেচনেল বেংকত সংঘটিত হোৱা দুৰ্নীতিয়ে মাজুলীবাসীক চিন্তিত কৰি তুলিছে৷ বিভাগীয় খবৰ অনুসৰি বিত্তীয় বৰ্ষৰ অন্তিম অডিটত ধৰা পৰিছে বেংকত সংঘটিত এই  ভয়ংকৰ কেলেংকাৰীটো। পাঞ্জাৱ নেচনেল বেংকৰ কমলাবাৰী শাখাৰ পৰিচালক বিতুপন কছাৰীয়ে ঋন দিয়াৰ নামত সংঘটিত কৰিছে ১ কোটি ৭৮ লাখ টকাৰ বৃহৎ কেলেংকাৰী। টকাৰ খঁকত মত্ত শাখা পৰিচালকজনে ২৬গৰাকী গ্ৰাহকৰ ভূৱা ব্যৱসায় প্ৰতিষ্ঠান দেখুৱাই ঋণ দিয়াৰ নামত সংঘটিত কৰিছিল এই ভয়ানক কেলেংকাৰিটো। বৰ্তমানৰ বিত্তীয় বৰ্ষৰ অন্তিম অদিতত সমগ্ৰ কেলেংকাৰি পোহৰলৈ অহাত পাঞ্জাব নেচনেল বেংকৰ  কমলাবাৰী শাখাৰ বৰ্তমানৰ পৰিচালক অজয় চক্ৰৱৰ্তীয়ে কমলাবাৰী থানাত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে থানাত গোচৰ ৰুজু কৰি কেচ নম্বৰ ৪৫/ আই পি চি ১২০ বি/৪০৯/৪২০ ধাৰাত গোচৰ ৰুজু কৰিছে  আৰু বেংকে বিভাগীয়ভাবে বিতোপন কছাৰীক নিলম্বন কৰিছে বুলি জানিব পৰা গৈছে। একেদৰে বিতোপন কছাৰীৰ পত্নী ৰুণা চৌধুৰীৰ বিৰুদ্ধেও ৰুজু হৈছে একে গোচৰ। পাঞ্জাৱ নেচনেল বেংক ফুলনি শাখাৰ শাখা পৰিচালক হিচাপে কৰ্তব্যৰত অৱস্থাত ৰুণাই ১৩.১৭ লাখ টকাৰ কেলেংকাৰি ঋনৰ নামত সংঘটিত কৰিছে। এই কেলেংকাৰি সন্দৰ্ভটো জেংৰাইমুখ থানাত ফুলনি শাখাৰ বৰ্তমানৰ পৰিচালক প্ৰাঞ্জল প্ৰতীম বৰাই এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত ৰুণা চৌধুৰীৰ বিৰুদ্ধে কেচ নম্বৰ ৪০/ আই পি চি ধাৰা ১২০বি/ ৪০৯/৪০৬/৪২০ নম্বৰত গোচৰ ৰুজু কৰা হৈছে। দুয়ো পতি-পত্নী মিলি দুয়োটা শাখাতে ঋনৰ নামত সংঘটিত কৰিলে ভয়ংকৰ কেলেংকাৰি। বৰ্তমান পাঞ্জাব নেচনেল বেংকৰ দুয়োটা শাখাতে সংঘটিত কেলেংকাৰি সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। ইফালে পাঞ্জাব নেচনেল বেংকৰ  দুয়োটা শাখাতে সংঘটিত এই বিয়াগোম কেলেংকাৰী পোহৰলৈ অহাৰ পিছত কৃষি প্ৰধান মাজুলী জিলাৰ সহজ সৰল গ্ৰাহকসকলৰ মাজত হাহাকাৰ লাগিছে। জিলাখনৰ গৰিষ্ঠসংখ্যক গ্ৰাহকেই মাজুলীৰ অতি পুৰনি বিত্তীয় প্ৰতিষ্ঠান পাঞ্জাব নেচনেল বেংকৰ জৰিয়তে অৰ্থৰ লেনাদেনা কৰে। বেংকৰ বিষয়ে বিশেষ আওভাও নোপোৱা সৰহ সংখ্যক গ্ৰাহকে বিভিন্ন সমস্যা লৈ শাখা সমুহলৈ যায় যদিও বেংক কৰ্মচাৰিয়ে ৰুঢ় ব্যৱহাৰ কৰি সমস্যাসমুহ সমাধান কৰি নিদিয়াৰ অভিযোগ কৰে বহুতো অশিক্ষিত গ্ৰাহকে । ইয়াৰোপৰি জিলাখনৰ সৰহভাগ কৰ্মচাৰীৰ পিএনবি শাখাৰ জৰিয়তে বেতন হয় আৰু বেংকে কৰ্মচাৰীসকলৰ লোনৰ নামত জধেমধে লোনৰ কৃষ্টি কাটে বুলি কৰ্মচাৰী সকলে দীৰ্ঘদিনে অভিযোগ কৰি আহিছে আৰু বৰ্তমানৰ কেলেংকাৰী পোহৰলৈ অহাত গ্ৰহকসকলে তেওঁলোকৰ যধেমধে কটা টকা বোৰো এনেদৰে পিএনবি শাখাত হৰলুকি হয় বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু গ্ৰাহকসকলে  মাজুলীৰ শাখাসমুহৰ ওপৰত এক উচ্চ পৰ্য্যায়ৰ তদন্ত হব লাগে বুলি পাঞ্জাব নেচনেল বেংকৰ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে। উল্লেখযোগ্য যে, আজিৰ পৰা প্ৰায় দুবছৰ পূৰ্বেও পাঞ্জাৱ নেচনেল বেংকৰ কমলাবা্ৰী শাখাত প্ৰায় ২০ লাখ টকাৰ কেলেংকাৰী সংঘটিত কৰি শাখাটোৰ এজন কৰ্মচাৰী নিলম্বিত হৈছিল । এনে পৰিস্থিতিত ৰক্ষকেই ভক্ষক হৈ পৰা মাজুলীৰ পাঞ্জাৱ নেচনেল বেংকৰ বিষয়া কৰ্মচাৰীসকলক নাকী লগাবলৈ উৰ্ধতম কৰ্তৃপক্ষক মাজুলীবাসীয়ে দাবী জনাইছে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like