নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ বনকর্মীলৈ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনা

বিশেষ বার্তা, ৬ এপ্ৰিল : অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত অৰুণাচলীৰ আগ্ৰাসন পুনৰ বৃদ্ধি পাইছে। অসম অৰুণাচল সীমান্তৱৰ্তী ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বন খণ্ড এলেকাৰ জুতুলিবাৰীত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। অৰুণাচলী লোকে জুতুলিবাৰীৰ অসমৰ ভূমিত অবৈধভাবে ঘৰ সাজি আগ্ৰাসন চলোৱাৰ সন্দৰ্ভত পৰিদৰ্শনৰ বাবে যোৱা লখিমপুৰৰ  বনবিভাগৰ বিষয়া আৰু বনকৰ্মীৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয়।লগতে অৰুণাচলী দুৰ্বৃত্তই অসমৰ বন বিষয়া আৰু বনকৰ্মীক অপদস্থ কৰি  গুলীচালনা দৰে ভয়ংকৰ ঘটনাও সংঘটিত কৰে।  অসমৰ ভূমিত  নিশাৰ ভিতৰতে অবৈধভাৱে ঘৰ সজা এই অৰুণাচলীৰ দলটোৰ গুলি চালনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে লখিমপুৰৰ বন বিভাগৰ এচিএফ অশোক কুমাৰ দাস, হাৰমতী আঞ্চলিক বন বিষয়া গুনজিৎ তালুকদাৰ,  ৰামপুৰ বন খণ্ডৰ বন বিষয়া বনমালী নৰহ আৰু কিমিনৰ খণ্ড বন বিষয়া  জয়কুমাৰ দেউৰীৰ লগতে বনকৰ্মীসকল। আজি দিনৰ প্ৰায় ২ বজাত সংঘটিত ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যিসময়ত অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ ৰাজ্য দুখনৰ চৰকাৰৰ মাজত আলোচনা চলি আছে, সেই সময়তে এই ঘটনাই সীমান্তৱৰ্তী  এলেকাটোত  সম্প্ৰতি এক চেপা উত্তেজনাই বিৰাজ কৰিছে।
প্ৰেৰক নিতুল বৰা
You might also like