নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত নিয়মীয়া বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক বিভাস দুৱৰাক সম্বৰ্ধনা

বিশেষ বাৰ্তা, ৫এপ্ৰিলঃ ডিব্ৰুগড়ৰ ‘নিয়মীয়া বাৰ্তা’ কাকতৰ জ্যেষ্ঠ সাংবাদিক বিভাস দুৱৰাক বৃহত্তৰ ডিব্ৰুগড় নগৰ আঞ্চলিক বিহু সুৰক্ষা সমিতিয়ে এক গাম্ভীযপূৰ্ণ অনুষ্ঠানত গামোচা, চেলেং চাদৰ আৰু এখনি মানপত্ৰৰে বিশেষভাবে সম্বৰ্ধণা জনায়। সুদীৰ্ঘ ৩০ বছৰ সংবাদ জগতৰ সৈতে জৰিত থাকি বিভিন্ন সামাজিক গঠনমূলক কামত নিজকে নিয়োজিত ৰখাৰ বাবে কালি ডিব্ৰুগড় সাহিত্য সভাৰ ৰূপকোঁৱৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত এই সম্বৰ্ধণা জনোৱা হয়। আনহাতে ঐতিহ্যপূৰ্ণ ডিব্ৰুগড় সাহিত্য সভা আৰু বৃহত্তৰ ডিব্ৰুগড় নগৰ আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ সৌজন্যত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বিহু নাচ, বিহু নাম আৰু বিহু বাদ্যৰ বিশেষ আখৰাৰ কালি সামৰণি হয়।ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি তথা ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট লেখক ড° শশীকান্ত শইকীয়াৰ সভাপতিত্বত
তথা বিহু সুৰক্ষা সমিতিৰ হুঁচৰি পদ ঘোষাৰে আৰম্ভণি হোৱা সামৰণি অনুষ্ঠানৰ মুকলি সভাত ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি তথা জেষ্ঠ সাংবাদিক বিভাস দুৱৰা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা,ডিব্ৰুগড় জিলা বিহু সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি বীৰেণ গগৈ, সম্পাদক দীনেশ বৰগোহাঁই আৰু সাংস্কৃতিক সম্পাদক প্ৰণৱজ্যোতি গগৈ, সহকাৰী সম্পাদক পৰশমনি দিহিঙ্গীয়া,ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা চুলতানা হাজৰিকা, বিহু সুৰক্ষা সমিতি ডিব্ৰুগড় নগৰ আঞ্চলিকৰ সভানেত্ৰী মীনাক্ষী দাস বৰুৱা, উপদেষ্টাদ্বয় উৎপলা দাস,অনুপম মহন্তসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।চাৰিদিনীয়া আখৰা শিবিৰত বৰ বিহুৱতী দীপিকা গগৈ, ১৯৮০ৰ লতাশিল বিহুৱতী আশা শৰ্মা আৰু ঢুলীয়া বিকাশ গোহাঁই, ৰাহুল দাস সহ সহযোগী সকলে বিহু নাচ, বিহু নাম আৰু বিহু বাদ্যৰ প্ৰশিক্ষণ প্ৰদান কৰে। সামৰণী অনুষ্ঠানত প্ৰশিক্ষক সকলক মানপত্ৰ প্ৰদান কৰা লগতে অংশগ্ৰহণ কাৰী সকলক মানপত্ৰ প্ৰদান কৰা হয়। আনহাতে প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা কেইবাটাও বিহু নাচ, শিল্পী চন্দনা শৰ্মাৰ দ্বাৰা বেহেলা বাদন পৰিৱেশন কৰি পৰিৱেশ জিপাল কৰি তোলে। আনহাতে উক্ত অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক তথা লেখক ড°শশীকান্ত শইকীয়া, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল গোহাঁই, বিশিষ্ট সাংবাদিক- সমালোচক যাদৱ গগৈ, নৃত্যশ্ৰী তথা বৰ বিহুৱতী দিপীকা গগৈক ডিব্ৰুগড় জিলা বিহু সুৰক্ষা সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।

You might also like