নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুধনৈ চহৰৰ মাজমজিয়াত বাৰ্নিং বলেৰো

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিল : আজি আবেলি চাৰি মান বজাত দুধনৈ চহৰৰ মাজ মজিয়াৰ ৰাজপথত দাউ দাউ কৈ জ্বলি উঠে এখন বলেৰো বাহন ৷ জানিব পৰা মতে তুৰা বাঘমাৰাৰ পৰা খাৰকুটালৈ গৈ থকা এ এছ-০২-এম-৬৫৬৭ পঞ্জীয়ন নম্বৰৰ বলেৰো বাহন খনে দুধনৈ হোটেল হেলীৰ কাষত পাৰ্কিং কৰি ওচৰতে থকা মটৰ পাৰ্টচৰ দোকান মোবিল লবলৈ যায় তেনে সময়তে বাহনখন দাউ দাউ কৈ জ্বলি উঠে । লগে লগে জ্বলি উঠা বাহন খন দেখি স্থানীয় লোকে জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও বেছিকৈ জ্বলি উঠে জুই। পিছত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় যদিও ইতিমধ্যে গাড়ী খন জ্বলি ছাই হয়। অৱশ্যে অগ্নি নিৰ্বাপক বাহিনী আহি সম্পূৰ্ণ জুই নুমুৱাৰ ফলত ওচৰত থকা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ অগ্নি কাণ্ডৰ পৰা হাত সাৰে। বাহন খনৰ গৰাকী হ’ল মেঘালয় বাঘমাৰাৰ চাংচ্ৰাং মোমিন ৷ বাহন খনত আৰোহী হিচাবে আছিল চিং মোমিন৷ এই ঘটনাৰ ফলত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কিছু সময়ৰ বাবে যান-যটৰ সৃষ্টি হয়৷ কি কাৰণত বাহনখন জ্বলি উঠিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷
প্ৰেৰক বেনজিন বড়ো

You might also like