নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘবৰত পৰকীয়া প্ৰেম গোপন ৰখাৰ বাবেই নাবালিকাক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষক

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ বাঘবৰৰ আলোপতিচৰ থানাৰ অন্তৰ্গত উজিৰৰচৰত হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত অভিযোগৰ ভিত্তিত এগৰাকী শিক্ষকক আৰক্ষীয়ে আটক কৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিয়পে। উজীৰৰচৰ গাঁও নিবাসী তথা কদমতোলা হাইস্কুলৰ শিক্ষক মহিৰ উদ্দিনক আজি পুৱাৰ ভাগত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে। প্ৰাপ্ত অভিযোগ অনুসৰি গাঁৱৰে এগৰাকী মহিলাৰ সতে শিক্ষক মহিৰ উদ্দিনৰ আছে হেনো পৰকীয়া প্ৰেম! যোৱা ফেব্ৰুৱাৰী মাহত শিক্ষক প্ৰেমিক আৰু প্ৰেয়সীৰ গোপন অভিসাৰ ধৰা পৰে নিজ বিদ্যালয়ৰে এগৰাকী ছাত্ৰীৰ চকুত। অভিযোগ অনুসৰি আগলৈ যাতে এই কথা বিয়পি নপৰে, তাৰ বাবে ছাত্ৰীগৰাকীক হত্যা কৰি ডিঙিত ফাঁচ লগাই ওলমাই ৰাখে শিক্ষক আৰু প্ৰেয়সীয়ে ঘটনাটোক আত্মহত্যাৰ ৰূপ দিয়াবলৈ। দিন বাগৰিছে মানে ক্ৰমাৎ ছাত্ৰীগৰাকীক শিক্ষক মহিৰ উদ্দিন আৰু একাংশই মিলি পৰিকল্পিতভাবে হত্যা কৰাৰ প্ৰচাৰ চলে আৰু ভুক্তভোগী পক্ষৰ এজাহাৰৰ ভিত্তিত আজি পুৱাৰ ভাগত হত্যাকাৰীৰ সন্দেহত আলোপতিচৰ আৰক্ষীয়ে শিক্ষক মহিৰ উদ্দিন আৰু আবুবক্কাৰ চিদ্দিক নামৰ দুজনক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণৰ দিহা কৰে। হত্যাকাৰীৰ ৰূপত নমস্য শিক্ষক ৰঙাঘৰৰ আলহী হ’বলগীয়া হোৱা কাণ্ডক লৈ অঞ্চলজুৰি অব্যাহত আছে তীব্ৰ চাঞ্চল্য। অভিযোগ সচাঁ প্ৰমাণিত হ’লে বৃত্তিত যিয়েই নহওক লাগিলে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়াল তথা ৰাইজে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like