এবছৰৰ পূৰ্বে ম’বাইল ভাল কৰিবলৈ গৈ সন্ধানহীন যুৱক, এতিয়া আলফাৰ কেম্পত! ভিডিঅ’ চাই অচেতন হল পিতৃ-মাতৃ!
- পত্নী-শিশু পুত্ৰক এৰি সশস্ত্ৰ যোদ্ধাৰ ৰূপত ডিব্ৰুগড়ৰ অভিলেখ!
- ৰোগীয়া পুত্ৰক ওভতাই পঠাবলৈ পৰেশ বৰুৱাক আহবান পিতৃৰ!
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল: এটা ভিডিঅ’! তাৰ পিছতেই হাহাকাৰ চৌদিশ! সশস্ত্ৰ সামৰিক সাজত বিহু জুৰিছে,এজাক পাহুৱাল ডেকাই।কোনো এক অচিন স্থানত,চৌপাশে সুন্দৰ বট-বৃক্ষৰে আবৰি থকা নৈসৰ্গিক প্ৰকৃতিৰ মাজৰ এক মুকলি মঞ্চৰ পৰাই সমগ্ৰ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাই জুৰিছে–‘দদাইদেউ ঐ, দদাইদেউ ঐ-প্ৰকৃতিৰ নিয়ম লৈ-অসমীৰ বুকুলৈ আকৌ আহি পালেহি-ৰঙালী বিহু; জাতিক সুঁৱৰি,আইক প্ৰনামী-আমি সবে মিলি হুচৰি জুৰো’–প্ৰায় ২ মিনিট ৫০ চেকেণ্ডৰ এই ভিডিঅ’টো সকলো চেনেল,টিভিৰ পৰ্দাত আৰু বিভিন্ন সামাজিক মাধ্যমত নিমিষতে ভাইৰেল হৈ পৰিছিল।এয়া আন কোনো নাছিল!এয়া আছিল নিষিদ্ধ সংগঠন আলফা (স্বাধীন)ৰ সশস্ত্ৰ সংগ্ৰামী যোদ্ধাৰ ৰঙতে ৰাঙলী হৈ পৰা এজাক চফল ডেকাৰ হুচৰি।এগৰাকী পাহুৱাল ডেকাই আঁত ধৰি অন্ত:কৰণে জুৰিছে বিহু নাম।সহযোগ কৰিছে প্ৰায় শতাধিক সশস্ত্ৰ সংগ্ৰামী সহযোদ্ধাই।সিমানলৈ সকলো ঠিকেই আছিল।কিন্তু আলফাৰ এই শুভেচ্ছামূলক বিহু টিভি পৰ্দাত ভাহি অহাত এজন লোক হতভম্ব হৈ প্ৰায় সজ্ঞাহীন হৈ পৰে।লগতে এগৰাকী মহিলাই হিয়া উবুৰি হুকহুককৈ কান্দি আউলি-বাউলি হৈ পৰিল।বহু পৰলৈ পৰিয়ালৰ লোকে একো উৱাদিহ পোৱা নাছিল।যেতিয়া সকলোৰে জ্ঞাত হৈ পৰে,তেতিয়া চকু থৰ হৈ পৰে সমগ্ৰ ভিডিঅ’টোত।
প্ৰকৃততে হৈছিল কি?
আলফা স্বাধীনে অসমবাসীক বিহুৰ ওলগ জনাই প্ৰায় ২:৫০ মিনিটৰ এক ভিডিঅ’ ৰাজ্যৰ সংবাদ মাধ্যম সমূহলৈ প্ৰেৰণ কৰিছিল।য’ত শতাধিক আলফাই কোনো অজ্ঞাত স্থানত কে’মফ্লেজ পোচাক পৰিধানৰে হাতত উদ্যত মাৰানাস্ত্ৰ লৈ,মুৰত গামোছা মাৰি বিহু জুৰিছিল আৰু এক চফল,সুঠাম যুৱকে নাম গাই গাই বিহু জুৰিছিল হেপাহ পলুৱাই আৰু এই যুৱকজনকে প্ৰত্যক্ষ কৰিয়েই বাকৰুদ্ধ হৈ সজ্ঞাহীন হৈ পৰিছিল তেওঁৰ অভিভাৱক।
হয়, প্ৰকৃত ঘটনাৰ বাবে আমি ঘূৰি যাব লাগিব ২০২২ চনৰ ৫ মে’ তাৰিখলৈ।ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত তিনঠেঙীয়া অঞ্চলৰ ২ নং চৰাইহাবি গাওঁৰ আৰ্দশ শিক্ষক উচ্চ কমল বৰাৰ একমাত্ৰ পুত্ৰ তথা বিবাহিত অভিলেখ বৰাই মবাইল ভাল কৰিবলৈ এখন স্কুটীৰে ঘৰৰ পৰা যোৱা বছৰৰ অৰ্থাৎ ২০২২ চনৰ ৫ মে’ তাৰিখে ওলাই গৈছিল।কিন্তু সন্ধ্যাটো বাদেই নিশা বহু পৰলৈ অভিলেখ ঘৰলৈ ঘূৰি নাহিল।কোনো সন্ধান নাই অভিলেখৰ।মবাইল ফোনৰো চুইচ অফ!পৰিয়ালত একপ্ৰকাৰ হাহাকাৰৰ স্বৃষ্টি হল।একমাত্ৰ ফুলকুমলীয়া সন্তান থকা পত্নী বাকৰুদ্ধ হৈ পৰিল! ইফালে পিতৃ-মাতৃৰ মুৰত সৰগ ভাগি পৰিল!মিতিৰ-কুটুম,আত্মীয়-স্বজন,বন্ধু-বান্ধবৰ মাজত স্বৃষ্টি হল ব্যাপক কৌতূহল আৰু চাঞ্চল্যৰ!
কত হেৰাই গল অভিলেখ ?
সকলোতে বিচাৰ-খোচৰ আৰম্ভ হল,আৰক্ষীকো দিয়া হল গোচৰ।নাই,কোনো উৱাদিহ নাই, সন্ধান নাই অভিলেখৰ।নিশাৰ বতাহত যেন হেৰাই গল নিমিষতে অভিলেখ।নাই, কাৰোৰে ওচৰত সুদূত্তৰ! পত্নীয়ে একমাত্ৰ পুত্ৰক বুকুত সাৱতি চুকুলো টুকি টুকি আশাৰে বাট চাই ৰল পদুলিলৈ!
ডিব্ৰুগড়ৰ মৰাণ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰা অভিলেখ সৰুৰে পৰা আছিল অতি অমায়িক আৰু বিনম্ৰ।লগতে আছিল সুকন্ঠৰ অধিকাৰী এগৰাকী মঞ্চ শিল্পী।ৰাজ্যৰ বিভিন্ন মঞ্চত গীত পৰিবেশনৰে দৰ্শক-শ্ৰোতাৰ হৃদয় জিনিবলৈ সক্ষম হোৱা অভিলেখ সন্ধানহীন হোৱাৰ এসপ্তাহৰ পাছতে অনুষ্ঠিত হৈছিল সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশন।য’ত অভিলেখে গীত পৰিবেশন কৰাৰ কথা আছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল।এইদৰেই এক ধুমুহাৰ গতিত সময়বোৰ যেন মুৰৰ ওপৰৰে পাৰ হৈ এটা বছৰ গৰকিলে।অভিলেখৰ পত্নীয়েও দুচকুত অযুত সপোন লৈ কনমানিটিক সাৱতি পাৰ কৰিলে বহু উজাগৰি নিশা।পিতৃ-মাতৃয়েও দুচকুৰ পানীত জীৱনৰ বাট নেদেখা অৱস্থা হল! কিহৰ তাড়নাত পৰি অভিলেখ শূণ্যত হেৰাই গল ? কোনে ইমান প্ৰচণ্ড আঘাত দিলে অভিলেখক ? যাৰ বাবেই এনে সিধান্তত অটল থাকিল ? ইত্যাদি ইত্যাদি হাজাৰ প্ৰশ্নই দোলা দি গৈছিল,সকলোৰে মাজত।
ইয়াৰ মাজতে সৌ সিদিনা চেনেহৰ ৰঙালী বিহুটি আহি চ’তাল পালেহি।পৰম্পৰা অনুসৰি ভতিজাকহঁতে চৰণ চুই নীতি নিয়মৰ মাজেৰে আৰ্শীবাদ লওঁতেই কব নোৱাৰাকৈয়ে দুগালে দুধাৰি তপত অশ্ৰু বৈ আহিল অভিলেখৰ পিতৃ উচ্চ কমল বৰাৰ।বিহুৰ দিনা এবাৰ হলেও পুত্ৰৰ অনুপস্থিতিয়ে শোকে খুন্দা মাৰিলে শিক্ষক বৰাক,হুকহুকাই কান্দি উঠিছিল বৰা দম্পতী।ঠিক তেনে সময়তে ৰাজ্যবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাই আলফা(স্বা)ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে এক ভিডিঅ’।আলফাই প্ৰেৰণ কৰা বিহুটি সকলো সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ সমান্তৰালকৈ বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।ইকাণ-সিকাণ কৰি উক্ত বিহু বা হুচৰীৰ কথা শিক্ষক উচ্চ কমল বৰাৰো কৰ্ণপাত হয়।তাৰ পাছত সেই ভিডিঅ’ প্ৰত্যক্ষ কৰি একপ্ৰকাৰ হতভম্ব হৈ পৰে শিক্ষক বৰা।উচপ খাই উঠি কয়–এয়া কি দেখিছো ?এয়া কেনেকৈ সম্ভৱ ? কিয় কৰিলে সি ?
এবছৰৰ পূৰ্বে মবাইল ভাল কৰিবলৈ ওলাই যোৱা লৰাটোৱে আজি সম্পূৰ্ণ সামৰিক পোচাকত এজন সুসজ্জিত যোদ্ধা হৈ কোনো অচিন স্থানত বিহু জুৰিছে।এনে ভিডিঅ’ দেখি অভিলেখৰ মাতৃ এক প্ৰকাৰ অচেতন হোৱাৰ লগতে পত্নীয়ে কনমানিটিক সাৱতি মুক হৈ পৰিল।পুত্ৰৰ এনে ৰূপ দেখি দুৰ্বোধ্য হৈ সংবাদ মাধ্যমৰ আগত অভিলেখৰ প্লিহা(Spleen) এক দুৰ্ঘটনাত হেৰুওৱাৰ বিষয়ে অৱগত কৰি পিতৃ উচ্চ কমল বৰাই কয় যে তাক দেখি সন্তোষ পাইছো,যদিও সি কাৰ চক্ৰত পৰি আলফালৈ গল বুজিব নোৱাৰিলো।সিও আমাক এদিনো নকলে বা আলফাৰ পৰাও কোনো স্পষ্ট নকৰিলে।ইমান ভালকৈ পঢ়া-শুনা কৰাৰ পাছতো কিয় এনে কৰিলে? হয়তো কোনো মাক-দেউতাকে এনে কৰা নিবিচাৰে।মাকৰ গা,তেতিয়াৰে পৰা ভাল নহয়।মোৰ গাটো ভালে নাথাকে।নাতিটোক স্কুল দিবৰ হল।পাপা,… পাপা, বুলি সুধি মাকক,আমাক ব্যতিব্যস্ত কৰে সদায়ে।মাকে এদিনো শান্তিৰে ভাত এসাঁজ খাব পৰা নাই।সি ঘূৰি আহক।বহুত শুকাই-খিনাই গল বুলি কৈ শিক্ষক উচ্চ কমল বৰাই হুকহুককৈ কান্দি উঠিল।কিছু সময় নিৰবতা ভাঙি লৰাটোক ঘূৰাই পঠাবলৈ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আহবান জনায় পিতৃ উচ্চ কমল বৰাই।
উল্লেখ্য যে উক্ত ভিডিঅ’ত বহু ন-ন যুৱকৰ পয়োভৰ দেখা গৈছিল।অৰ্থাৎ আলফাত উজনিৰ বহু শিক্ষিত যুৱকৰ যোগদান বৃদ্ধি পোৱাতো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।