ধুবুৰীৰ হৰিজন কলনীত সমূহীয়া মধ্যাহ্ন ভোজন সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি ভাৰতীয় জনতা যুব মৰ্চাৰ ধুবুৰী জিলাৰ উদ্যোগত ধুবুৰীৰ হৰিজন ক’লনিত আয়োজিত দুপৰীয়াৰ এক ৰাজহুৱা মধ্যাহ্ন ভোজন কাৰ্য্যসূচীত অংশ লয় ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উপদেষ্টা পৱিত্ৰ মাৰ্ঘেৰিটাই। পুৱাৰে পৰা অধীৰ আগ্ৰহেৰে অপেক্ষাৰ’ত হৰিজন ক’লনিৰ ৰাইজে সাংসদগৰাকী উপস্থিত হোৱাৰ ল’গে ল’গে তেখেতক ফুলাম গামোচাৰে উষ্ম আদৰণি জনায়। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা গৰাকীয়ে ক’লনিটোৰ ৰাইজৰ মনৰ কথাৰো বুজ লয়। হৰিজন ক’লনিৰ কণ কণ শিশু আৰু পুৰুষ-মহিলাৰ সৈতে একেলগে মাটিত বহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে তেওঁ। ক’লনিৰ ৰাইজে ৰন্ধা খিচিৰি আৰু লাবৰাৰ সোৱাদ লৈ আপ্লুত হৈ পৰাও দেখা যায় তেওঁ। খোৱাৰ সময়ত উপস্থিত সাংবাদিকৰে হোৱা কথা-বতৰাত পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে, “ভাৰতীয় জনতা পাৰ্টিয়ে সামাজিক ন্যায় সপ্তাহ পালন কৰিছে ৬ এপ্ৰিলৰ প্ৰতিষ্ঠা দিৱসৰ পৰা ১৪ এপ্ৰিলৰ আমাৰ মহান পুৰুষ, মহান ভাৰতীয় ভীমৰাও আম্বেদকাৰৰ জয়ন্তীলৈকে। এই সাত দিন আমি সামাজিক ন্যায় সপ্তাহ হিচাৱে পালন কৰিছোঁ। সমাজৰ বিভিন্ন বৰ্গৰ ওচৰলৈ আগবাঢ়িছোঁ। পিছ পৰা জাতি, অন্যান্য জাতি, অনুসূচীত জাতি-জনজাতিৰ কাষলৈ গৈছোঁ। আৰ্থিক ভাৱে যিসকল সংগ্ৰামী – তেওঁলোকৰ ওচৰত থিয় গৈছোঁ; তেওঁলোকৰ মনৰ কথা বুজ লৈছোঁ।” তেওঁ ল’গতে কয় যে, “ভাৰতীয় জনতা পাৰ্টী এটা নিৰ্বাচন জিকাৰ যন্ত্ৰ নহয়; জনহিতাৰ্থে, জনসেৱাৰ্থে, ভাৰত মাতৃৰ বাবে সমৰ্পণৰ উদ্দেশ্যেৰে গঢ় লোৱা এটা ৰাজনৈতিক শক্তি, ভাৰত মাতৃৰ বাবে উৎসৰ্গিত এক শক্তি। গতিকে আমি সেই কাৰণে নিৰ্বাচন বাদ দিও আমি জনগণৰ কাষত থাকোঁ। ” তেখেতৰ মন্তব্য, “হৰিজন ক’লনিত ভাৰতীয় জনতা পাৰ্টী এতিয়া নহয়, বিগত জন সংঘ যেতিয়া স্থাপন হৈছিল তেতিয়াৰ দিনৰ পৰা আমি একলগে থাকোঁ। হৰিজন ক’লনিলৈ অহা, হৰিজন ক’লনিত আমি উৎসৱ-পাৰ্বণত অংশগ্ৰহণ কৰা, অনুষ্ঠান পতা, ইয়াৰ ছাত্ৰ-ছাত্ৰী বা জ্যেষ্ঠজনৰ বিভিন্ন ক্ষেত্ৰত শিক্ষা-দীক্ষা, স্বাস্থ্যত সেৱা আগবঢ়োৱা বা একেলগে ভোজন কৰা – এইটো নতুন কথা নহয়। আজি যে ভাত খাইছোঁ এইটো অতি বিশেষ ঘটনা নহয়। আমি এনেকৈ খায়ে থাকোঁ। কিন্তু আজিৰ উপলক্ষটো এই কাৰণেই গুৰুত্বপূৰ্ণ – আমি এই সপ্তাহটো আম্বেদকাৰ জীৰ নামত উৎসৰ্গা কৰিছোঁ। আজিৰ এই সমুহীয়া মধ্যাহ্ন ভোজন গ্ৰহণ কাৰ্য্যসূচীত বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত, জিলাখনৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উপ-সভাপতি বিশ্বজিৎ দাস, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সন্ন্যাসী, ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, জ্যেষ্ঠ বিজেপি নেতা বিমল ওচোৱাল প্ৰমুখ্যে বিজেপি আৰু যুৱ মৰ্চাৰ কাৰ্য্যকৰ্তাকে ধৰি হৰিজন ক’লনিৰ সমূহ ৰাইজে একলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী