বকোত নিশা আৰক্ষীৰ চুৰি বাইক বিক্ৰেতা ধন আলীক বিচাৰি অভিযান
- বাইক বিক্ৰেতা ধন আলী পলাতক
নিয়মীয়া বাৰ্তা; ১৯ এপ্ৰিল::– ৰাজ্যত সঘনাই বৃদ্ধি পাইছে বাইক চুৰি ঘটনা।ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ চকুত ধূলি দি প্ৰতিদিনে বাইক চুৰি চক্ৰ তিঘিলঘিলাই ঘূৰি ফুৰিছে। মঙ্গলবাৰে নিশা হঠাৎ মহানগৰীৰ ভৰলুমুখ আৰক্ষী আৰু বকো আৰক্ষীয়ে বাইক চুৰি চক্ৰৰ বিৰুদ্ধে চলালে অভিযান। আৰক্ষীৰ দল দুটাই নিশা বকোত চলাই অভিযান। বকোৰ পুৰনি বাইক বিক্ৰীৰ দোকান এখনত অভিযান চলাই ভৰলু আৰু বকো আৰক্ষীয়ে।প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটী মহানগৰৰ পৰা চুৰি হোৱা বাইক এখন কামৰূপ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আন এজনৰ নামত নতুনকৈ পঞ্জীয়ন কৰিবলৈ যাওঁতে পোহৰলৈ আহিছিল এই ভয়ংকৰ তথ্য।জানিব পৰা মতে বকোৰ লোক এজনে চুৰি হোৱা বাইকখন ক্ৰয় কৰি নতুন পঞ্জীয়নৰ বাবে গৈছিল পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ। বকোৰ মনো কলিতাৰ পুৰণি বাইক বিক্ৰী কৰা দোকানত চলিছিল আৰক্ষীৰ অভিযান। চুৰি বাইক বিক্ৰী কৰা ধন আলী নামৰ যুৱকজনক বিচাৰি অভিযান।খবৰ অনুসৰি গুৱাহাটী ভৰলুমুখৰ কুমাৰপাৰাৰ পৰা চলিত মাহৰ ৫ তাৰিখে চুৰি হৈছিল পালচাৰ বাইকখন।আৰক্ষীয়ে নিশাই চুৰি পালচাৰ বাইক খন উদ্ধাৰ কৰিল যদিও চুৰি বাইক বিক্ৰেতা ধন আলীক কৰায়ত্ত কৰিবলৈ সক্ষম নহল।
প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন