নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত অন্যযুগ আলোচনীৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: মাহেকীয়া আলোচনী ‘অন্যযুগ’ৰ উদ্যোগত আৰু জগন্নাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত ২৩ এপ্ৰিলত ‘অন্যযুগ বক্তৃতা ২০২৩’ আৰু ‘অন্যযুগ সাহিত্য সন্মান’ প্ৰদান অনুষ্ঠানটো অনুষ্ঠিত হৈ যায়৷ এইউপলক্ষে ‘আজিৰ তাৰিখত অসমত শিল্পচৰ্চা’ শীৰ্ষক ‘অন্যযুগ বক্তিতা প্ৰদান কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক সপোনজ্যোতি ঠাকুৰে৷ তেখেতে বৰ্তমান সময়ত শিল্পীসকলে নিজৰ সন্তুষ্টিৰ বাবে শিল্পচৰ্চা কৰাৰ পৰিবৰ্তে জনপ্ৰিয়তাৰ বাবে মানুহে পচন্দ কৰা ধৰণেহে শিল্প চৰ্চা কৰে বুলি তেখেতৰ বক্তৃতাত মত প্ৰকাশ কৰে৷ সেই একেই অনুষ্ঠানতে ‘অন্যযুগ সাহিত্য সন্মান-২০২২’ বঁটা প্ৰদান কৰা হয়।

‘অন্যযুগ সাহিত্য সন্মান -২০২২’ প্ৰদান কৰা হয় বিশিষ্ট কবি, বিজ্ঞান লেখক, অনুবাদক, প্ৰাবন্ধিক ড০ বিপুলজ্যোতি শইকীয়াক৷ ‘অন্যযুগ’ৰ হৈ এই সন্মান প্ৰদান কৰে বিশিষ্ট শিশুসাহিত্যিক, বিজ্ঞান লেখক ‘মৌচাক’ আৰু ‘নতুন আবিষ্কাৰ’ৰ সম্পাদক শান্তনু তামূলীয়ে৷ ভাষণ প্ৰসংগত শ্ৰী শইকীয়াই পোনপটীয়া, সহজবোধ্য কবিতাতকৈ, যিবিলাক কবিতাই তেখেতক এবাৰ পঢ়াৰ পাছতো পুনৰবাৰ পঢ়িবলৈ মনৰ মাজত তাড়ণা অনুভৱ কৰায়, তেনে কবিতাৰ প্ৰতিহে বেছি আগ্ৰহী বুলি কয়৷ লগতে ‘অন্যযুগে’ তেখেতক এই সন্মান প্ৰদান কৰাৰ বাবে তেখেতে উদ্যোক্তাসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ ‘অন্যযুগ’ৰ সম্পাদক মৃদুল শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে কাৰ্যবাহী সম্পাদক ৰঞ্জুমণি মহন্তই৷ ‘অন্যযুগ সাহিত্য সন্মান -২০২২’-অনুষ্ঠানটিৰ আঁত ধৰে ড০ জ্যোতিৰেখা হাজৰিকাই৷ সভাত যোৰহাটৰ বহুতো গণ্য-মান্য ব্যক্তিৰ লগতে অন্যযুগৰ কাৰ্যবাহী সম্পাদক ৰঞ্জুমনী মহন্ত, ব্যৱস্থাপক অচিন্ত কুমাৰ মহন্ত, সম্পাদক মৃদুল শৰ্মা,পঙ্কজ কলিতা প্ৰমূখ্যে লোকসকল উপস্থিত থাকে৷

নবজ্যোতি তামুলী,চিনামৰা

You might also like