ৰাজ্যত পুনৰ ম’ৰেল পুলিচিঙৰ ঘটনাঃ বৰপেটাৰোডৰ ধাবাত অনৈতিক কাৰ্যত জড়িতৰ অভিযোগত দুই যুৱতীক অকথ্য নিৰ্যাতন
- বাঁহেৰে মৰিয়াই, লঠিয়াই-গুৰিয়াই, চৰ-ঘোচাৰে ম’ৰেল পুলিচগিৰি একাংশ যুৱকৰ
- যুৱতীক নিৰ্যাতন সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিলে বৰপেটাৰোড আৰক্ষীয়ে
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: ৰাজ্যত পুনৰ ম’ৰেল পুলিচিঙৰৰ ঘটনা সংঘটিত হৈছে ৷ এইবাৰ ঘটনাৰ স্থান বৰপেটাৰোড ৷ বৰপেটাৰোডৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নৈৰ দলঙৰ সমীপৰ সাতভনীৰ টিপক দেওবাৰে সংঘটিত হয় এই ম’ৰেল পুলিচিঙ’ৰ ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি,বৰপেটাৰোড থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নৈৰ দলঙৰ সমীপৰ এখন নামবিহীন ধাবাত দীৰ্ঘদিন ধৰি অনৈতিক কাৰ্য চলি থকা বুলি অভিযোগ উত্থাপন হৈ আহিছিল ৷ কালি বিয়লি এই ধাবাখনত অতৰ্কিতে স্থানীয় যুৱকৰ দল এটা উপস্থিত হৈ ইয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ৷ ক্ষুব্ধ যুৱকৰ দলটোৱে ধাবাখনত প্ৰৱেশ কৰি ভিতৰত থকা দুগৰাকী যুৱতীক বাহিৰলৈ ওলাই আনি অকথ্য নিৰ্যাতন চলোৱাৰ লগতে ধাবাখন ভাঙি চিঙি লণ্ড ভণ্ড কৰে ৷ কেৱল ইমানেই নহয়, উত্তেজিত একাংশ যুৱকে দেহ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহ কৰি যুৱতীদুগৰাকীক বাঁহেৰে মৰিয়াই, লঠিয়াই-গুৰিয়াই, চৰ-ঘোচাৰে অকথ্য নিৰ্যাতন চলায় ৷ যুৱক কেইগৰাকীৰ এনে অমানৱীয় আচৰণ প্ৰত্যক্ষ কৰি স্থানীয় একাংশ লোকে বাধা প্ৰদান কৰে যদিও যুৱক কেইজনে এক দানৱীয় ৰূপ লৈ পুনৰ যুৱতী দুগৰাকীক অকথ্য নিৰ্যাতন চলাই থাকে ৷ অৱশ্যে পিচত কেইজনমান যুৱকৰ তৎপৰতাত কোনোমতে ৰক্ষা পৰে যুৱতী দুগৰাকী ৷ পিচত অকথ্য নিৰ্যাতনৰ বলি হোৱা যুৱতীদুগৰাকীক বৰপেটাৰোড আৰক্ষীক চমজাই দিয়া হয় ৷ যুৱতী দুগৰাকীৰ এগৰাকীৰ ঘৰ ৰঙিয়াত আৰু এগৰাকীৰ ঘৰ পাঠশালাত বুলি জানিব পৰা গৈছে ৷
আনহাতে, ধাবাখনত থকা এজন গ্ৰাহককো মাৰপিট কৰে যুৱক কেইজনে ৷ বৰপেটাৰোড থানাৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ দূৰৈত সংঘটিত এই ঘটনাই সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল, যদি সঁচাকৈ যুৱতী দুগৰাকী অনৈতিক কাৰ্যত জ়ড়িত আছিল,তেতিয়া যুৱক কেইজনে ধৰি আৰক্ষীক চমজাই দিয়াৰ প্ৰয়োজন আছিল যদিও,সেয়া নকৰি যুৱক কেইজনে নিজে ম’ৰেল পুলিচৰ ভূমিকা লৈ যুৱতী দুগৰাকীক অকথ্য নিৰ্যাতন চলোৱা ঘটনাই বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত বৰপেটাৰোড আৰক্ষীয়ে এটা নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে ৷ আইন হাতত তুলি লোৱা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হব লক্ষণীয় ৷