স্মার্ট মিটাৰক লৈ বিদ্যুৎ গ্রাহকৰ মাজত হাহাকাৰ: প্রিপেইড মিটাৰ ৰিচার্জ কৰি কৰি ভাগৰি পৰিছে উপভোক্তা
- এমাহত ভৰিব লগা হ’ল তিনি মাহৰ বিল
- এপিডিচিএলৰ মতে স্মার্ট প্রিপেইড মিটাৰত বিসংগতি নাই
- স্মার্ট মিটাৰৰ সমান্তৰালকৈ সংযোগ কৰিব চেক মিটাৰ
- গ্রাহকে এমাহলৈ ৰিচার্জৰ নামত জলাকলা খোৱাৰ সম্ভাৱনা
- এপিডিচিএলৰ হোৱাটছএপ নম্বৰত অভিযোগ দাখিলৰ পাছতো নাই কোনো উত্তৰ
নিয়মীয়া বাৰ্তা, ১১ এপ্রিল: বিদ্যুৎ বিভাগৰ স্মার্ট মিটাৰক লৈ হাহাকাৰৰ মাজত পৰিছে সাধাৰণ উপভোক্তা৷ স্মার্ট মিটাৰৰ অস্মার্ট কার্যকলাপত একপ্রকাৰ অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা৷ বিদ্যুৎ বিল আদায়ৰ বাবে অসম বিদ্যুৎ বিতৰক কোম্পানী লিমিটেড, চমুকৈ এপিডিচিএলে শেহতীয়াকৈ প্রতিজন উপভোক্তাৰ মিটাৰ প্রিপেইড অথবা স্মার্ট মিটাৰলৈ সলনি কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ স্মার্ট মিটাৰৰ জৰিয়তে উপভোক্তাৰ বিদ্যুৎ যোগানৰ সকলো দিশ জ্ঞাত হ’ব বুলি প্রচাৰ চলাই অহা এপিডিচিএলে ইয়াৰ জৰিয়তে গ্রাহকে বিল পৰিশোধৰ দীঘলীয়া লাইনৰ সমস্যাত নপৰে বুলিও ঘোষণা কৰিছিল৷ অনলাইন অথবা ম’বাইল ফোনৰ জৰিয়তে ঘৰৰ পৰা বিদ্যুতৰ বিল আদায় দিয়াৰ সুবিধা থাকিব বুলি স্মার্ট মিটাৰৰ সপক্ষে ব্যাপক প্রচাৰ চলোৱা এপিডিচিএলে কার্যতঃ ইয়াৰ জৰিয়তে যে গ্রাহকৰ পৰা অত্যধিক মাচুল আদায় কৰাৰ পৰিকল্পনা কৰিছিল সেয়া যেন স্পষ্ট হৈছে৷ কার্যতঃ প্রিপেইড মিটাৰ স্থাপনৰ পাছতে প্রতিজন উপভোক্তাই অত্যধিক মাচুল আদায় দিয়াই নহয়, প্রিপেইড ৰিচার্জ কৰি কৰি একপ্রকাৰ ভাগৰি পৰিছে৷ বহু উপভোক্তাৰ মুকলি অভিযোগ– পূর্বে তিনি মাহত আদায় দিয়া মাচুলৰ বিল প্রিপেইড মিটাৰে এটা মাহতে আদায় কৰি লৈছে৷ ৭০০ টকা মাহে বিদ্যুৎ বিল আদায় দিয়া একোজন গ্রাহকৰ ৭০০ টকাৰ বেলেঞ্চ ১৫–১৮ দিনতে নোহোৱা হৈছে৷ আনকি বহু গ্রাহকে এটা মাহত তিনিবাৰকৈ ৰিচার্জ কৰিও বিদ্যুৎ কর্তনৰ শংকাত ভুগিছে৷
পৰিতাপৰ বিষয় যে এপিডিচিএলে স্মার্ট মিটাৰ স্থাপনৰ পাছত যিকোনো কাৰিকৰী সমস্যা অথবা মাচুল সম্পর্কীয় বিষয়ৰ বাবে অভিযোগ দিব পাৰিব বুলি ঘোষণা কৰিছিল৷ আনকি ইয়াৰ বাবে ১৯১২ টোলফ্রী নম্বৰৰ জৰিয়তে অভিযোগো লৈছিল এপিডিচিএলে৷ কিন্তু অভিযোগ গ্রহণ কৰিয়ে দায়িত্ব সামৰা এপিডিচিএলে বিগত সময়ত উপভোক্তাৰ এটাও সমস্যাৰ সমাধান দিব পৰা নাই৷ সেয়াই নহয়, ৮৮৭৬১–০০১০০ হোৱাটছএপ নম্বৰৰ জৰিয়তে নিজৰ সমস্যাৰ কথা অৱগত কৰোৱাৰ পাছতো এপিডিচিএল কর্তৃপক্ষই দিব পৰা নাই উত্তৰ৷ কি কাৰণত বিদ্যুতৰ মাচুল বৃদ্ধি হৈছে বা প্রতি ইউনিটত কিমান টকাকৈ আদায় কৰিছে সেই সম্পর্কে উপভোক্তাৰ পৰা প্রশ্ণৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে এপিডিচিএল৷ ইফালে, প্রিপেইড মিটাৰক লৈ সৃষ্টি হোৱা ক্ষোভ আৰু উপভোক্তাৰ প্রতিবাদৰ বিপৰীতে এপিডিচিএলে স্মার্ট মিটাৰত কোনো বিসংগতি নাই বুলি মন্তব্য কৰিছে৷
এপিডিচিএলৰ গ্রাহক সম্পর্ক কোষৰ উপদেষ্টা অভিজিৎ শর্মা বৰুৱাই এখন সংবাদ মেলৰ জৰিয়তে স্পষ্ট কৰে যে স্মার্ট মিটাৰত কোনো বিসংগতি নাই৷ পূর্বে ৰৈ যোৱা বিল সংযোগ হোৱাতহে মাচুল বৃদ্ধি পাইছে৷ আনকি এপিডিচিএলে আজি ইয়াকো স্বীকাৰ কৰে যে অহা এমাহলৈ সাধাৰণ ৰাইজে ৰিচার্জৰ নামত কিছু জলাকলা ভুগিব লাগিব৷ প্রিপেইড মিটাৰক লৈ উত্থাপিত একাধিক অভিযোগৰ পৰিপ্রেক্ষিতত স্মার্ট মিটাৰৰ সমান্তৰালকৈ চেক মিটাৰ সংযোগ কৰাৰ কথাও আজি গ্রাহক সম্পর্ক কোষৰ উপদেষ্টাজনে জানিবলৈ দিয়ে৷ এই চেক মিটাৰৰ জৰিয়তে গ্রাহকে প্রতিদিনে কিমান বিদ্যুৎ খৰচ কৰিলে অথবা প্রতিদিনৰ বিদ্যুতৰ নামত কিমান মাচুল আদায় হ’ল সেয়াও জানিব পাৰিব৷ ইফালে, আজি এপিডিচিএলে গ্রাহকৰ অভিযোগ গ্রহণৰ বাবে পুনৰ হেল্পলাইন নম্বৰৰ কথা উল্লেখ কৰিছে৷ ১৯১২ নম্বৰৰ জৰিয়তে গ্রাহকে সমস্যা অৱগত কৰিব পাৰিব বুলি অভিজিৎ শর্মা বৰুৱাই উল্লেখ কৰাৰ লগতে গ্রাহকে তেওঁলোকৰ বিভিন্ন প্রশ্ণসমূহwww.apdcl.org বাmyBijulee এপৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব৷ ফেচবুক আৰু টুইটাৰত @apdclsocialত টেগিঙৰ জৰিয়তে উত্থাপন কৰিব পাৰিব৷ একেদৰে [email protected]ত মেইল কৰিব পাৰিব৷ গ্রাহকৰ যিকোনো সমস্যাক লৈ সংশ্লিষ্ট উপ–সংমণ্ডলৰ কার্যালয়ৰ সৈতেও যোগাযোগ কৰিবলৈ আজি আহ্বান জনালে গ্রাহক সম্পর্ক কোষৰ উপদেষ্টাজনে৷ ইফালে, সমগ্র ঘটনাৰ পৰিপ্রেক্ষিতত তথা গ্রাহকে সন্মুখীন হোৱা সমস্যাক লৈ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মুখ্যমন্ত্রীগৰাকীয়ে এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি জানিবলৈ দিয়া মতে এপিডিচিএলক এটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰিবলৈ দিয়া হ’ব৷ এই কক্ষৰ পৰাই যিসকল লোকে অভিযোগ দিব তেওঁলোকৰ অভিযোগসমূহ সমাধানৰ চেষ্টা চলাব৷