চোৱাইন ফিভাৰ : কাকপথাৰত ২৫০ গাহৰিৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : ৰাজ্যত পুনৰ আফ্ৰিকান চোৱাইন ফিভাৰৰ আতংকই চিন্তিত কৰি তুলিছে থলুৱা গাহৰি পালক সকলক৷ অসমৰ তিনিচুকীয়া জিলাৰ ভিন্ন প্ৰান্তত দৈনিক শ শ গাহৰি আফ্ৰিকান চোৱাইন ফিভাৰত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে শতকৰ ঘৰত৷ জিলা খনৰ তালাপ, ফিল’বাৰীৰ পাছতেই শেহতীয়াকৈ কাকপথাৰৰ বৰডিৰাক খাটুৱা গাঁৱত আফ্ৰিকান চোৱাইন ফিভাৰত ৰাণা হাজৰিকা নামৰ থলুৱা গাহৰি পালকগৰাকীৰ প্ৰায় ২৫০টাকৈ গাহৰিৰ মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত আজি নিধন কৰে ৩৭ টাকৈ গাহৰি৷ তিনিচুকীয়া জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া সহ কাকপথাৰ আৰক্ষী থানাৰ এটা দলৰ উপস্থিতিত পশুপালন বিভাগৰ চিকিৎসক আৰু বিষয়াই বিশেষ পদ্ধতিৰে নিধন কৰে আফ্ৰিকান চোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিসমূহ৷ জানিব পৰা মতে আফ্ৰিকান চোৱাইন ফিভাৰত আক্ৰান্তৰ সন্দেহত আজি নিধন কৰা গাহৰি সমূহৰ তেজৰ নমুনা প্ৰথমে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল৷ পৰীক্ষাৰ পাছত গাহৰি সমূহৰ দেহত আফ্ৰিকান চোৱাইন ফিভাৰৰ ৰোগৰ বিজানুৰ উপস্থিতি ধৰা পৰাত বিশেষ পদ্ধতিৰে নিধন কৰে গাহৰি সমূহ৷ লগতে বিভাগীয় লোকে জানিবলৈ দিয়ে যে এই ৰোগ বিধৰ এই পৰ্যন্ত কোনো ধৰণৰ প্ৰতিষেধক ওলোৱা নাই ৷ অতি তীব্ৰ গতিত এই বিধ ৰোগৰ বিজানু অন্য গাহৰিলৈ বিয়পি যোৱাৰ লগতে দাঁতি কাষৰীয়া এলেকাৰ গাহৰি সমূহ আফ্ৰিকান চোৱাইন ফিভাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱন থাকে৷ সেই বাবে গাহৰি সমূহ নিধন কৰা হয় বুলি জানিবলৈ দিয়ে ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত গাহৰি পালনৰ ব্যৱসায়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি আহিছে। বহুত নিবনুৱা যুৱক-যুৱতী স্বাৱলম্বী হৈছে গাহৰি পালনেৰে ৷ তেনে সময়তে আফ্ৰিকান চোৱাইন ফিভাৰত আক্ৰান্ত হৈ এই দৰে বৃহৎ সংখ্যক গাহৰিৰ মৃত্যুৱে চিন্তিত কৰি তুলিছে গাহৰি পালক সকলক । আজি নিধন কৰা গাহৰি সমূহৰ গৰাকী কাকপথাৰ বৰডিৰাকৰ গাহৰি পালক ৰাণা হাজৰিকাই ভাৰতীয় ষ্টেত বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল গাহৰি পালনৰ ব্যৱসায় ৷ তেনে সময়তে তেওঁৰ ২৫০ টাকৈ গাহৰি আফ্ৰিকান চোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যু হোৱাত উদ্বিগ্ন হৈ পৰিছে ৷ বেংকৰ ঋণ উভতাই দিয়াৰ ক্ষেত্ৰত বহুতো বাধা আহি পৰাত ৰাজ্য চৰকাৰ তথা বিভাগলৈ ক্ষতিপুৰণৰ আহ্বান জনাইছে ৷ উল্লেখ্য যে বিভাগীয় বিষয়াই জানিবলৈ দিয়া মতে এই পৰ্যন্ত এই ৰোগ বিধৰ কোনো প্ৰতিষেধক ওলোৱা নাই যদিও এই বিধ ৰোগ মানুহলৈ বিয়পি নাযায় আৰু মানুহৰ কোনো অপকাৰ নকৰে। লগতে আজি নিধন কৰা গাহৰি পাম খনৰ পৰা দহ কিলোমিটাৰ এলেকাৰ দূৰত্বত গাহৰি কটা আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা প্ৰদান কৰিছে প্ৰশাসনে ।
প্ৰেৰক মনোৰঞ্জন নেওগ