১১ এপ্ৰিলত ডিব্ৰুগড়ত বিজেপিৰ উজনি অসম আঞ্চলিক কাৰ্যালয়ৰ ভূমি পুজন কৰিব অমিত শ্বাহে
- ৪০ হাজাৰ লোকৰ সমাবেশৰে ডিব্ৰুগড়ত বিশাল জনসভাঃপ্ৰস্তুতি প্ৰায় সম্পূৰ্ণ
- ডিব্ৰুগড় বিমান বন্দৰত আদৰণি জনাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ৯ এপ্রিল: অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ডিব্ৰুগড় বিমান বন্দৰত আদৰণি জনাব।কেন্দ্ৰীয় মন্ত্ৰী গৰাকী ডিব্ৰুগড়ৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত আদৰণি জনাই মোম্বাইলৈ যাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।পুনৰ ১১ এপ্ৰিলৰ পুৱাৰ ভাগতে মোম্বাইৰ পৰা ডিব্ৰুগড়ৰ জনসভাত উপস্থিত হবহি মুখ্যমন্ত্ৰী ড° শৰ্মা।
কেন্দ্ৰীয় গৃহমন্ত্ৰী মন্ত্ৰী অমিত শ্বাহে অহা ১০ এপ্ৰিলৰ পৰা অৰুণাচল প্ৰদেশৰ আনজাও জিলাত ২ দিনীয়া ভ্ৰমণলৈ যোৱাৰ কাৰ্যসূচীৰ মাজতে অহা ১১ এপ্ৰিলৰ দুপৰীয়া ডিব্ৰুগড়ত বিজেপিৰ উজনি অসম আঞ্চলিক কাৰ্যালয়ৰ ভূমি পুজন কৰাৰ লগতে এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব।ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে জানিবলৈ দিয়া অনুসৰি প্ৰায় ৪০ হাজাৰ লোকৰ সমাবেশৰে অনুষ্ঠিত হব লগীয়া জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সাৰগৰ্ভ ভাষণ প্ৰদান কৰিব।চহৰখনৰ মানকটা পুজা ফিল্ডত অনুষ্ঠিতব্য জনসভাৰ প্ৰস্তুতিৰো প্ৰায় সম্পূৰ্ণ হৈছে।বিধায়ক ফুকনৰ মতে, গৃহমন্ত্ৰী অমিত শ্বাহে উক্ত জনসভাৰ পৰাই ভূমি পুজনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি জনতাক সম্বোধন কৰিব।উক্ত সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱাল,ৰামেশ্বৰ তেলী,ৰাজ্যৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগ,বিমল বৰা,পীযুষ হাজৰিকা,ৰঞ্জিত দাস,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা সহ আন বহু বিধায়ক,সাংসদ,দলীয় বিষয়ববীয়াসকল উপস্থিত থাকিব বুলি বিধায়ক ফুকনে ‘নিয়মীয়া বাৰ্তা’ৰ আগত সদৰী কৰে।উল্লেখ্য যে বিজেপিৰ উজনিৰ আঞ্চলিক কাৰ্যালয়টো চহৰখনৰ মাজমজিয়াৰ জীৱন ফুকন নগৰৰ লীলা গগৈ পথত পঞ্চ তাৰকাযুক্ত আৰ্হিত নিৰ্মান কৰা হব।
আনহাতেদি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১০ এপ্ৰিলৰ পুৱা ১০:১০ বজাত বিএচএফৰ বিশেষ বিমানেৰে দিল্লীৰ পালাম বিমান বন্দৰৰ পৰা উৰা মাৰি ১২:৪০ বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰাৰ কথা।বিমানতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি অৰুণাচলৰ কিবিথুলৈ ১২:৪৫ বজাত যাত্ৰা কৰি দিনৰ ২ বজাত কিবিথুৰ সামৰিক ঘাটিৰ হেলিপেডত অৱতৰণ কৰিব।নিশাৰ ভাগত কিবিথুতে কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।অৰুণাচলৰ আনজাও জিলাৰ ভাৰত-চীন সীমান্তবৰ্তী কিবিথুৰ কেইটামান অনুষ্ঠানত অংশ গ্ৰহণ কৰি ১১ এপ্ৰিলৰ দিনৰ ১১:৩৫ বজাত ৱালঙ(অৰুণাচল)ৰ হেলিপেডৰ পৰা বি এছ এফৰ বিশেষ হেলিকপ্টাৰেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত দিনৰ ১২:৩৫ বজাত উপস্থিত হোৱাৰ কথা।কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে ডিব্ৰুগড়ত অৱতৰণ কৰিয়েই বিমান বন্দৰৰ পৰা গাড়ীৰে আহি মানকটাৰ জনসভাত অংশ গ্ৰহণ কৰাৰ কথা।ডিব্ৰুগড়ত প্ৰায় ডেৰ ঘণ্টা সময় কটাই মানকটাৰ বিশাল ৰাজহুৱা সভাত সম্বোধন কৰি কাৰ্যসূচীৰ পিছত তেওঁ বি এছ এফৰ এম্ব্ৰায়াৰ বিমানেৰে দিল্লীলৈ ৰাওনা হ’ব বুলিও এক চৰকাৰী সূত্ৰত প্ৰকাশ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা ১০ আৰু ১১ এপ্ৰিলত অৰুণাচল প্ৰদেশলৈ ২ দিনীয়া ভ্ৰমণৰ সময়ত তেওঁ ভাৰত-চীন সীমান্তৰ কিবিথুত ‘ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম’ আৰম্ভ কৰিব। ভিভিপি কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনিৰ অধীনত অৰুণাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ ৰাজ্যৰ উত্তৰ সীমান্তৰ সংলগ্ন ১৯খন জিলাৰ ৪৬টা ব্লকৰ ২,৯৬৭খন গাঁওক ব্যাপক উন্নয়নৰ বাবে চিনাক্ত কৰা হৈছে।
গৃহমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশ ভ্ৰমণত অহা ১০ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ কিবিথুত “সোণ জয়ন্তী সীমান্ত আলোকসজ্জা কাৰ্যসূচী”ৰ অধীনত নিৰ্মিত ৰাজ্য চৰকাৰৰ ৯টা মাইক্ৰ’ হাইড্ৰেল প্ৰকল্পৰ উদ্বোধন কৰিব শ্বাহে।এই বিদ্যুৎ প্ৰকল্পসমূহে সীমান্ত গাঁৱত বসবাস কৰা লোকসকলক সবলীকৰণ কৰিব।
লিকাবালি (অৰুণাচল প্ৰদেশ), চাপৰা (বিহাৰ), নুৰানাড (কেৰালা) আৰু বিশাখাপট্টনম (অন্ধ্ৰপ্ৰদেশ)ত আন্তঃগাঁথনি বৃদ্ধিৰ বাবে ভাৰত-তিব্বতী সীমান্ত আৰক্ষী (আই টি বি পি) প্ৰকল্পও উদ্বোধন কৰিব। কিবিথুত আইটিবিপিৰ জোৱানৰ সৈতেও মত বিনিময় কৰিব গৃহমন্ত্ৰী গৰাকীয়ে।সীমান্ত জিলাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে নিৰ্মাণ কৰা সামগ্ৰীৰ প্ৰদৰ্শনীৰ ষ্টলসমূহ পৰিদৰ্শন কৰিব গৃহমন্ত্ৰী শ্বাহে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।