নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়াৰলেণ্ডত অসমীয়াৰ বাপতিসাহোন ৰঙালী উদযাপন

বিশেষ বাৰ্তা, ২০ এপ্ৰিলঃ যোৱা শনিবাৰে ডাবলিন, আয়াৰলেন্ডত অসম চ’ছাইটি অৱ আয়াৰলেন্ডৰ উদ্যোগত পঞ্চম ৰঙালী বিহু উদযাপন কৰে। আয়োজকসকলে জানিবলৈ দিয়া মতে আয়াৰলেণ্ডত বসবাস কৰি থকা প্ৰবাসী অসমীয়াসকলৰ লগতে, ভাৰতৰ অনান্য ৰাজ্যৰ প্ৰবাসী আৰু আয়াৰলেণ্ড, চীন, নেডাৰলেন্ড, মলড’ভা, পোলেণ্ড, ব্ৰাজিল আদি দেশৰ প্ৰায় ডেৰ শতাধিক লোক একত্ৰিত হয়। দিনটোৰ আৰম্ভণি হয় জলপান আপ্যায়নেৰে, দৈ চিৰা, নাৰিকল পিঠা, ঘিলা পিঠা, ভাপত দিয়া পিঠা, লাৰু ইত্যাদিৰ অতিথিসকলে সোৱাদ লয়। সাংস্কৃতিক অনুষ্ঠানৰ পাতনি মেলে এটা গাম্ভীৰ্য্যপূৰ্ণ সত্রীয়া নৃত্যৰে, পৰবৰ্ত্তী অনুষ্ঠান সমূহত কণমানি সকলৰ বিহুনৃত্য, বেলে, ভাৰতীয় শাস্ত্ৰীয় সংগীত, ভাৰত নাট্যম, বিহুনৃত্য, তিৱানৃত্য, বড়োনৃত্য আদিকে ধৰি অসমৰ পাঁচটা থলুৱা নৃত্য, অসমৰ চহকী পাট মুগা কাপোৰ প্ৰদৰ্শিত কৰি ফেচন শ্ব’, আধুনিক নৃত্য আদি পৰিৱেশন কৰে। মধ্যাহ্ন ভোজনত আটাইয়ে অসমীয়া থলুৱা খাদ্য যেনে হাঁহ কোমোৰা, জলফাই আচাৰ, দাইল বতা ইত্যাদিৰ জুতি লয়। পৰবৰ্ত্তী কাৰ্যসূচীত জুবিন, পাপন, এ আৰ ৰহমান আদিৰ জনপ্ৰিয় সু্ৰীয়া গীতৰ শৰাই আগবঢ়াই প্ৰবাসী অসমীয়া শিল্পীসকলে গঢ়ি তোলা লুইত টু লিফি নামৰ বেণ্ডটোৱে।  বিহুৰ লগত সংগতি ৰাখি পতা কণী যুঁজত অসমীয়া অনা-অসমীয়া আটায়ে উপভোগ কৰে। আয়াৰলেণ্ডৰ অসমীয়াসকলে লগলাগি গঠন কৰা “লিফিপৰীয়া হুঁচৰি দল”ৰ ফালৰ পৰা ঢোল, তাল, সুতুলি, গগনা, টকা বজাই হাতত জাপি লৈ অসমীয়াৰ চেনেহৰ বিহু হুঁচৰি বিশ্বৰ বিভিন্ন  প্ৰান্তৰ লোকৰ আগত পৰিবেশন কৰে। অনুষ্ঠানটিৰ সামৰণি মাৰে প্ৰয়াত ড° ভূপেন হাজৰিকাদেৱ,বিজয় ভূঞাৰ জনপ্ৰিয় গীত পৰিৱেশনেৰে। অসমৰ পৰা হাজাৰ হাজাৰ মাইল দূৰৈত আয়াৰলেণ্ডত অসমীয়া সংস্কৃতিক এইদৰে উদযাপন কৰাৰ প্ৰচেষ্টা সচাকৈয়ে প্ৰশংসনীয়।

প্ৰেৰক হীৰকজ্যোতি ডেকা

You might also like