দিখৌৰ পানীৰ বৰণ সলনিত চিন্তিত শিৱসাগৰবাসী
নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ শিৱসাগৰবাসীৰ জীৱনৰেখাস্বৰূপ চিৰযৌৱনা দিখৌ নদীত বিগত বছৰসমুহৰ দৰে এই বছৰো নৈ খনৰ পানী হৰ্ঠাত ডাঠ নীলা বৰণৰ হৈ পৰাৰ লগতে থলুৱা মাছ সমুহ উপঙি উঠাৰ ঘটনাই সমগ্ৰ জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বিশেষকৈ এইয়া দিখৌৰ বুকুত কয়লাৰ পানী মিশ্ৰিত ৰাসায়নিক বিষক্ৰিয়া নে আন কিবা তাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে৷ একে সময়তেই বিগত বৰ্ষতো এই অস্বাভাৱীক পৰিঘটনাৰ বাবে চৰকাৰে তাৎক্ষণিক দিখৌ নদীৰ পানী গুৱাহাটীৰ ফৰেনচিক লেবৰেটৰীত পৰীক্ষাৰ ব্যৱস্থা কৰোৱাইছিল যদিও দিখৌ নদীৰ সুৰক্ষাৰ বাবে কোনো ধৰণৰ বাস্তৱ সন্মত ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ পৰিণতিত পুৰ্বৰ ঘটনাৰেই পুণৰাবৃৰ্তি ঘটাত পৰিৱেশ কৰ্মী সকলক উদ্দিগ্ন কৰি তুলিছে ৷ উল্লেখ্য যে,বিগত এটা পষেকধৰি উজনি অসমজুৰি অব্যাহত থকা মূষলধাৰ বৰষুণ আৰু বতৰৰ অস্বাভাৱীক পৰিৱৰ্তনৰ মাজতেই দিখৌ নদীত পৰিলক্ষিত হৈছে এক আচৰিত ধৰণৰ পৰিৱৰ্তন৷ স্বাভাৱিকতেই নৈ পৰীয়া জন জীৱনত অভ্যস্ত হৈ পৰা সাধাৰণ ৰাইজকো দিখৌ নদীৰ জলৰাশীৰ এই অস্বাভাৱীক পৰিৱৰ্তণে চিন্তিত কৰি তুলাৰ লগতে আতংকৃতও কৰি তুলিছে ৷আনহাতে এটা দিনৰ পুৰ্বৰে পৰা আজি এই বাতৰি প্ৰেৰণ কৰা লৈকে দিখৌ নদীত ভয়ংকৰ ৰুপত উপঙি উঠিছে থলুৱা প্ৰজাতিৰ সৰু বৰ প্ৰকাণ্ড মাছ সমুহ ৷পূঁৱতি নিশা প্ৰায় ৪ মান বজাৰ পৰাই দিখৌৰ গাঢ় নীলা জলৰাশীত উপঙি উঠিছিল অসংখ্য অদ্ধমৃত থলুৱা মাছ ৷হৰ্ঠাত উপঙি উঠা প্ৰকাণ্ড, প্ৰকাণ্ড লিঠা, বৰালী, আৰি, বাহু, পিঠিয়া মাছ ধৰিবলৈ দিখৌ নদীত জনতাৰ ভিৰ পৰিলক্ষিত হৈছে৷ইফালে তিনিদিন মানৰ পুৰ্বে দিনে নিশাই অব্যাহত থকা বৰষুণৰ মাজতেই দিখৌ নদীত কলা বৰণৰ ঘোলা পানী প্ৰৱাহিত হোৱা বুলি নৈ পৰীয়া বহু ব্যক্তিয়ে জানিবলৈ দিছে ৷আনহাতে দিখৌ নদীৰ উৎপতি স্থলৰ নগালেণ্ডৰ লংগৰৰ নামনি অংশৰ অসম সীমান্তত দিখৌ নদীৰ পাৰে পাৰে ব্যাপক হাৰত কয়লাৰ মুক্ত খনন আৰু মজুত কৰণ চলি আছে ৷অৱৈধ কয়লাৰ চোৰাং ব্যৱসায়ীয়ে জৈৱ বৈচিত্যৰ প্ৰতি চৰম ভাবুকিৰে নদীৰ গড়াৰ কাষত লাখ লাখ টন কয়লা জমা কৰি আহিছে ৷ফলত বাৰিষাৰ সময়ত বৰষুণৰ পানীৰ সৈতে কয়লাৰ পৰা নিগৰিত পানী একাকাৰ হৈ দিখৌৰ বুকুত বিষক্ৰিয়া ঘটিয়েই এনেদৰে বৃহত সংখ্যক থলুৱা মাছ উপঙি উঠা বুলি সন্দেহ, আশংকাক লৈ ৰাইজৰ মাজত চৰ্চা অব্যাহত থকাৰ সময়তেই এইবাৰ দিখৌ নদীয়ে হৰ্ঠাত সলনি কৰিলে নিজৰ বক্ষৰ পানী ৷তিনিদিনৰ পুৰ্বৰ ছাই মিহলী ঘোলা পানীৰ পৰিৱৰ্তে হৰ্ঠাত দিখৌ নদীৰ জলৰাশী উগ্ৰ গাঢ় নীলা বৰণৰ হৈ পৰাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷ সাধাৰণতে পৰিলক্ষিত হোৱা সাধাৰণ পাতল নীলা জলৰাশীৰ পৰিৱৰ্তে আজি পুৱাঁৰ পৰা পৰা পৰিলক্ষিত হোৱা দৃশ্য আছিল সম্পুৰ্ণ সুকীয়া ৷নদীখনৰ ঠাইয়ে ঠাইয়ে উগ্ৰ গাঢ় নীলা জলৰাশীৰ লগতে কলা ছাই বৰণীয়া পানীৰ এটা অস্বাভাৱীক প্ৰলেপো ঠাই বিশেষে দৃষ্টি গোচৰ হৈছে ৷ বিশেষকৈ নদীৰ গঢ়াৰ কাষৰ পানীত ছাই বৰণীয়া প্ৰলেপটো অধিক দৃষ্টি গোচৰ হৈছে ৷ ইফালে নদীৰ ওপৰতেই জীৱন জীৱিকা নিৰ্ভৰশীল নদীপৰীয়া ৰাইজৰ মাজত এই অস্বাভাৱীক ঘটনাই আতংক, কৌতহূলৰ লগতে উৎসূকতাৰ সৃষ্টি কৰিছে ৷ কিয়নো নদীৰ পানীৰ ওপৰতেই দৈনন্দিন কাম কাজ নিৰ্ভৰশীল পৰিয়াল সমুহে অজান আশংকাত এই পানী খোৱাৰ লগতে ব্যৱহাৰ কৰাৰ পৰাওঁ বিৰত আছে ৷ হৰ্ঠাত নদী খনৰ অস্বাভাৱীক জলৰাশীৰ ৰঙ সলনি হোৱাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অৱশ্যে কি কাৰণত নদীৰ পানীয়ে এনে অস্বাভাৱিক বৰণ লৈছে সেই সন্দৰ্ভদ ৰাইজৰ মাজত কোনো স্পষ্ট কাৰণ বা ভিত্তি নাই যদিওঁ সচেতন মহলে এইয়া অৱৈধ কয়লা খনন, মজুদ কৰণৰ ফলত সৃৃষ্টি হোৱা বিষক্ৰিয়াৰ অংশ বিশেষ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷উল্লেখ্য যে শিৱসাগৰ জিলাখনৰে জীৱন ৰেখা স্বৰুপ চিৰ যৌৱনা খৰস্ৰোতা দিখৌ নদীত অব্যাহত থকা এই অস্বাভাৱিক পৰিৱৰ্তণ স্বাভাৱিকতেই চিন্তা আৰু উদ্দেগৰ কাৰণ হৈ পৰিছে ৷ সচেতন মহলে তাৎক্ষণিকভাৱে চৰকাৰ প্ৰশাসনক দিখৌ নদীত পৰিলক্ষিত হোৱা অস্বাভাৱীক হোৱা পানীৰ বৰণ পৰিৱৰ্তনৰ আঁৰত ৰাসায়নিক বিষক্ৰিয়া নে স্বাভাৱিক পৰিৱৰ্তণ সেই সন্দৰ্ভদ স্থিতি স্পষ্ট কৰিবলৈ আহব্বান জনাইছে ৷ অন্যথাই সময় থাকোতেই যদি যথোচিত কাৰ্য্যপন্থা গ্ৰহণ নকৰে তেন্তে নদীখনৰ থলুৱা মাছ কাছৰ লগতে নদীখনৰ প্ৰতিওঁ ভয়ংকৰ বিপদ নামি অহাতো নিশ্ছিত ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান