নিয়মীয়া বাৰ্তা, ৭এপ্ৰিল: মুম্বাই–আহমেদাবাদ বুলেট ৰে’লৰ কাম দ্রুতগতিত চলি আছে৷ ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰা অনুসৰি, চাৰি বছৰৰ ভিতৰত সম্পূর্ণ হ’ব কাম৷ তাৰ পাছতে মুম্বাইৰ পৰা আহমেদাবাদলৈ চলিব বুলেট ৰে’ল৷ অৱশ্যে বর্তমানলৈ ২৬ শতাংশ কামহে সম্পূর্ণ হৈছে৷ এই বুলেট ৰে’ল চলিলে নতুন এক অভিজ্ঞতাও হ’ব যাত্রীসকলৰ৷ সমুদ্রৰ গর্ভৰে প্রায় ২১ কিলোমিটাৰ চলিব এই ৰে’ল৷ ৰে’ল মন্ত্রালয়ৰ তৰফৰ পৰা প্রকাশ কৰা অনুসৰি, থানেত ২১ কিলোমিটাৰ পথ পানীৰ তলেৰে যাব বুলেট ৰে’ল৷ এই পথৰ নাম হ’ব মুম্বাই–আহমেদাবাদ হাইস্পীড ৰে’ল কৰিড’ৰ৷ এই কৰিড’ৰ নির্মাণত খৰচ হ’ব ১.০৮ লাখ কোটি টকা৷ ভূমি অধিগ্রহণ, প্রযুক্তিগত অনুমোদন পোৱাৰ পিছতেই পানীৰ তলত সুৰংগ নির্মাণৰ কাম আৰম্ভ হ’ব৷