নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও শিক্ষা খণ্ডৰ বিদ্যালয়ৰ পয়ালগা ছবিঃ গছৰ তলতে পাঠদান ছাত্র-ছাত্রীক

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষা বিভাগক অধিক উন্নতিকৰণ কৰাৰ শ্লোগান আওৰাই থকাৰ সময়তে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ ছয়গাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত কৃষ্ণপুৰ প্ৰাথমিক বিদ্যালয়ৰ ছবিখনে প্ৰমাণ কৰে ইয়াৰ সত্যতা। প্ৰাপ্ত তথ্য অনুসৰি এবছৰ ধৰি বিদ্যালয় খনৰ কন কন ছাত্র ছাত্রীক গছৰ তলত দি আহিছে পাঠদান। অতিকৈ ভিতৰুৱা তথা অসম মেঘালয় সিমান্তবৰ্তী জনজাতীয় গাওঁ কৃষ্ণপুৰ। উল্লেখ যে ; এবছৰ মান আগতে ধুমুহাই উৰুৱাই নিছিল বিদ্যালয়ৰ ঘৰৰ মুধচৰ লগতে টিনপাত সমুহ। এই ঘটনাৰ সবিশেষ ছয়গাঁও শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ; বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছে যদিও আজি পৰ্যন্ত কোনো বিধি ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ উপৰিও ছাত্ৰ-ছাত্ৰীয়ে বহু বাৰ আবেদন নিবেদন জনাইছে যদিও কোন কাণষাৰ দিয়া নাই বিভাগীয় কৰ্তৃপক্ষ তথা সমষ্টিৰ বিধায়কে। ইফালে অৱশেষত মুখ্যমন্ত্রী লৈ আহ্বান জনাইছে অতি সোনকালে স্কুল খন মেৰামতি কৰি একেবাৰেই ভিতৰুৱা অঞ্চলৰ সৰু সৰু ছাত্র-ছাত্রীৰ ভৱিষ্যত সুনিশ্চিত কৰে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like