নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমৃতপল সিঙক গ্ৰেপ্তাৰঃ কঠোৰ নিৰাপত্তাৰ মাজেৰে ডিব্ৰুগড় কাৰাগাৰলৈ অমৃতপল সিঙক!

  • পাঞ্জাৱ আৰক্ষীৰ মুৰৰ কামোৰণি অমৃতপল সিঙক গ্ৰেপ্তাৰ!
  • ১০ গৰাকীলৈ বৃদ্ধি ৱাৰিছ পঞ্জাৱ দেৰ সদস্য!
  • ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৬৯ টা চিচি কেমেৰা সংযোজন!

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: পাঞ্জাৱ আৰক্ষীৰ মুৰৰ কামোৰণিৰ স্বৃষ্টি কৰা ৱাৰিছ পঞ্জাৱ ডিৰ মুৰব্বী তথা খালিস্তানৰ উগ্ৰ সমৰ্থক অমৃতপল সিঙক আজি কাহলি পুৱাতে পাঞ্জাৱৰ মোগাত গ্ৰেপ্তাৰ হোৱাৰ পিছতে তাৎক্ষণিকভাবে বিমানেৰে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয়।পঞ্জাৱ আৰক্ষীৰ এটা বিশেষ কামাণ্ডো দলৰ সৈতে ৰাজ্যখনৰ বাথিণ্ডা বিমানবন্দৰৰ পৰা এখন বিশেষ চাৰ্টাৰ্ড বিমানৰ সহায়ত আজি পুৱা ৮.২৫ বজাত উৰা মাৰি দুপৰীয়া ২.২০ বজাত ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত উপস্থিত হয়।ডিব্ৰুগড় বিমানবন্দৰত উক্ত দলটোক ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই আদৰণি জনাই বিয়লি প্ৰায় ৩.০৮ বজাত অতি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ১১ খন গাড়ীৰ এক বৃহৎ কনভয়ৰ মাজত ৱাৰিছ পঞ্জাৱ দে মুৰব্বী অমৃতপল সিঙক ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয়। ইয়াৰ পূৰ্বে অমৃতপল সিং ডিব্ৰুগড় কাৰাগাৰত উপস্থিত হোৱাৰ পূৰ্বেই পুৱা ১১.৫০ বজাত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক (এছ পি) শ্বেতাংগ মিশ্ৰ আৰু ডিব্ৰুগড় আৰক্ষীৰ অন্যান্য শীৰ্ষ দলে কাৰাগাৰ চৌহদত উপস্থিত হৈ নিৰাপত্তা ব্যৱস্থাৰ সামগ্ৰিক দিশটো পুনৰবাৰ বুজ লয়।তাৰ অলপ পিছতে দুপৰীয়া প্ৰায় ১২.১০ বজাত ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগু ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ তেওঁ কাৰাগাৰ চৌহদৰ ভিতৰত স্থাপন কৰা নিৰাপত্তাৰ দিশৰ লগতে মেটেল ডিটেক্টৰ আৰু অতিৰিক্ত চিচি কেমেৰা স্থাপন সন্দৰ্ভত আৰক্ষী আৰু জেলৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনা কৰে আৰু ৱাৰিছ পঞ্জাৱ ডিৰ মুৰব্বীক লৈ অহা পঞ্জাৱ আৰক্ষীৰ দলটোক আদৰিবলৈ দুপৰীয়া প্ৰায় ১২.৩০ বজাত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক মোহনবাৰী বিমানবন্দৰলৈ ৰাওনা হয়।উল্লেখ্য যে যোৱা ১৮ মাৰ্চৰ পৰা পলাতক অমৃতপল সিঙক আজি পুৱা পঞ্জাৱৰ মোগাৰ পৰা এছ এছ পি সতীন্দৰ সিঙৰ (অমৃতসৰ গ্ৰাম্য) নেতৃত্বত যোৱা এটা দলে গ্ৰেপ্তাৰ কৰে।পঞ্জাৱ আৰক্ষীয়ে খালিস্তানী সমৰ্থক নেতাগৰাকীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত গোচৰ ৰুজু কৰিছিল।

ইতিমধ্যে অমৃতপল সিঙৰ ৯ জন সহায়কক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত ভৰ্তি কৰা হৈছে।তেওঁলোক হৈছে ক্ৰমে দলজীত সিং কালসী, পাপলপ্ৰীত সিং, কুলৱন্ত সিং ধলিৱাল, বৰিন্দৰ সিং জোহাল, গুৰমীত সিং বুক্কানৱালা, হৰজিৎ সিং (অমৃতপাল সিঙৰ ককাক), ভগৱন্ত সিং ওৰফে প্ৰধান মন্ত্ৰী বাজেকে, বসন্ত সিং আৰু গুৰিন্দৰ সিং আউজলা।

বিগত এমাহত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰখন সৰ্বোচ্চ উচ্চ নিৰাপত্তাসম্পন্ন কাৰাগাৰলৈ ৰূপান্তৰিত কৰা হৈছে। য’ত অসম আৰক্ষীৰ কমাণ্ডো, চি আৰ পি এফ জোৱানৰ উপৰিও নিয়মীয়া কাৰাগাৰৰ চকীদাৰে তিনি তৰপীয়া নিৰাপত্তাৰে ২৪ ঘণ্টাই কাৰাগাৰত পহৰা দি আছে।ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰখনত পূৰ্বৰ ৫৭ টা চিচি টিভিৰ লগতে আজি পুনৰ অতিৰিক্ত ১২ টা উচ্চ ক্ষমতাসম্পন্ন চিচি টিভিসহ মনিটৰ স্থাপন কৰা হয়।জেলৰ সূত্ৰই জনোৱা মতে, ৱাৰিছ পঞ্জাৱ দেৰ সদস্যসকলক জেলৰ ভিতৰত আন কয়দীৰ পৰা ১৩ নং চেলত পৃথক কৰি ৰখা হৈছে।আনহাতেদি বৃটিছৰ দিনতে নিৰ্মান কৰা( ১৮৫৯-১৮৬০ চন)  ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ পুৰণি কাৰাগাৰ।

  • কেনেকৈ আৰু কিদৰে গ্ৰেপ্তাৰ হ’ল অমৃতপল সিং?
  • গ্ৰেপ্তাৰ নে আত্মসমৰ্পণ ?
  • পঞ্জাৱ আৰক্ষীৰ মহাপৰিদৰ্শক সুখচেইন সিং গিলৰ মন্তব্য কি? 

যোৱা ১৮ মাৰ্চৰ পৰা পলাতক অমৃতপল সিঙক আজি পুৱা পঞ্জাৱৰ মোগাৰ পৰা এছ এছ পি সতীন্দৰ সিঙৰ নেতৃত্বত যোৱা এটা দলে গ্ৰেপ্তাৰ কৰে।পঞ্জাৱ আৰক্ষীয়ে পুৱা ৬.৪৫ বজাত অমৃতপল সিঙক নিজৰ জিম্মাত লয়।কাৰণ সেই সময়ত তেওঁ পৰম্পৰাগত সাজ-পোছাক পিন্ধি ওলাই আহিছিল।গ্ৰেপ্তাৰ হোৱাৰ কিছু সময়ৰ পিছতে অনলাইনত এটা ভিডিঅ’ প্ৰকাশ পায় য’ত অমৃতপলে চমু ভাষণ দিয়া দেখা গৈছে।যিয়ে তেওঁ আত্মসমৰ্পণ কৰাৰ ইংগিত বহন কৰিছে।আকৌ আন এটা ক্লিপত দেখা গৈছে যে ১৯৮৪ চনত অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ ভিতৰত উগ্ৰপন্থীক উলিয়াই আনিবলৈ সেনাবাহিনীৰ বিতৰ্কিত অভিযানত মৃত্যু হোৱা ভীন্দ্ৰনৱালেৰ প্ৰতিকৃতিৰ সন্মুখত বহি আছে।পঞ্জাৱ আৰক্ষীৰ মহাপৰিদৰ্শক সুখচেইন সিং গিলে প্ৰচাৰকজনে কৰা দাবীক প্ৰতিহত কৰি কয় যে এয়া এক ‘আত্মসমৰ্পণ’!অমৃতসৰ আৰক্ষী আৰু পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা শাখাই যৌথ অভিযান চলাইছিল।পঞ্জাৱ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তেওঁ অৱস্থান কৰা গাঁওখন চাৰিওফালৰ পৰা ঘেৰি ৰখা হৈছিল”।তেওঁ সংবাদ মাধ্যমক আৰু কয় যে গুৰদ্বাৰাত আৰক্ষী প্ৰৱেশ কৰা নাছিল। গুৰদ্বাৰাৰ পবিত্ৰতা বজাই ৰখাটো অতি প্ৰয়োজনীয় আছিল আৰু আৰক্ষীয়ে যিহেতু ইউনিফৰ্ম পৰিধান কৰি আছিল সেয়ে আৰক্ষী ভিতৰলৈ সোমাব পৰা নাছিল।আৰক্ষী মহাপৰিদৰ্শক গিলে কয় যে অমৃতপল সিঙলৈ এটা বাৰ্তা প্ৰেৰণ কৰি কোৱা হৈছিল যে তেওঁৰ পলায়নৰ কোনো সম্ভাৱনা নাই।অমৃতপল সিঙৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন ৱাৰেণ্ট জাৰি কৰা হৈছিল আৰু এইবোৰ আজি পুৱা কাৰ্যকৰী কৰা হৈছে। ইয়াৰ উপৰিও আইনে নিজস্বভাবে কাম কৰি যাব বুলিও গিলে উল্লেখ কৰে।আনহাতে অমৃতপলক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে যোৱা ২০ এপ্ৰিলত অমৃতপল সিঙৰ ব্ৰিটেইন মূলৰ পত্নী কিৰণদ্বীপ কৌৰক অমৃতসৰ বিমানবন্দৰত ৰখাই দিয়া হৈছিল আৰু ইমিগ্ৰেচন বিষয়াসকলে বাৰ্মিংহামলৈ যোৱা বিমানত উঠিবলৈ অনুমতি দিয়া নাছিল।কৌৰক কেইঘণ্টামান সোধা-পোছা কৰি অমৃতসৰৰ জল্লুপুৰ খেৰাত থকা ঘৰলৈ ঘূৰাই পঠিওৱা হয়।কৌৰৰ বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে ব্ৰিটেইনলৈ গৈছিল।

 ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like