ছিপাঝাৰৰ ৬৫টা ইটাভাতাৰ ২১টাই অবৈধ : সদনত ৰাজহ মন্ত্ৰীৰ বিস্ফোৰক তথ্য
নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিল : ছিপাঝাৰ সমষ্টি এলকাত থকা মুঠ ৬৫টা ইটাভাতাৰ ভিতৰত ২১টাই অবৈধ। অৰ্থাৎ বিধিগত পঞ্জীয়ন নোহোৱাকৈ চলি আছে এই ইটাভাতাসমুহ। এই বিস্ফোৰক তথ্য খোদ ৰাজহ মন্ত্ৰীৰ। ৰাজহ মন্ত্ৰী যোগেন মহনে দৰঙৰ উপায়ুক্তৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আজি অসম বিধানসভাত এই তথ্য প্ৰকাশ কৰাৰ লগতে ইয়াৰে ভিতৰত ছিপাঝাৰ ৰাজহ চক্ৰ এলেকাৰ ৪৯টাৰ ভিতৰত ১৪টা আৰু পাথৰিঘাট ৰাজহ চক্ৰ এলেকাৰ ১৬টাৰ ভিতৰত ৭টাই অবৈধভাবে চলি আছে বুলিও জনায়। উল্লেখযোগ্য যে জনপ্ৰিয় দৈনিক কাকত “নিয়মীয়া বাৰ্তা”ৰ ৩ এপ্ৰিল সংখ্যাত প্ৰকাশিত “ৰাজহ ফাঁকি-চূড়ান্ত অনিয়মেৰে ছিপাঝাৰত চলিছে ইটাভাতা- একাংশৰ নাই অনুজ্ঞাপত্ৰ, চৰকাৰী ভূমি বেদখল” শীৰ্ষক বাতৰিটো আজি বিধানসভাত ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে উত্থাপন কৰি ইটাভাতাসমুহে উদ্ভৱ কৰা বিভিন্ন সমস্যা অধ্যক্ষৰ জৰিয়তে ৰাজহ মন্ত্ৰীগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰে। বিধায়ক গৰাকীয়ে বাল্য বিবাহ ,শিশু শ্ৰমিক আদিও ইটাভাতাসমুহত চলি থকাৰ বিষয়েও উল্লেখ কৰি গ্ৰাম্যাঞ্চলত জধে মধে স্থাপন কৰা ইটাভাতাসমুহে কেনেদৰে পথ সমুহ নষ্ট কৰাৰ লগতে কৃত্ৰিম বানপানীৰো সৃষ্টি কৰিছে সেয়াও ব্যাখ্যা কৰে। আনকি ইটাভাতাসমুহ চুড়ান্ত অনিয়মেৰে চলি থকাৰ পিছতো লাট মণ্ডলকে ধৰি বিভিন্ন কৰ্মচাৰীয়ে গোপনে ইটাভাতাৰ মালিকৰ লগত হাত মিলাই কেইটামান টকাৰ বিনিময়ত সেইবোৰত হস্তক্ষেপ নকৰে সেয়াও স্পষ্টকৈ উল্লেখ কৰে বিধায়ক ৰাজবংশীয়ে। ইটাভাতাসমুহে কেৱল চৰকাৰী ৰাজহেই ফাঁকি দিয়া নহয় একপ্ৰকাৰ সামাজিক ভাবুকি অনা বুলিও উল্লেখ কৰি এই সমস্যা কেৱল ছিপাঝাৰৰ নহয়, সমগ্ৰ ৰাজ্যতে বুলি উল্লেখ কৰি শীঘ্ৰে ইটাভাতাসমুহ নিয়ণ্ত্ৰণলৈ আনিব লাগে বুলিও মন্ত্ৰীলৈ আহ্বান জনায়। বিধায়ক গৰাকীৰ বক্তব্যৰ পিছতে মন্ত্ৰীগৰাকীয়ে প্ৰশাসনৰ জ্ঞাতেই কেনেদৰে একাংশ ইটা ভাতা অবৈধ ভাবে চলি আছে সেয়া ব্যাখ্যা কৰে আৰু” নিয়মীয়া বাৰ্তা”ৰ বাতৰিটো আওপকীয়াকৈ স্বীকাৰ কৰি লয়।এই ক্ষেত্ৰত ইটাভাতাসমুহ স্থাপনৰ পৰা আৰম্ভ কৰি কি কি নীতি নিয়ম মানি চলিব লাগে সেই নিদেৰ্শনা ২০০১চনৰ এক অধিসুচনা অনুসৰি ইতিমধ্যে জিলা উপায়ুক্তসকললৈ প্ৰেৰণ কৰাই আছে বুলি প্ৰকাশ কৰে। নীতি নিয়ম মানি নচলা ইটাভাতাসমুহৰ ক্ষেত্ৰতো জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলিও সদনক অৱগত কৰোৱায় মন্ত্ৰীগৰাকীয়ে। লক্ষণীয় যে খোদ সদনত এনেদৰে অবৈধ ভাবে ইটাভাতা চলি থকা বুলি মন্ত্ৰীয়ে আগবঢ়োৱা ভাষ্যক স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জিলা প্ৰশাসন যদি এনেদৰেই জ্ঞাত হয়েই তেন্তে এই ক্ষেত্ৰত কিয় উক্ত ইটাভাতাসমুহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও প্ৰশ্ন উঠিছে।
প্ৰেৰক ৰঞ্জিত কুমাৰ নাথ