নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটৰ ধৰ্মীয় অনুষ্ঠানত ধাৰাবাহিক চুৰিকাণ্ড

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিল : মৰিগাঁৱৰ লাহৰীঘাটত ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড। এইবাৰ চোৰৰ টাৰ্গেট লাহৰীঘাটৰ মন্দিৰ। দুদিনত সংঘটিত হৈছে দুটাকৈ মন্দিৰত চুৰিকাণ্ড। ইটোৰ পিছত সিটোকৈ মন্দিৰত চোৰে চলাইছে চাফাই অভিযান। পৰহি নিশা লাহৰীঘাটৰ সাৰ্বজনীন দুৰ্গা মন্দিৰত চুৰি কাৰ্য্য সংঘটিত কৰাৰ পাছতে পুনৰ যোৱানিশা চোৰে লাহৰীঘাটৰ হৰি মন্দিৰত চলাই চাফাই অভিযান। লাহৰীঘাটৰ হৰি মন্দিৰৰ পৰা চোৰে লুটি নিয়ে ৰাধা কৃষ্ণ মূৰ্তিৰ লগতে প্ৰাই ৩ লাখ টকাৰ সামগ্ৰী। তাৰ পাছতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। মন্দিৰৰ সুৰক্ষাৰ দাবীত পুৱাই ৰাইজ লাহৰীঘাট থানাত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। লাহৰীঘাট আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। শীঘ্ৰে মন্দিৰত চুৰি কাৰ্য সংঘটিত কৰা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনায় ।

প্ৰেৰক আবুল কালাম

You might also like