নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিংগবৈষম্য : শ্ৰীনিৱাসৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ ভুক্তভোগী অংকিতাৰ

বিশেষ বাৰ্তা, ২০ এপ্রিলঃ অসম প্রদেশ যুৱ কংগ্রেছৰ সভানেত্রী অংকিতা দত্তই নিখিল ভাৰত যুৱ কংগ্রেছৰ সভাপতি শ্রীনিৱাস বি ভিৰ বিৰুদ্ধে উত্থাপিত অভিযোগে ইতিমধ্যে কংগ্রেছত জোকাৰণি তুলিছে৷ পৰহি কংগ্রেছ নেত্রী অংকিতা দত্তই টুইটাৰযোগে শ্রীনিৱাসে তেওঁক বিগত ছমাহ ধৰি মানসিক নির্যাতন আৰু লিংগ বৈষম্য কৰি অহাৰ গুৰুতৰ অভিযোগ কৰে৷ কংগ্রেছ নেতা ৰাহুল গান্ধীক এই সম্পৰ্কে অভিযোগ দিও কোনো ফল নাপালে বুলি উল্লেখ কৰে৷ অংকিতাৰ টুইটে কংগ্রেছৰ ৰাজনীতিত তোলপাৰ লগায়৷ আনহাতে টুইটৰ পাছতেই কালি শ্রীনিৱাসে অংকিতা দত্তক আইনী জাননী প্রেৰণ কৰে৷ প্রত্যুত্তৰ হিচাপে অংকিতা দত্তয়ো শ্রীনিৱাসলৈ কালি আইনী জাননী প্রেৰণ কৰে৷ তদুপৰি কালিয়েই অংকিতা দত্তই দিছপুৰ থানাত শ্রীনিৱাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ এজাহাৰখনত কংগ্রেছ নেত্রী দত্তই উল্লেখ কৰা অনুসৰি শ্রীনিৱাসে তেওঁক মানসিক নির্যাতনেই নহয়, ছত্তিশগড়ৰ ৰায়পুৰৰ হোটেলত তেওঁৰ শৰীৰো স্পর্শ কৰাৰ বিস্ফোৰক অভিযোগ কৰে৷ এজাহাৰখনত অংকিতাই কয় যে যোৱা ২৫ মার্চৰ সন্ধিয়া ছত্তিশগড়ৰ ৰায়পুৰৰ হোটেল মে-ফেয়াৰত তেওঁ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাকে ধৰি দলৰ শীর্ষ বিষয়ববীয়াসকলক লগ কৰিবৰ বাবে উপস্থিত হয়৷ সেই সময়ত ৰায়পুৰত নিখিল ভাৰত কংগ্রেছ কমিটীৰ পূর্ণাংগ অধিৱেশন চলি আছিল৷ হোটেলখনৰ প্রৱেশদ্বাৰতে হঠাৎ তেওঁ শ্রীনিৱাসৰ মুখামুখি হয় আৰু শ্রীনিৱাসে তেওঁৰ সন্মুখত অশ্লীল বাক্যৱাণ নিক্ষেপ কৰাৰ লগতে ঠেলা হেঁচা কৰি অপদস্থ কৰে৷ আনকি দলীয় নেতৃত্বক অভিযোগ দিলে কেৰিয়াৰ ধ্বংস কৰি দিয়াৰো ভাবুকি দিয়ে৷ শ্রীনিৱাসে তেওঁক এনেধৰণৰ ভাবুকি ৰায়পুৰৰ ঘটনাৰ আগে পিচেও দি আহিছে বুলি এজাহাৰখনত উল্লেখ কৰে৷ এজাহাৰখনত আৰু কয় যে এই বিষয়ে দলৰ শীর্ষ নেতৃত্বক অৱগত কৰোৱাৰ পাছতো কোনো সুফল নোপোৱাৰ বাবে তেওঁ এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয়৷ ইপিনে অংকিতা দত্তৰ সেই অভিযোগৰ পাছতেই আজি অসম প্রদেশ কংগ্রেছ কমিটীয়ে তেওঁক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰে৷ তাৎক্ষণিকভাৱে কাৰণ দর্শোৱাৰ জাননীৰ সদ্যুত্তৰ নাপালে অংকিতাৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰিব৷

You might also like