নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰত মদমত্ত স্বামীক ডিঙি কাটি হত্যা পত্নী যুতিকাৰ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত গলিয়াত যোৱানিশা স্বামীক দাৰে ঘপিয়াই হত্যা কৰা এটা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নিৰঞ্জন বৰা (৪০) নামৰ গোলাঘাটৰ লোক এজনৰ সৈতে দহ বছৰ পূৰ্বে গলিয়াৰ যুতিকাই বিবাহপাশত আৱদ্ধ হৈছিল। নিৰঞ্জন বৰাই হাউলীৰ যাত্ৰীবাহী বাছ এখনৰ হেণ্ডিমেন হিচাপে কাম কৰাৰ বাবে আৰু যুৱতীগৰাকীয়ে অকলশৰীয়া মাতৃক এৰি বিবাহৰ পিছত গোলাঘাটক যোৱাৰ পৰিবৰ্তে ঘৰ জোঁৱাই হিচাপে গলিয়াতে থাকিবলৈ লৈছিল। কিন্তু আঠ আৰু ছয় বছৰীয়া কন্যা সন্তান দুজনীৰ পিতৃ নিৰঞ্জন বৰাই মদ্যপান কৰি ঘৰখনত দীৰ্ঘদিনৰে পৰা কন্দলৰ সৃষ্টি কৰি আছিল। তেওঁ অত্যাধিক মদ্যপান কৰি পত্নী, সন্তান আনকি বৃদ্ধা শাহুৱেকৰ ওপৰতো শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায় অহা বুলি হত্যাকাৰী পত্নীয়ে অভিযোগ কৰে। অইন দিনাৰ দৰে কালিও তেওঁ অত্যাধিক মদ পান কৰি পত্নীক বিভিন্ন গালি গালাজ কৰি প্ৰাণে মৰাৰ ভাবুকি দিয়ে। প্ৰাণৰ ভয়ত মহিলাগৰাকীয়ে দিনটো সন্তান দুটাক লগত লৈ আঁতৰে আতৰে থাকে যদিও নিশা ঘৰলৈ অহাত পুনৰ গালি গালাজ কৰিবলৈ ধৰে। নিৰঞ্জনৰ অত্যাচাৰত অতিষ্ঠ হৈ মহিলাগৰাকীয়ে যোৱানিশা বিচনাত শুই থকা অৱস্থাত নিৰঞ্জনৰ ডিঙিত দাৰে ঘপিয়ায়। ফলত লোক জনৰ বিচনাতে মৃত্যু হয়। এই ঘটনাৰ পিচত মহিলাগৰাকীয়ে আজি পুৱা ভৱানীপুৰ আৰক্ষী চকীলৈ লগত কণ কণ সন্তানসহ আহি স্বামীক হত্যা কৰা বুলি স্বীকাৰোক্তি দি আত্মসমৰ্পণ কৰে। ইফালে হত্যাকাৰী মহিলাগৰাকীয়ে আজিৰ পৰা প্ৰায় পোন্ধৰ দিন মান আগতে হাউলীৰ পৰা এখন দা কিনি আনি মনতে কল্পনা কৰিছিল যে এই দাখনেৰে ঘৰৰ যাৱতীয় কামকাজখিনি কৰাৰ উপৰি প্ৰয়োজন হলে স্বামীৰ অত্যাচাৰৰ পৰা ৰক্ষা পৰিবলৈ স্বামীক হত্যা কৰাৰ বাবেও ব্যৱহাৰ কৰা হব বুলি হত্যাকাৰী মহিলাগৰাকীয়ে স্বীকাৰোক্তি দিয়াৰ উপৰিও বিগত কিছু দিন আগতে ৰাজ্য জোকাৰি যোৱা বন্দনা হত্যাকাণ্ডৰ কথা অৱগত হোৱাৰ পিছতেই এইগৰাকী হত্যাকাৰী মহিলায়ো স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ বন্দনা কাণ্ডৰ দৰে ঘটনা সংঘটিত কৰিবলৈ নিজৰ মনতে ভাবি থৈছিল বুলি মহিলাগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত অকপট স্বীকাৰোক্তি প্ৰদান কৰে। আচলতে বন্দনা কাণ্ডৰ পৰা তেওঁ স্বামীক হত্যা কৰিবলৈ একপ্ৰকাৰ অনুপ্ৰেৰিত হয় বুলিও সংবাদ মাধ্যমক জানিব দিছে। ইপিনে নিৰঞ্জনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হয়।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like