জোনাইত ধুমুহা-বৃষ্টিপাত : ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন বিজেপিৰ ধেমাজি জিলা সভাপতিৰ
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ পশ্চিম জোনাইত কালি সন্ধিয়া অহা প্ৰচণ্ড ধুমুহা আৰু বৃষ্টিপাতে বিস্তাৰ ক্ষতি সাধন কৰেৰামধন দিখাৰী গাঁও পঞ্চায়তৰ শ শ পৰিয়ালৰ।ধাৰাষাৰ বৰষুণৰ সৈতে অহা তীব্ৰ বেগী ধুমুহাই তচনচ কৰি গ’ল জোনাইৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ বহুকেইটা পৰিয়ালৰ ঘৰবাৰী। ভয়াৱহ ধুমুহাত ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ বগৰীগুৰী, জামুগুৰি, তাকাবাৰী, মুলান, মাজগাঁৱ, পাখ্ৰীগুৰী আদি কেইবাখনো গাঁৱত ধুমুহাই সৰ্বাধিক প্ৰভাৱ পৰাত ধ্বংস হয় প্ৰায় এশটা পৰিয়ালৰ ঘৰবাৰী।ইয়াৰ উপৰিও এই বিধ্বংসী ধুমুহাত বহু মূল্যৱান গছ গছনি ভাগি-উভালি পৰাত ছিগি যায় বিদ্যুতৰ তাৰ পৰিবাহী খুঁটাও৷ বিধ্বংসী ধুমুহা,মুষলধাৰ বৰষুণৰ ফলত বিধ্বস্ত হৈ পৰা অঞ্চল সমূহ পৰিদৰ্শক কৰে বিজেপিৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰেম দত্তই।পৰিদৰ্শন কালন সংগ দিয়ে বিজেপিৰ পশ্চিম জোনাই মণ্ডলৰ সভাপতি শিৱকুমাৰ দলে, সাধাৰণ সম্পাদক ভুপেন দাৱ, যূৱ মৰ্চাৰ সভাপতি পূলক চুতীয়া, পশ্চিম জোনাই মণ্ডল যূৱ মৰ্চাৰ সভাপতি ৰিনদাউ গয়াৰী আৰু পশ্চিম জোনাই মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তা উপস্থিত থাকে।
প্ৰেৰক কৰবী দলে