নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলতকৈ ধুবুৰীলৈ মইহে বেছিকৈ আহোঃ পৱিত্ৰ মাৰ্ঘেৰিটা

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ “ধুবুৰী জিলাৰ অৰুণোদয় ২.০ৰ যিখন নিৰীক্ষণ কমিটি আছে তাৰ মই ৰাজ্য চৰকাৰৰ মনোনীত সদস্য। অৰুণোদয় আঁচনি – যিটো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এটা যুগান্তকাৰী আঁচনি। সেই আঁচনিত যাতে দৰিদ্ৰ লোকে, প্ৰকৃত প্ৰাপ্য যাৰ তেওঁলোকে যাতে পায় তাৰ বাবে আমি আজি তৃতীয়খন বৈঠকত বহিছোঁ।” আজি ধুবুৰীস্থ জিলা উপায়ুক্ত কাৰ্য্যালয় প্ৰেক্ষাগৃহত অৰুণোদয় ২.০ ৰ জিলা ভিত্তিক নিৰীক্ষণ সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত অংশ লোৱাৰ পিছত উপস্থিত সাংবাদিকক এয়া সদৰি কৰে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উপদেষ্টা পৱিত্ৰ মাৰ্ঘেৰিটাই। ল’গতে ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ দলৰ চুপ্ৰিমো বদৰুদ্দিন আজমলক কটাক্ষ কৰি তেওঁ কয় যে, “ধুবুৰী এতিয়া মোৰ গৃহ জিলাৰ দৰে হৈ পৰিছে। মোক ইয়াৰ মানুহেই কৈছে স্থানীয় যিগৰাকী সন্মানীয় সাংসদ বদৰুদ্দিন আজমল ডাঙৰীয়া যিমান আহে তাতকৈ মই বেছিকৈ আহোঁ। এই কথাষাৰ মোক বৰ আনন্দিত কৰে, আজমল চাহাব যিমান আহে তাতকৈ মই ইয়ালৈ বেছি আহি সমাজৰ সৈতে সময় কটাওঁ।” আনহাতে এনচিআৰটিৰ ইতিহাসৰ পাঠ্যক্ৰমৰ পৰা কিছু কৰ্তন কৰাৰ বিষয়টো লৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত “এনচিআৰটিয়ে কি কৈছে সেয়া অধ্যয়ন কৰাৰ আগতে আমাৰ অত্যুৎসাহী বহু – শুভাকাংখী তেওঁলোক, সমাজখনক ভাল পায়, নিজস্ব ৰায় দি দিছে সামাজিক মাধ্যমত, মিডিয়াত” বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কয়, “তেওঁলোকে যেন গোটেই পাঠ্যক্ৰমত কি কি আছে, কি কি পাঠ্যসূচীত অন্তৰ্ভূক্ত হৈছে সকলোখিনি পঢ়ি শেষ কৰিলে এনে ধৰণৰ এটা সিদ্ধান্ত দিছে। পিছত আকৌ বহুতে পোষ্টবোৰ মচিও (delete) দিছে।” বিষয়টোৰ ওপৰত নিজৰ মতামত দাঙি ধৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচীবগৰাকীয়ে কয় যে, “ইয়াত কোনো ধৰণৰ, তেনে ধৰণৰ ইতিহাস বিকৃতকৰণ, ইতিহাস নাইকীয়া কৰণ কৰা হোৱা নাই। তাত যিবোৰ কথা এতিয়াও সন্নিবিষ্ট হোৱা নাই – পৃথু হওক বা আমাৰ লাচিত বৰফুকনেই হওক বা আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ যিসকল ‘আনচাং হিৰ’চ’ আছে – যিবোৰ অধ্যায় বাওঁপন্থী যিসকল বুৰঞ্জীবিদে নিলিখিছিল; ভাৰতৰ প্ৰকৃত সৌৰ্য্য-বিৰ্যৰ কথা একেবাৰেই পঢ়িবলৈ দিয়া হোৱা নাছিল। এইটো অপ্ৰিয় সত্য। এইটো অপ্ৰিয় সত্য যে কেৱল মোগল ইতিহাসেই বেছিকৈ অধ্যয়ন কৰা হৈছিল, কৰোৱা হৈছিল। মোগল ইতিহাসৰ যিটো এটা নিৰ্দিষ্ট সময় আছে সেইখিনিও পঢ়িব। কিন্তু ঠিক সেইদৰে, সমান্তৰাল ভাৱে বাকী যি আমাৰ ভাৰতীয় যিটো ঐতিহ্য, সেই ঐতিহ্য যিদৰে ব্ৰিটিছৰ সেই মেকক্লেয়াৰৰ দিনৰ পৰা ঢাকি ৰাখিবলৈ চেষ্টা কৰা হৈছিল, আমাৰ উত্তৰ-পূৱকে আদি কৰি বিভিন্ন প্ৰান্তৰ ইতিহাস, মূল সুঁতিৰ ভাৰতীয় ইতিহাসত সন্নিৱিষ্ট কৰা হোৱা নাছিল – সেইবিলাক সম্পূৰ্ণ নিৰপেক্ষ আৰু বিজ্ঞানসন্মত ভাৱে সামৰি পাঠ্যপুথিত দেশৰ বিদ্বৎ সমাজে সন্নিৱিষ্ট কৰিছে। তাত “এক্সপাৰ্ট কমেন্ট” দিবলৈ মোৰেই ধৃষ্টতা নাই, মই এজন সাংসদ।” সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰৰূপে তেওঁ কয় যে, “সংসদৰ অধিৱেশন চলি থকা বাবে কালি আমি আমাৰ দলৰ কোনো সাংসদ আৰু মন্ত্ৰীবৃন্দই মুখ্য কাৰ্যালয়লৈ গৈ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিলোঁ।সংসদ চৌহদতে সকলো সাংসদ একত্ৰিত হৈ বিজেপিৰ প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰিলোঁ, মাননীয় প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতি মহোদয়ৰ ভাষণ শুনিলোঁ। তদ্ৰূপ অসম বিধান সভাৰো অধিৱেশন চলি থকা বাবে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ সন্মানীয় মন্ত্ৰী বিধায়কসকল যাব নোৱাৰিলে যদিও বিধায়িনী দলৰ কোঠাত উলহ-মালহেৰে আমাৰ এই প্ৰতিষ্ঠা দিৱস পালন কৰিছে।” উল্লেখ্য যে, ধুবুৰী পৌৰসভাৰ ১৪০তম প্ৰতিষ্ঠা দিৱস উপলক্ষে সপ্তাহ যোৰা কাৰ্য্যসূচীৰ আজিৰ অন্তিম দিনা অনুষ্ঠিত হোৱা ৰক্তদান শিৱিৰতো অংশ লয় সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like