নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুশ বছৰীয়া হ’ল অসমৰ চাহ: বিশ্বনাথৰ প্রতাপগড় বাগিচাৰ ইউকেলিপ্টাছৰ ছাঁত আশ্রয় অসমৰ চাহৰ পিতৃপুৰুষ চার্লছ আলেকজেণ্ডাৰ ব্রুচৰ

  • বিশ্বনাথৰ প্রতাপগড় বাগিচাৰ ইউকেলিপ্টাছৰ ছাঁত আশ্রয় অসমৰ চাহৰ পিতৃপুৰুষ চার্লছ আলেকজেণ্ডাৰ ব্রুচৰ
  • ১১৯বছৰৰ পিছত ঠিকনা সলনি চাহৰ প্রবাদ পুৰুষৰ
  • তেজপুৰৰ পৰা বিশ্বনাথৰ প্রতাপগড় বাগিচালৈ চাহৰ জনকৰ সমাধি

 

নিয়মীয়া বাৰ্তা, ৭এপ্ৰিল: কেতিয়াবা থলুৱা খেজুৰৰ তলত, আন কেতিয়াবা আকৌ মসৃণ ইউকেলিপ্টাছৰ ছাঁত নীৰৱে শুই আছে অসমৰ চাহৰ পিতৃপুৰুষ তথা বাণিজ্যিক চাহ উৎপাদনৰ বাটকটীয়া চার্লছ আলেকজেণ্ডাৰ ব্রুচ৷ কোলাহলশূন্য পৰিৱেশত একপ্রকাৰ অসমৰ সেউজীয়া সোণ চাহৰ দিগ্বিজয় যাত্রাৰ মহানায়ক চার্লছ আলেকজেণ্ডাৰ ব্রুচ এতিয়া চিৰনিদ্রাত৷ গভীৰ প্রত্যয় আৰু অনুসন্ধিৎসাৰে প্রায় দুটা শতকৰ পূর্বে হাবি–জংঘলেৰে পূর্ণ পাণ্ডৱবর্জিত অসমৰ চাহৰ সম্ভাৱনীয়তাক উজ্জীৱিত কৰি অসম আৰু অসমীয়াক ধন্য কৰা এই ব্রিটিছ চাহাব কিন্তু উভতি নগল স্কটলেণ্ডলৈ৷ পৰিৱর্তে অসম মাটিত মিলি গ’ল এইজন স্বপ্ণদ্রষ্টা বগা চাহাব৷ চলিত বর্ষটোত অসমৰ চাহ আৱিষ্কাৰৰ দুশবছৰ হৈছে৷ ৰবার্ট ব্রুচৰ সমান্তৰালভাৱে তেওঁৰেই সহোদৰ আলেকজেণ্ডাৰ ব্রুচকো সমমর্যাদা দিয়াত কৃপণালি কৰা নাই কোনো ব্রিটিছে৷

লক্ষণীয় কথা যে অসমৰ চাহৰ বজাৰ আৰু খেতিৰ প্রবাদপ্রতিম পুৰুষ এইজন বগা চাহাবৰ অন্তিম ঠিকনা বিশ্বনাথ চাৰিআলিৰ প্রতাপগড় চাহ বাগিচাৰ সমাধি ক্ষেত্র৷ উল্লেখ্য যে ১৮৭১ চনৰ ২৩ এপ্রিলত তাহানিৰ দৰং জিলাৰ তেজপুৰত শেষ নিশ্বাস ত্যাগ কৰা চার্লছ আলেকজেণ্ডাৰ ব্রুচক সমাধিস্থ কৰা হৈছিল ইউৰোপিয়ান এণ্ড হণ্ডিয়ান চিমেটেৰীত৷ চি এ ব্রুচে আগভাগ লৈ গঢ়ি তোলা এই  সমাধি ক্ষেত্রৰ নাম ১৯৭৪ চনত খ্রীষ্টান চিমেটেৰী, তেজপুৰ কৰা হয় বুলি দৰং মহাবিদ্যালয়ৰ প্রয়াত অধ্যাপক ড০ বিমল নাগে এটি লেখাত উল্লেখ কৰিলেও এহ সমাধি ক্ষেত্রৰ ফলকত ‘দ্য এপিফেনি চিমেটেৰী’ বুলি লিপিবদ্ধ কৰিছে৷ ঊষা–নিৰুদ্ধৰ প্রেম কাহিনীৰে বিধৌত তেজপুৰ নগৰৰ এই সমাধি ক্ষেত্রত যদিও এহজন লেখক, চাহ উদ্যমীক সমাধিস্থ কৰা হৈছিল তথাপি আলেকজেণ্ডাৰ ব্রছৰ মৃত্যুৰ ১১৯ বছৰৰ পিছত সলনি কৰা হৈছে ঠিকনা৷ পুৰণি সমাধিৰ কাষতে মার্বলত লিপিবদ্ধ আছে–original grave stone shifted to pratabgurh tea estate cemetry in 1990 for safe keeping with consent of all concerned. খেজুৰৰ ছাঁত আশ্রয় লোৱা চাহ উদ্যোগৰ পথিকৃৎজনৰ বাবে এতিয়া আশ্রয় প্রতাপগড় বাগিচাৰ সমাধি ক্ষেত্র৷ এইবাৰ বৃহৎ বৃহৎ ইউকেলিপ্টাছৰ ছাঁত অন্তিম জিৰণি চাহৰ জনকজনৰ৷ প্রতাপগড় বাগিচাৰ ফেক্টৰীৰ কাষতে অন্তিমটো ঠিকনাৰে একপ্রকাৰ সংগোপনে আশ্রয় লোৱা অসমৰ চাহৰ পিতৃপুৰুষৰ সমাধিটো কিন্তু ‘ছেফ কীপিং’ হৈ থকা নাই৷আলেকজেণ্ডাৰ ব্রুচৰ সহধর্মিণীৰ একেলগে থকা এই ঐতিহাসিক গৰিমাৰে মূর্ত সমাধিটো এতিয়া কিন্তু একেষাৰে সুৰক্ষিত বুলিব নোৱাৰি৷ চাফ–চিকুণকৈ ৰাখিলেও সম্ভৱতঃ গছৰ ডাল পৰি সমাধিটোৰ লোৰ শৃংখলবিলাক সমাধিটোৰ ওপৰতে পৰি আছে৷ সমাধিৰ ফলকখনো অস্পষ্ট৷ মেকলিন মেগৰৰ একালৰ চাহ সাম্রাজ্যৰ ৰাজধানী স্বৰূপ প্রতাপগড় চাহ বাগিচা নান্দনিক শোভাৰেও অদ্বিতীয়৷

পিছে অসমৰ চাহ উদ্যোগ আৰু চাহ আৱিষ্কাৰৰ এহ দুশ বছৰীয়া জয়ন্তীৰ লগ্ণত চৰকাৰীভাৱে উপেক্ষিত হৈ থকা চাহৰ জনকগৰাকী স্বাভিমানী অসমীয়াৰ বাবে প্রাতঃস্মৰণীয় ব্যক্তি৷ কিয়নো এহজন চাহ বোর্ডৰ অধীক্ষকৰ বাবেহ হাবি–জংঘলৰ চাহে লাভ কৰিলে আন্তঃৰাষ্ট্রীয় সুখ্যাতি আৰু অর্থনৈতিকভাৱেও লাভান্বিত কৰিছে অজস্রজনক৷ চৰকাৰীভাৱে চাহ উদ্যোগৰ এইজন পিতৃপুৰুষৰ সমাধিক্ষেত্র সুৰক্ষিত কৰি ভৱিষ্যতে গৱেষণাৰ পথ মুকলি ৰাখিলে অন্ততঃ অকৃতজ্ঞতাৰ পৰা ৰক্ষা পৰিব অসমবাসী৷ চার্লছ আলেকজেণ্ডাৰ ব্রুছৰ পৰিশ্রম আৰু দূৰদর্শিতাহ চাহ ক্ষেত্রৰ চৈনিক আগ্রাসন ৰোধ কৰাহ নহয়বৰঞ্চ অসমৰ ভূমি ৰক্ষাৰ ক্ষেত্রতো এক যুগান্তকাৰী পদক্ষেপ লোৱা বুলি অভিহিত কৰা হয়৷ তাৎপর্যপূর্ণ যে ১৭৯৩ চনৰ ১১ জানুৱাৰীত জন্মগ্রহণ কৰা আলেকজেণ্ডাৰ ব্রুছ নৌসেনা বিষয়াৰূপে কার্যনির্বাহ কৰিছিল যদিও ১৮৩৫ চনত তেওঁক চাহ বোর্ডৰ অধীক্ষক ৰূপে নিয়োগ কৰে৷ কার্যতঃ ইয়াৰ পিছতে আৰম্ভ হৈছিল অসমৰ চাহৰ দিগ্বিজয় যাত্রা৷ ১৯২৩ চনত ৰবার্ট ব্রুচৰ চিংফৌ মুখিয়ালৰে মুখামুখি আৰু চাহৰ সম্ভেদ লাভৰ সেই আপুৰুগীয়া সাক্ষাৎকাৰৰ ফলতে চৈনিক আধিপত্য ৰোধৰ ব্রিটিছৰ অভিনৱ চাহ খেতি সম্পৰীক্ষাই এতিয়া জাতিটোক ধন্য কৰিবলৈ সক্ষম হৈছে৷ বেপাৰী জাতি ব্রিটিছৰ বাণিজ্যিক কৌশলক লুণ্ঠনকাৰী আদি যি অভিধাৰেই বিভূষিত কৰা নহওক কিয়, চাহৰ আৱিষ্কাৰে অসম নামৰ ভূখণ্ডত কিন্তু অভিনৱ পৰিৱেশ সৃষ্টি কৰে৷ স্বর্গদেড পুৰন্দৰ সিংহ আৰু চন্দ্রকান্ত সিংহৰ এজেণ্ট ৰূপে পৰিচিত ১৮২৩ চনত গড়গাঁৱলৈ বাণিজ্যিক কাৰণত আগমন ঘটা ৰবার্ট ব্রুচক অসমীয়া বাণিজ্যিক তথা পৰম্পৰাগত চাহৰ আৱিষ্কাৰক বুলি অভিহিত কৰা হয়৷ তদুপৰি এহক্ষেত্রত ৰবার্ট ব্রুচৰ সহোদৰ চি এ ব্রুচকো সমমর্যাদা দিব বিচাৰে ব্রিটিছৰ বিষয়াবর্গহ৷ ব্রিটিছৰ বাণিজ্যিক সম্প্রসাৰণবাদৰ লগতে চীনত চাহ খেতিৰ ওপৰত থকা হষ্ট হণ্ডিয়া কোম্পানীৰ একচেটিয়া অধিকাৰ হেৰোৱাৰ সময়তে নতুনকৈ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি চাহ খেতিৰ এক বিশাল ব্যাপাৰ আৰম্ভ কৰাত চি এব্রুচৰ অৱদান অতুলনীয়৷ সম্ভৱতঃ ভাতৃৰ পদাংক অনুসৰণ কৰি শদিয়া আদি অঞ্চলৰ পৰা চি এ ব্রুচে চাহ আৰু গুটি সংগ্রহ কৰি কলিকতাৰ বোটানিকেল গার্ডেনৰ অধীক্ষকলৈ প্রেৰণ কৰে৷ ১৯৩২ চনৰ পৰাহে কার্যতঃ চাহ খেতিৰ বিপুল সম্ভাৱনাৰ দ্বাৰ উন্মোচিত হ’বলৈ আৰম্ভ কৰে৷ ইয়াৰ পিছতেই অসম প্রদেশৰ প্রশাসক জেনকিনছৰ উৎসাহ আৰু চাহ কমিটী গঠনৰ লগতে গর্ডনৰ দৰে ডৎসাহী ব্যক্তিৰ প্রচেষ্টাহ চাহৰ নিজস্ব পৰিমণ্ডল গঠনৰ কাম আগবাঢ়ে৷ চি এ ব্রুচক চাহ অধ্যুষিত অঞ্চলৰ অধীক্ষকৰ পদত অভিষিক্ত কৰাৰ লগতে অসমৰ চাহ আৰু মাটিৰ সম্পৰীক্ষা আৰম্ভ হয়৷ মাহিলি চাৰিশ টকা দৰমহা প্রাপ্ত চীনা আৰু থলুৱা শ্রমিকৰ প্রচেষ্টাত ডৎপাদন কৰা চাহ ১৮৩৭ চনত ৪৬টা বাকচ গৃহভূমি হংলেণ্ডলৈ প্রেৰণ কৰে যদিও উপযুক্ত দক্ষতাৰ অভাৱত চাহসমূহ নষ্ট হয়৷ অসমৰ চাহৰ প্রথমটো আন্তঃৰাষ্ট্রীয় দিগ্বিজয়ী যাত্রা ফলাফলশূন্যভাৱে সমাপ্ত হয় যদিও এই যাত্রাৰ কিন্তু যতি নপৰিল৷ আনকি সুদূৰ হংলেণ্ডত ১৮৪০ চনত গঠন হ’ল অখ্যাত মানৰ অত্যাচাৰত জর্জৰিত,বগা বঙালৰ পদানত অসমৰ নামেৰে প্রথমটো ‘অসম চাহ কোম্পানী’৷ ইয়াৰ পিছতেই হাবি–জংঘল কাটি আৰম্ভ চাহ খেতি৷ চাহ খেতি ইষ্ট হণ্ডিয়া কোম্পানীৰ নিজৰ হাতত ৰখাৰ পৰিৱর্তে বিভিন্ন কোম্পানীয়ে খেতি কৰিবলৈব্যৱস্থা ৰখা হ’ল৷ নক’লেও হ’ব– এনে সুবিধাৰ সুবাদত মণিৰাম দেৱানেও চাহ বাগিচা স্থাপনৰ সুবিধা লাভ কৰিলে৷ উল্লেখযোগ্য কথা যে অৱসৰৰ পিছত ব্রুছ দম্পতীয়ে তেজপুৰৰ এপিফেনী(epiphany) চার্চৰ বাবে বাকী জীৱন কাল উৎসর্গা কৰি খ্রীষ্ট ধর্ম প্রসাৰৰ বাবে আত্মনিয়োগ কৰিছিল৷

You might also like